ভেটিকানত পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া… বেচিলিকা ডি চান্টা মাৰিয়াত কৰা হ’ব সমাধিস্থ
এক আৱেগিক পৰিৱেশত সম্পন্ন হ’ল কেথলিক গীৰ্জাৰ সৰ্বোচ্চ ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া । শনিবাৰে ভেটিকান চহৰৰ ছেইণ্ট পিটাৰ স্কোৱাৰত পোপৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰায় ২ লাখ লোক, য’ত ৰাষ্ট্ৰপতি, ৰাজপৰিয়ালৰ সদস্য আৰু সাধাৰণ ভক্তই অংশগ্ৰহণ কৰে ।
ৰঙা কাপোৰ পৰিধান কৰা কাৰ্ডিনেলসকলে কফিনটো কঢ়িয়াই নিয়ে । যেতিয়া কফিনটো চেণ্ট পিটাৰ স্কোৱাৰলৈ নিয়া হয় লগে লগে উপস্থিত সকলোৱে জোৰেৰে হাতচাপৰিৰে পোপক শেষ শ্ৰদ্ধাঞ্জলি জনায় ।
পোপ ফ্ৰান্সিছে নিজেই ‘সাধাৰণ সমাধি’ৰ ইচ্ছা প্ৰকাশ কৰিছিল, গতিকে তেওঁক ভেটিকানৰ ভিতৰত নহয়, ৰোমৰ বাহিৰৰ বেচিলিকা ডি চান্টা মাৰিয়া মাজ’ৰত সমাধিস্থ কৰা হ’ব । ইয়াৰ পূৰ্বে পোপসকলক চেণ্ট পিটাৰ বেচিলিকাত সমাধিস্থ কৰা হৈছিল ।
ইতিমধ্যে বিগত তিনিদিনত ২.৫ লাখৰো অধিক ভক্তই পোপক চাবলৈ ভেটিকান ভ্ৰমণ কৰিছে আৰু শুকুৰবাৰে ৰাজহুৱা দৰ্শনৰ অন্ত পৰাৰ পূৰ্বে তেওঁক শেষবাৰ বাবে দেখা পাই সকলোৱে । ইয়াৰ পিছত পোপৰ কফিনটো আনুষ্ঠানিকভাৱে ছীল কৰা হয় ।
বিশ্ব নেতাসকলৰ উপস্থিতি-
পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে বিভিন্ন দেশৰ ৫৪জন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ ১২টা ৰাজপৰিয়ালৰ সদস্যই । ইয়াৰ ভিতৰত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, স্পেইনৰ ৰজা ফেলিপে ষষ্ঠ আৰু ৰাণী লেটিজিয়া আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা । এই অনুষ্ঠানলৈ এনে বহু নেতাও আহিছিল যিয়ে পোপ ফ্ৰান্সিছৰ মতৰ সৈতে অসন্মতি ব্যক্ত কৰিছিল, কিন্তু এই তেখেতক শেষ শ্ৰদ্ধাঞ্জি জনাবলৈ একত্ৰিত হৈছিল । উল্লেখ্য যে, লেটিন আমেৰিকাৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমজন পোপ পোপ ফ্ৰান্সিছৰ ২১ এপ্ৰিলত ৮৮ বছৰ বয়সত মৃত্যু হৈছিল ।