‘দেশৰ পৰা ওলাই যাওক নহ’লে…’ ; আমেৰিকাত বাস কৰা বিদেশী নাগৰিকৰ বাবে ট্ৰাম্পৰ নতুন নিয়ম প্ৰণয়ন

ট্ৰাম্প চৰকাৰে আমেৰিকাত বিদেশী নাগৰিকৰ বাবে এক নতুন নিয়ম ৰূপায়ণ কৰিছে।নতুন নিয়ম অনুসৰি আমেৰিকাত ৩০ দিনতকৈ অধিক সময় থকা বিদেশী নাগৰিকে নিজকে পঞ্জীয়ন কৰিব লাগিব। যদি তেওঁলোকে তেনে কৰাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকক জৰিমনা বিহা হ’ব পাৰে বা আনকি কাৰাগাৰলৈ যাব লগাও হ’ব পাৰে। ইয়াৰ

ট্ৰাম্প চৰকাৰে আমেৰিকাত বিদেশী নাগৰিকৰ বাবে এক নতুন নিয়ম ৰূপায়ণ কৰিছে।নতুন নিয়ম অনুসৰি আমেৰিকাত ৩০ দিনতকৈ অধিক সময় থকা বিদেশী নাগৰিকে নিজকে পঞ্জীয়ন কৰিব লাগিব।

যদি তেওঁলোকে তেনে কৰাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকক জৰিমনা বিহা হ’ব পাৰে বা আনকি কাৰাগাৰলৈ যাব লগাও হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকক দেশৰ পৰা বিতাড়নও কৰিব পাৰে।

গৃহ নিৰাপত্তা বিভাগে এক নতুন নিৰ্দেশ জাৰি কৰিছে, যিটো অনুসৰি ৩০ দিনতকৈ অধিক সময় আমেৰিকাত থকা বিদেশী নাগৰিক সকলে ফেডাৰেল চৰকাৰৰ অধীনত পঞ্জীয়ন কৰিব লাগিব।

তেনে নকৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব।ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা চৰকাৰে আমেৰিকাত অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

হোমলেণ্ড ছিকিউৰিটিৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্পষ্ট বাৰ্তা হ’ল যিয়েই আমেৰিকাত অবৈধভাৱে বাস কৰি আছে তেওঁলোকে হয়টো নিজাববীয়াকৈ দেশ এৰি যাব লাগিব অন্যথা নিজকে বিতাড়িত কৰিব লাগিব।

  হোমলেণ্ড ছিকিউৰিটিয়ে এক্সত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটি সচিব ক্ৰীষ্টি ন’মলৈ টেগ কৰি এটা পোষ্ট কৰিছে।

তেওঁ লিখিছে যে যদি আপুনি চূড়ান্ত আঁতৰোৱাৰ আদেশ পাইছে আৰু তাৰ পিছতো যদি আপুনি আমেৰিকা এৰি নাযায় তেন্তে প্ৰতিদিনে ৯৯৮ ডলাৰ জৰিমনা ভৰিব লাগিব।

আমেৰিকাৰ পৰা নিজকে বিতাড়িত নকৰিলে ১০০০ ডলাৰৰ পৰা ৫০০০ ডলাৰৰ ভিতৰত জৰিমনা বিহা হ’ব পাৰে, আনকি কাৰাদণ্ডও হ’ব পাৰে।

ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে প্ৰভাৱিত নকৰে যিসকলে এইচ-১বি বা ষ্টুডেণ্ট পাৰ্মিটৰ দৰে ভিছা লৈ আমেৰিকাত বাস কৰি আছে।ইয়াৰ উপৰিও এই নিয়ম আন বিদেশী নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ