ৰেখা গুপ্তা

‘কেজৰিৱালে গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে’; মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে অৰবিন্দ কেজৰিৱালৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি এটা ডাঙৰ বক্তব্য কৰিছে। তেওঁ কৈছিল যে,“মই কেজৰিৱাল জীক ক’ব বিচাৰো যে ছাৰ, মোৰ ভিডিঅ’, ইন্টাৰভিউ আৰু ৰিল চোৱা অলপ কমাই দিয়ক।তেওঁ গোটেই দিনটো মোৰ ৰিলবোৰ চাই

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে অৰবিন্দ কেজৰিৱালৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি এটা ডাঙৰ বক্তব্য কৰিছে।

তেওঁ কৈছিল যে,“মই কেজৰিৱাল জীক ক’ব বিচাৰো যে ছাৰ, মোৰ ভিডিঅ’, ইন্টাৰভিউ আৰু ৰিল চোৱা অলপ কমাই দিয়ক।তেওঁ গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে…।”

“সেৱা পখোৱাদাৰ অধীনত আয়োজিত বহুস্তৰীয় বৈদ্যুতিক বাছ ডিপোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই”।

গুপ্তাই আৰু কয় যে “কেজৰিৱালে যদি মনোনিৱেশ কৰিবলগীয়া হয় তেন্তে তেওঁ পঞ্জাৱৰ জনসাধাৰণৰ ওপৰত মনোনিৱেশ কৰিব লাগে”।

তেওঁ কটুক্তিৰে কয় যে “যেতিয়া পঞ্জাবে বানপানীৰ সৈতে যুঁজি আছিল তেতিয়া কেজৰিৱালক সেই ভুক্তভোগী সকলৰ ওচৰত দেখা পোৱা নাছিল।সেয়ে তেওঁক কৈছে যে মোৰ ৰীলবোৰ চাই থকাৰ সলনি  ভুক্তভোগী সকলৰ ওচৰলৈ যাব লাগে”।

লগতে পঢ়ক: ‘একনাথ শিন্দেক শিৱসেনা লাহে লাহে বিজেপিৰ সৈতে একত্ৰিত হৈছে…;সাংসদ সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ