IPL Winners : ২০০৮ চনৰ পৰা এতিয়ালৈকে কোনটো ছিজনত কোনটো দল হৈছে চেম্পিয়ন...

IPL Winners : ২০০৮ চনৰ পৰা এতিয়ালৈকে কোনটো ছিজনত কোনটো দল হৈছে চেম্পিয়ন…

IPL Winners : কোনটো দল কেতিয়া হৈছিল চেম্পিয়ন চলিত আই পি এলত এটা নতুন দলে চেম্পিয়ন ( IPL Winners) হিচাবে খিতাপ দখল কৰিব । কিয়নো ২০০৮ চনৰ পৰা খেলি অহা পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে এতিয়ালৈকে আই পি এলৰ কোনো খিতাপ ( IPL Winners)

IPL Winners : কোনটো দল কেতিয়া হৈছিল চেম্পিয়ন

চলিত আই পি এলত এটা নতুন দলে চেম্পিয়ন ( IPL Winners) হিচাবে খিতাপ দখল কৰিব । কিয়নো ২০০৮ চনৰ পৰা খেলি অহা পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে এতিয়ালৈকে আই পি এলৰ কোনো খিতাপ ( IPL Winners) জয় কৰিব পৰা নাই । ইতিমধ্যে দুয়োটা দল আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । দুয়োটা দলে ৩ জুন, মঙলবাৰে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ফাইনেল খেলিব । ইয়াৰ পূৰ্বে জানক ২০০৮ চনৰ পৰা এতিয়ালৈকে প্ৰতিটো ছিজনতে কোনটো দল চেম্পিয়ন (IPL Winners) হৈছে আৰু কোনটো দল ৰানাৰ্ছ আপ হৈছে-

মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ যৌথভাৱে আই পি এলত সৰ্বাধিক ট্ৰফী লাভ কৰা দল । দুয়োটা দলে ৫বাৰকৈ ট্ৰফী লাভ কৰিছে । কিন্তু আই পি এল ২০২৫ৰ ফাইনেলত স্থান লাভ কৰা নাই শক্তিশালী এই দুটা দলে । পইণ্ট টেবুলৰ একেবাৰে তলত চেন্নাই ছুপাৰ কিংছ আছিল আৰু প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছিল । আনহাতে মুম্বাই ইণ্ডিয়ানছে চতুৰ্থ স্থান দখল কৰি এলিমিনেটৰত গুজৰাট টাইটানছক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে । অৱশ্যে কোৱালিফায়াৰ-২ত পঞ্জাব কিংছৰ হাতত পৰাস্ত হয় দলটো ।

IPL Winners-

আই পি এল ২০০৮ বিজয়ী : ৰাজস্থান ৰয়েলছ

আই পি এল ২০০৯ বিজয়ী : ডেক্কানন চাৰ্জাৰছ

আই পি এল ২০১০ বিজয়ী : চেন্নাই ছুপাৰ কিংছ

আই পি এল ২০১১ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ

আই পি এল ২০১২ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ২০১৩ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ

আই পি এল ২০১৪ৰ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ২০১৫ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ

আই পি এল ২০১৬ৰ বিজয়ী : ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এল ২০১৭ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ

আই পি এল ২০১৮ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ

আই পি এল ২০১৯ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ

আই পি এল ২০২০ৰ বিজয়ী : মুম্বাই ইণ্ডিয়ানছ

আই পি এল ২০২১ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ

আই পি এল ২০২২ৰ বিজয়ী : গুজৰাট টাইটানছ

আই পি এল ২০২৩ৰ বিজয়ী : চেন্নাই ছুপাৰ কিংছ

আই পি এল ২০২৪ৰ বিজয়ী : কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এলৰ প্ৰতিটো ছিজনৰ ৰানাৰ্ছ আপ-

২০০৮ : চেন্নাই ছুপাৰ কিংছ

২০০৯ : ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২০১০ : মুম্বাই ইণ্ডিয়ানছ

২০১১ : ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২০১২ : চেন্নাই ছুপাৰ কিংছ

২০১৩ : চেন্নাই ছুপাৰ কিংছ

২০১৪ : পঞ্জাৱ কিংছ

২০১৫: চেন্নাই ছুপাৰ কিংছ

২০১৬: ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু

২০১৭: ৰাইজিং পুনে ছুপাৰজায়েণ্টছ

২০১৮: ছানৰাইজাৰ্ছ হায়দৰাবাদ

২০১৯: চেন্নাই ছুপাৰ কিংছ

২০২০: দিল্লী কেপিটেলছ

২০২১: কলকাতা নাইট ৰাইডাৰ্ছ

২০২২: ৰাজস্থান ৰয়েলছ

২০২৩: গুজৰাট টাইটানছ

২০২৪: ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলত সৰ্বাধিক প্লেয়াৰ অব্ দ্য টুৰ্নামেন্ট-

আই পি এলত সৰ্বাধিক প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা লাভ কৰাৰ অভিলেখ সুনীল নাৰিনৰ হাতত আছে । তেওঁ মুঠ ৩ বাৰ (২০১২, ২০১৮ আৰু ২০১৪) এই বঁটা লাভ কৰিছে ।

সৰ্বাধিক আই পি এলৰ ফাইনেল খেলা দল-

চেন্নাই ছুপাৰ কিংছ হৈছে আই পি এলৰ সৰ্বাধিক ফাইনেল খেলা দল । দলটোৱে মুঠ ১০ খন ফাইনেল খেলিছে, ইয়াৰে ৫ খন ফাইনেলত জয়লাভ কৰি একে সংখ্যক ফাইনেলত পৰাস্ত হৈছে । মুম্বাই ইণ্ডিয়ানছ ৬ বাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে, ইয়াৰে মাত্ৰ ১ বাৰহে পৰাস্ত হৈছে ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু কিমানবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে ?

আই পি এল ২০২৫ৰ পূৰ্বে আৰ চি বিয়ে মুঠ ৩ বাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে, কিন্তু কেতিয়াও ট্ৰফী লাভ কৰিব পৰা নাই । ২০০৯, ২০১১ আৰু ২০১৬ চনত আৰ চি বিয়ে ফাইনেলত প্ৰৱেশ কৰিছিল ।

পাঞ্জাৱে কিমানবাৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে ?

আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাবে আই পি এলৰ ফাইনেলত মাত্ৰ এবাৰহে প্ৰৱেশ কৰিছিল, ২০১৪ চনত আৰু ফাইনেলত কে কে আৰৰ হাতত পৰাস্ত হৈছিল । তাৰ পিছত এইবাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব ।

এইবাৰ এই প্ৰতিযোগিতাখনত কোনটো দলে খিতাপ ( IPL Winners) দখল কৰিব তাক লৈ অনুৰাগীৰ মনত উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক : এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন; আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

শেহতীয়া প্ৰৱন্ধসমূহ