বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশসমূহৰ ভিতৰত ছিৰিয়াৰ স্থান কিমান ?  এয়াই হৈছে যুদ্ধৰ ইতিহাস…

ছিৰিয়াৰ পৰিস্থিতি ক্ৰমে অধিক অৱনতি ঘটিছে । দেশখনৰ জনসাধাৰণে খাদ্য-পানীৰ বাবে হাহাকাৰ কৰিছে । ছিৰিয়াত যুদ্ধৰ ইতিহাস কি জানেনে ?  এই দেশত কেনেকৈ আৰম্ভ হ’ল ধ্বংসৰ যুগ ?  লগতে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়াৰ স্থান কিমান ?  দৰাচলতে ২০১১ চনত এই দেশখনত গৃহযুদ্ধ আৰম্ভ

ছিৰিয়াৰ পৰিস্থিতি ক্ৰমে অধিক অৱনতি ঘটিছে । দেশখনৰ জনসাধাৰণে খাদ্য-পানীৰ বাবে হাহাকাৰ কৰিছে । ছিৰিয়াত যুদ্ধৰ ইতিহাস কি জানেনে ?  এই দেশত কেনেকৈ আৰম্ভ হ’ল ধ্বংসৰ যুগ ?  লগতে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়াৰ স্থান কিমান ?  দৰাচলতে ২০১১ চনত এই দেশখনত গৃহযুদ্ধ আৰম্ভ হৈছিল আৰু ছিৰিয়াই বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়া স্থান কিমান ?

চলি থকা সংঘাতৰ ফলত ছিৰিয়াৰ চিকিৎসালয়, বিদ্যালয় আৰু পথসমূহ প্ৰাচীন ধ্বংসাৱশেষলৈ পৰিণত হৈছে য’ত জনসাধাৰণৰ অৱস্থা ভয়াৱহ হৈয়েই আছে । একে সময়তে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়া তৃতীয় স্থানত আছে । গ্ল’বেল পিচ ইনডেক্সে (Global Peace Index) ছিৰিয়াক মাত্ৰ ৩.২৯৪ স্ক’ৰ দিছে । আপুনি জানেনে বিশ্বৰ কোনখন দেশ আটাইতকৈ বিপজ্জনক ?

দৰাচলতে গ্ল’বেল পিচ ইনডেক্স অনুসৰি আফগানিস্তান হৈছে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ । ইয়াৰ পিছতে য়েমেন, লিবিয়া, দক্ষিণ চুডান, ছোমালিয়া আৰু ভেনিজুৱেলাই এই তালিকাত স্থান লাভ কৰিছে ।