এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা; ক’লে দুৰ্ঘটনাৰ কাৰণ !

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা টাটা চনছ আৰু এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে আহমেদাবাদ বিমান দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ ওচৰত ক্ষমা বিচাৰিছে । এই শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰায় ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল । এটা নিউজ চেনেলক দিয়া এক সাক্ষাৎকাৰত এন চন্দ্ৰশেখৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিটো

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা

টাটা চনছ আৰু এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে আহমেদাবাদ বিমান দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ ওচৰত ক্ষমা বিচাৰিছে । এই শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰায় ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল ।

এটা নিউজ চেনেলক দিয়া এক সাক্ষাৎকাৰত এন চন্দ্ৰশেখৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিটো দিশৰ বিষয়ে কয় । তেওঁ কয় যে যিসকলে পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকৰ যন্ত্ৰণা মই বুজিবও নোৱাৰো । তেওঁ কয় যে আমি প্ৰতিটো পৰিস্থিতিত মৃত আৰু আহতসকলৰ পৰিয়ালৰ সৈতে আছো ।

‘মোৰ শব্দ নাই’

বিমান দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰশেখৰণে কয় যে এইটো এটা অতি কঠিন সময় । মৃতকৰ পৰিয়ালক সান্ত্বনা দিবলৈ মোৰ কোনো শব্দ নাই । তেওঁ কয় যে টাটাৰ দ্বাৰা পৰিচালিত এয়াৰলাইনছত এই বিমান দুৰ্ঘটনা সংঘটিত হোৱাত মই অতি দুখী । মৃতকৰ পৰিয়ালৰ প্ৰতি তেওঁ কয় যে এই সময়ত আমি কৰিব পৰা কামটো হ’ল পৰিয়ালৰ সৈতে থকা, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা । তেওঁ কয় যে এই সময়ত আৰু তাৰ পিছতো আমি তেওঁলোকক সহায় কৰিবলৈ সকলো চেষ্টা কৰিম ।

বিমান দুৰ্ঘটনাৰ কাৰণ ক’লে অধ্যক্ষই-

যেতিয়া চন্দ্ৰশেখৰণক সোধা হৈছিল যে এই বিমান দুৰ্ঘটনাৰ কোনো কাৰণ জানিব পৰা গৈছে নেকি ? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বিষয়ত তেওঁ এতিয়াই কোনো মন্তব্য দিব নোৱাৰে । তদন্ত সম্পূৰ্ণ হোৱালৈকে আমি অপেক্ষা কৰিব লাগিব । তেওঁ কয় যে এই বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই । ইয়াৰ বাবে চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতিও গঠন কৰিছে যাতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কাৰণসমূহ অতি সোনকালে জানিব পৰা যায় । ইয়াৰ উপৰিও চন্দ্ৰশেখৰণে কয় যে এই দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন আহিবলৈ এমাহ সময় লাগিব পাৰে ।

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰশেখৰণে দাবী কৰে যে দুৰ্ঘটনাগ্ৰস্ত বিমান AI171ৰ ইতিহাস পৰিষ্কাৰ । এই বিমান সন্দৰ্ভত এতিয়ালৈকে কোনো দুৰ্ঘটনাৰ খবৰ পোৱা নাই । তেওঁ কয় যে এই বিমানখনৰ সোঁ ইঞ্জিনটো একেবাৰে নতুন, যিটো ২০২৫ চনৰ মাৰ্চ মাহত স্থাপন কৰা হৈছিল । বাওঁ ইঞ্জিনটোৰ শেষবাৰৰ বাবে ২০২৩ চনত চাৰ্ভিচ কৰা হৈছিল । তেওঁ কয় যে ইয়াৰ পৰৱৰ্তী মেইণ্টেনেন্স চেক ২০২৫ চনৰ ডিচেম্বৰ মাহত হোৱাৰ কথা আছিল । কিন্তু তাৰ পূৰ্বেই এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

তেওঁ কয় যে দুয়োজন পাইলট অতি অভিজ্ঞ । কেপ্তেইন সভাৰৱালে ১১,৫০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল । প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰৰ ৩৪০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল । তেওঁ কয় যে তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা যিখিনি শুনিছো সেয়া হ’ল তেওঁলোক উৎকৃষ্ট পাইলট আছিল । গতিকে এই দুৰ্ঘটনাক লৈ আমি খৰখেদা কৰিব নোৱাৰো আৰু বৰ্তমানেও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰো । তেওঁ কয় যে সকলো বিশেষজ্ঞই মোক কৈছে যে বিমানখনত পোৱা ব্লেক বক্স আৰু ৰেকৰ্ডাৰটোৱে নিশ্চিতভাৱে এই দুৰ্ঘটনাৰ কাহিনী ক’ব ।

কাৰণ দৰ্শৱোৰা জাননী সন্দৰ্ভত কটলে চন্দ্ৰশেক্ৰনে-

শেহতীয়াকৈ ডি জি চি এয়ে এয়াৰ ইণ্ডিয়াক জাৰি কৰা কাৰণ দেখুৱাৰ জাননী বা কাৰ্যকৰী বিষয়ত বিমান সংস্থাটোৰ ওপৰত আৰোপ কৰা জৰিমনা সম্পৰ্কে চন্দ্ৰশেখৰণক সোধাত তেওঁ কয় যে এইবোৰ এ আই ১৭১ বিমানৰ সৈতে জড়িত নহয় । তেওঁ কয় যে এইবোৰ সুৰক্ষাৰ বিষয়তকৈ পৃথক । কাৰণ যদি কোনো নিৰাপত্তাৰ সমস্যা হ’লহেঁতেন তেন্তে ডি জি চি এয়ে কোনো কাৰণতে আমাক উৰাজাহাজ চলাবলৈ নিদিলেহেঁতেন ।

লগতে পঢ়ক : লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি

শেহতীয়া প্ৰৱন্ধসমূহ