ছিৰিয়াত সুৰক্ষিত সকলো ভাৰতীয় নাগৰিক, দূতাবাস সম্পূৰ্ণৰূপে সক্ৰিয়; বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰিলে পৰামৰ্শ

ইছলামিক বিদ্ৰোহী সংগঠনে ডামাস্কাছ দখল কৰাৰ লগে লগে ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰৰ পতন ঘটিছে । ইফালে ভাৰত চৰকাৰৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, ছিৰিয়াত সকলো ভাৰতীয় নাগৰিক সুৰক্ষিত হৈ আছে । সূত্ৰ অনুসৰি ভাৰতীয় দূতাবাস ডামাস্কাছত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে আৰু সকলো ভাৰতীয় নাগৰিকৰ

ইছলামিক বিদ্ৰোহী সংগঠনে ডামাস্কাছ দখল কৰাৰ লগে লগে ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰৰ পতন ঘটিছে । ইফালে ভাৰত চৰকাৰৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, ছিৰিয়াত সকলো ভাৰতীয় নাগৰিক সুৰক্ষিত হৈ আছে । সূত্ৰ অনুসৰি ভাৰতীয় দূতাবাস ডামাস্কাছত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে আৰু সকলো ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগত আছে । দূতাবাসে ভাৰতীয় নাগৰিকক সহায়ৰ বাবেও উপলব্ধ বুলি জানিবলৈ দিছে ।

বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰিলে পৰামৰ্শ-

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰি কয় যে যিসকলে তাৰ পৰা আহিব বিচাৰে তেওঁলোকে উপলব্ধ বাণিজ্যিক বিমানৰ সহায়ত অতি সোনকালে যাত্ৰা কৰিব লাগে । একে সময়তে, আনসকলক অনুৰোধ কৰা হৈছে যে তাত বাস কৰা ভাৰতীয়সকলে তেওঁলোকৰ সুৰক্ষাৰ বিষয়ে বিশেষ যত্ন ল’ব লাগে আৰু অপ্ৰয়োজনীয় চলাচল পৰিহাৰ কৰিব লাগে । ইয়াৰ উপৰিও মন্ত্ৰালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰ +৯৬৩ ৯৯৩৩৮৫৯৭৩ মুকলি কৰিছে ।

ছিৰিয়াত ৯০ জন ভাৰতীয় নাগৰিক-

চৰকাৰী তথ্য অনুসৰি ছিৰিয়াত প্ৰায় ৯০ জন ভাৰতীয় নাগৰিক আছে, ইয়াৰে ১৪ জনেই ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনত কাম কৰি আছে । সূত্ৰই জনোৱা মতে, ডামাস্কাছত আমাৰ দূতাবাস কাৰ্যক্ষম হৈ আছে আৰু দূতাবাসটো সকলো ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোক সুৰক্ষিত ।

আল আছাদ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অন্ত-

আজি ছিৰিয়া চৰকাৰৰ পতনৰ পিছত বিদ্ৰোহী সংগঠনে ৰাজধানী ডামাস্কাছৰ নিয়ন্ত্ৰণ লয় । খবৰ অনুসৰি বাছাৰ আল আছাদে দেশ এৰি অজ্ঞাত স্থানলৈ পলায়ন কৰে । এই বিদ্ৰোহ তেওঁৰ পৰিয়ালৰ পঞ্চাশ বছৰীয়া শাসনৰ অন্ত বুলি বিশ্বাস কৰা হৈছে । ২০১১ চনৰ পৰা ছিৰিয়া গৃহযুদ্ধৰ সন্মুখীন হৈছে । ২০১১ চনত ছিৰিয়াৰ চোৰাংচোৱা সংস্থাই দাৰা চহৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অত্যাচাৰ কৰাৰ পিছত দেশজুৰি বিক্ষোভ চলাইছিল । যিটোৱে পিছলৈ গৃহযুদ্ধৰ ৰূপ ল’লে ।