“স্কুটী আৰু চাইকেলৰ নামত ল’ব নোৱাৰিব ধন, এটা অভিযোগত যাব লাগিব জে’ললৈ ”; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নৱম শ্ৰেণীৰ ছাত্ৰা-ছাত্ৰী সকলক লৈ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। বাণীকান্ত কাকতি বঁটা হিচাপে অসম চৰকাৰৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক স্কুটী আৰু চাইকেল বিতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে, ‘ স্কুটী আৰু চাইকেলৰ নামত কোনো

নৱম শ্ৰেণীৰ ছাত্ৰা-ছাত্ৰী সকলক লৈ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে।    বাণীকান্ত কাকতি বঁটা হিচাপে অসম চৰকাৰৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক স্কুটী আৰু চাইকেল বিতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে।

তেওঁ কৈছে যে, ‘ স্কুটী আৰু চাইকেলৰ নামত কোনো মধ্যভোগীয়ে এটকাও ল’ব নোৱাৰিব। যদি স্কুটী বা চাইকেলৰ বাবদ দালালি কৰে তেনেহলে যাব লাগিব জে’ললৈ’।

অভিযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে নিজৰ ফেচবুক একাউন্ট।  ফেচবুকত এটা মাত্ৰ অভিযোগ দিলেই ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ লগতে তেওঁ কয় যে ‘স্কুটীৰ সৈতে বিনামূলীয়াকৈ হেলমেটো দিয়া হ’ব’। এই বছৰত ৪৮ হাজাৰ ৬৭৩ গৰাকী শিক্ষাৰ্থীক স্কুটী দিয়াৰ লগতে ৩ লাখ ২৩ হাজাৰ ৬৪৪ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দিয়া হৈছে চাইকেল।  

শেহতীয়া প্ৰৱন্ধসমূহ