পুনৰ অশান্ত ছিৰিয়া ; চৰকাৰী বাহিনী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি আসাদৰ অনুগতসকলৰ মাজত সংঘৰ্ষত ২০০ তকৈ অধিক লোকৰ মৃত্যু

ছিৰিয়াৰ নতুন চৰকাৰৰ নিৰাপত্তা বাহিনী আৰু ক্ষমতাচ্যুত শাসক বাছাৰ আল-আসাদৰ অনুগত উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে।

চিৰিয়াৰ নতুন চৰকাৰৰ পক্ষ লোৱা যুঁজাৰুসকলে দেশখনৰ উপকূলৰ ওচৰৰ কেইবাখনো গাঁৱত আক্ৰমণ চলাইছিল, যিটো শেহতীয়াকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ অনুগতসকলৰ দ্বাৰা চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ আছিল। য’ত বহুলোক নিহত হৈছে।

বৃহস্পতিবাৰে হোৱা আক্ৰমণ শুক্ৰবাৰ লৈকে অব্যাহত আছিল। ডিচেম্বৰৰ আৰম্ভণিতে ইছলামবাদী গোট হায়াত তাহৰিৰ আল-শ্বামৰ নেতৃত্বত বিদ্ৰোহী গোটসমূহৰ দ্বাৰা আসাদ চৰকাৰ উৎখাত হোৱাৰ পিছত দুয়োপক্ষৰ মাজত চলি থকা সংঘৰ্ষই অতি হিংসাত্মক ঘটনা বুলি চিহ্নিত কৰিছে। নতুন চৰকাৰে ১৪ বছৰৰ গৃহযুদ্ধৰ পিছত চিৰিয়াক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ব্ৰিটেইন স্থিত চিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছৰ তথ্য অনুসৰি যুঁজ আৰম্ভ হোৱাৰ পিছত ২০০ ৰো অধিক লোক নিহত হৈছে।

২০১১ চনৰ মাৰ্চমাহৰ পৰা চিৰিয়াত চলি থকা গৃহযুদ্ধৰ ফলত আধা নিযুতৰো অধিক লোক নিহত হৈছে আৰু লাখ লাখ লোক স্থানচ্যুত হৈছে।

শেহতীয়া সংঘৰ্ষটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া চৰকাৰী বাহিনীয়ে বৃহস্পতিবাৰে উপকূলীয় চহৰ জাবলেহৰ ওচৰত এজন ব্যক্তিক আটক কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়তে আসাদৰ অনুগতসকলে তেওঁলোকক আক্ৰমণ কৰিছিল।

অশান্ত ছিৰিয়াৰ পৰা ৭৫ জন নাগৰিকক উদ্ধাৰ ভাৰতৰ, লেবানন হৈ উপস্থিত হ’ব নিজৰ দেশত

বৰ্তমান ছিৰিয়াৰ পৰিস্থিতি অতি উদ্বেগজনক হৈ আছে । বিদ্ৰোহী বাহিনীয়ে ৰাষ্ট্ৰপতি বাছাৰ আছাদক ক্ষমতাৰ পৰা উৎখাত কৰাৰ দুদিন পিছত ভাৰতে মঙলবাৰে অশান্ত জৰ্জৰ দেশখনৰ পৰা ৭৫ জন প্ৰবাসী ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰে । এই ভাৰতীয়সকল লেবানন হৈ ভাৰতত উপস্থিত হ’ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসসমূহৰ দ্বাৰা সমন্বিত স্থানান্তৰ নিৰাপত্তা পৰিস্থিতি মূল্যায়ন কৰাৰ পিছত কাৰ্যকৰী কৰা হয় ।

বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি-

গভীৰ নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ পিছত ভাৰত চৰকাৰে আজি দেশখনৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে । সকলো ভাৰতীয় নাগৰিক নিৰাপদে লেবাননত উপস্থিত হৈছে আৰু উপলব্ধ বাণিজ্যিক বিমানেৰে ভাৰতলৈ উভতি আহিব । ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ সমন্বয়ত কৰা এই কাম নিৰাপত্তা পৰিস্থিতিৰ ওপৰত আমাৰ মূল্যায়ন আৰু ছিৰিয়াত ভাৰতীয় নাগৰিকৰ অনুৰোধৰ পিছত কাৰ্যকৰী কৰা হৈছিল ।

পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব চৰকাৰৰ-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে চৰকাৰে বহিঃৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে । বিবৃতিটোত আৰু কোৱা হৈছে যে ছিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব ।

বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশসমূহৰ ভিতৰত ছিৰিয়াৰ স্থান কিমান ?  এয়াই হৈছে যুদ্ধৰ ইতিহাস…

ছিৰিয়াৰ পৰিস্থিতি ক্ৰমে অধিক অৱনতি ঘটিছে । দেশখনৰ জনসাধাৰণে খাদ্য-পানীৰ বাবে হাহাকাৰ কৰিছে । ছিৰিয়াত যুদ্ধৰ ইতিহাস কি জানেনে ?  এই দেশত কেনেকৈ আৰম্ভ হ’ল ধ্বংসৰ যুগ ?  লগতে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়াৰ স্থান কিমান ?  দৰাচলতে ২০১১ চনত এই দেশখনত গৃহযুদ্ধ আৰম্ভ হৈছিল আৰু ছিৰিয়াই বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়া স্থান কিমান ?

চলি থকা সংঘাতৰ ফলত ছিৰিয়াৰ চিকিৎসালয়, বিদ্যালয় আৰু পথসমূহ প্ৰাচীন ধ্বংসাৱশেষলৈ পৰিণত হৈছে য’ত জনসাধাৰণৰ অৱস্থা ভয়াৱহ হৈয়েই আছে । একে সময়তে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশৰ তালিকাত ছিৰিয়া তৃতীয় স্থানত আছে । গ্ল’বেল পিচ ইনডেক্সে (Global Peace Index) ছিৰিয়াক মাত্ৰ ৩.২৯৪ স্ক’ৰ দিছে । আপুনি জানেনে বিশ্বৰ কোনখন দেশ আটাইতকৈ বিপজ্জনক ?

দৰাচলতে গ্ল’বেল পিচ ইনডেক্স অনুসৰি আফগানিস্তান হৈছে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ । ইয়াৰ পিছতে য়েমেন, লিবিয়া, দক্ষিণ চুডান, ছোমালিয়া আৰু ভেনিজুৱেলাই এই তালিকাত স্থান লাভ কৰিছে ।

ছিৰিয়াত সুৰক্ষিত সকলো ভাৰতীয় নাগৰিক, দূতাবাস সম্পূৰ্ণৰূপে সক্ৰিয়; বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰিলে পৰামৰ্শ

ইছলামিক বিদ্ৰোহী সংগঠনে ডামাস্কাছ দখল কৰাৰ লগে লগে ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰৰ পতন ঘটিছে । ইফালে ভাৰত চৰকাৰৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, ছিৰিয়াত সকলো ভাৰতীয় নাগৰিক সুৰক্ষিত হৈ আছে । সূত্ৰ অনুসৰি ভাৰতীয় দূতাবাস ডামাস্কাছত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে আৰু সকলো ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগত আছে । দূতাবাসে ভাৰতীয় নাগৰিকক সহায়ৰ বাবেও উপলব্ধ বুলি জানিবলৈ দিছে ।

বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰিলে পৰামৰ্শ-

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰি কয় যে যিসকলে তাৰ পৰা আহিব বিচাৰে তেওঁলোকে উপলব্ধ বাণিজ্যিক বিমানৰ সহায়ত অতি সোনকালে যাত্ৰা কৰিব লাগে । একে সময়তে, আনসকলক অনুৰোধ কৰা হৈছে যে তাত বাস কৰা ভাৰতীয়সকলে তেওঁলোকৰ সুৰক্ষাৰ বিষয়ে বিশেষ যত্ন ল’ব লাগে আৰু অপ্ৰয়োজনীয় চলাচল পৰিহাৰ কৰিব লাগে । ইয়াৰ উপৰিও মন্ত্ৰালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰ +৯৬৩ ৯৯৩৩৮৫৯৭৩ মুকলি কৰিছে ।

ছিৰিয়াত ৯০ জন ভাৰতীয় নাগৰিক-

চৰকাৰী তথ্য অনুসৰি ছিৰিয়াত প্ৰায় ৯০ জন ভাৰতীয় নাগৰিক আছে, ইয়াৰে ১৪ জনেই ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনত কাম কৰি আছে । সূত্ৰই জনোৱা মতে, ডামাস্কাছত আমাৰ দূতাবাস কাৰ্যক্ষম হৈ আছে আৰু দূতাবাসটো সকলো ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোক সুৰক্ষিত ।

আল আছাদ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অন্ত-

আজি ছিৰিয়া চৰকাৰৰ পতনৰ পিছত বিদ্ৰোহী সংগঠনে ৰাজধানী ডামাস্কাছৰ নিয়ন্ত্ৰণ লয় । খবৰ অনুসৰি বাছাৰ আল আছাদে দেশ এৰি অজ্ঞাত স্থানলৈ পলায়ন কৰে । এই বিদ্ৰোহ তেওঁৰ পৰিয়ালৰ পঞ্চাশ বছৰীয়া শাসনৰ অন্ত বুলি বিশ্বাস কৰা হৈছে । ২০১১ চনৰ পৰা ছিৰিয়া গৃহযুদ্ধৰ সন্মুখীন হৈছে । ২০১১ চনত ছিৰিয়াৰ চোৰাংচোৱা সংস্থাই দাৰা চহৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অত্যাচাৰ কৰাৰ পিছত দেশজুৰি বিক্ষোভ চলাইছিল । যিটোৱে পিছলৈ গৃহযুদ্ধৰ ৰূপ ল’লে ।