কেথেলিক খ্ৰীষ্টান ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ দেহাৱসান; ৮৮ বছৰ বয়সত ভেটিকান চহৰত শেষ নিশ্বাস ত্যাগ

খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ দেহাৱসান।৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ধৰ্মগুৰু পোপ ফ্ৰান্সিছে। সোমবাৰে পুৱা পোপ ফ্ৰান্সিছৰ মৃত্যু হোৱা বুলি ভেটিকানৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফাৰেলে ঘোষণা কৰিছে।বহুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। তেওঁ আছিল ৰোমান কেথলিক গীৰ্জাৰ প্ৰথম লেটিন আমেৰিকান ধৰ্মগুৰু।তেওঁৰ দুয়োটা হাওঁফাওঁতে

খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ দেহাৱসান।৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ধৰ্মগুৰু পোপ ফ্ৰান্সিছে।

সোমবাৰে পুৱা পোপ ফ্ৰান্সিছৰ মৃত্যু হোৱা বুলি ভেটিকানৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফাৰেলে ঘোষণা কৰিছে।বহুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ।

তেওঁ আছিল ৰোমান কেথলিক গীৰ্জাৰ প্ৰথম লেটিন আমেৰিকান ধৰ্মগুৰু।তেওঁৰ দুয়োটা হাওঁফাওঁতে নিউমোনিয়া হৈছিল, যাৰ বাবে তেওঁৰ অৱস্থা সংকটজনক হৈয়েই আছিল।

ধৰ্মগুৰু পোপ ফ্ৰান্সিছ ৩৮ দিন চিকিৎসালয়ত আছিল আৰু শেহতীয়াকৈ চিকিৎসালয়ৰ পৰা তেওঁক ৰিলিজ দিয়া হৈছিল।

১৯৩৬ চনৰ ১৭ ডিচেম্বৰত বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰিছিল পোপ ফ্ৰান্সিছে।২০১৩ চনৰ ১৩ মাৰ্চত যেতিয়া ফ্ৰান্সিছ পোপ হৈছিল, তেতিয়া তেওঁ চেণ্ট পিটাৰ বেচিলিকাৰ বেলকনিৰ পৰা লোকসকলক সম্ভাষণ জনাইছিল।

আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’ নামৰ ফ্ৰান্সিছে কেথলিক গীৰ্জাক এক নতুন দিশ দিছিল।তেওঁ দুখীয়া, শৰণাৰ্থী আৰু প্ৰান্তীয় লোকৰ বাবে কাম কৰিছিল।

শেহতীয়া প্ৰৱন্ধসমূহ