দিল্লীৰ সুৰা কেলেংকাৰী: কেজৰিৱাল-চিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তলৈ জাননী

দিল্লী সুৰা নীতিৰ গোচৰত চিবিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক আদালতে জাননী জাৰি কৰিছে।

আবকাৰী নীতিৰ গোচৰত চিবিআইয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।য’ত নিম্ন আদালতে (ৰাউজ এভিনিউ ক’ৰ্ট) অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল।

আদালতে এই বিষয়ত ২৩টা পক্ষকে জাননী জাৰি কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়।উচ্চ ন্যায়ালয়ে চি বি আইৰ আবেদন মানি লৈ আটাইকেইজন অভিযুক্তৰ পৰা উত্তৰ বিচাৰিছে।এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ১৬ মাৰ্চৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ উপৰিও দিল্লী উচ্চ ন্যায়ালয়ে এই কথা কয়,সুৰা পলিচি কেলেংকাৰিৰ সৈতে জড়িত হাৱালা (ইডি) গোচৰত আৰু কোনো শুনানি নহ’ব,যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ শুনানি সম্পূৰ্ণ নহয়,এই গোচৰৰ পৰা দোষমুক্ত আটাইকেইজন অভিযুক্তক উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে।

উচ্চতম ন্যায়ালয়ে ৰাউজ এভিনিউ আদালতৰ আদেশৰ সেই অংশটো স্থগিত ৰাখিব,য’ত চিবিআইৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ পৰামৰ্শ দিয়া হৈছিল।উচ্চতম ন্যায়ালয়ে কৈছে যে,নিম্ন আদালতৰ কিছুমান পৰ্যবেক্ষণ বাস্তৱিকভাৱে ভুল আছিল। উচ্চ ন্যায়ালয়ত শুনানি নোহোৱালৈকে কেজৰিৱাল আৰু ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক ইডি গোচৰৰ পৰা মুকলি কৰি দিব নোৱাৰিব।

লগতে পঢ়ক: আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ অভিযোগৰ পৰা দোষমুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দোষমুক্ত হোৱাৰ পিছতে তেওঁ কয় যে মোৰ বিৰুদ্ধে প্ৰমাণৰ এটা টুকুৰাও পোৱা নগ’ল।

আজি (শুকুৰবাৰে) দিল্লীৰ আদালতে আম আদমী পাৰ্টিৰ আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া সহ ২১ গৰাকীক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ পৰা দোষমুক্ত কৰিছে।

আদালতে চিবিআইক সমালোচনা কৰি কয় যে এই নীতিত কোনো ‘বৃহৎ ষড়যন্ত্ৰ বা অপৰাধমূলক উদ্দেশ্য’ পোৱা নাই।

অভিযোগমুক্ত হোৱাৰ পিছতে অৰবিন্দ কেজৰিৱালে এখন সংবাদমেল সম্বোধন কৰিছে। আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কয় যে ন্যায়াধীশগৰাকীয়ে সঁচাকৈয়ে যথেষ্ট সাহস দেখুৱালে।

অৰবিন্দ কেজৰিৱালে কয়, ‘আদালতে অতি ঐতিহাসিক সিদ্ধান্ত দিছে।ইয়াৰ বাবে মই ন্যায়পালিকাক অশেষ ধন্যবাদ জনাইছো।বিচাৰকক বহুত বহুত ধন্যবাদ জনাইছো। আজিৰ এই পৰিৱেশত যেতিয়া সকলো সংস্থাক,সকলো কৰ্তৃপক্ষক ভয় খুৱাই আছে, ধমকি দিয়া হৈছে,এনে পৰিস্থিতিত ন্যায়াধীশে সঁচাকৈয়ে ইমান ডাঙৰ ন্যায় প্ৰদান কৰিবলৈ যথেষ্ট সাহস দেখুৱাইছে’।

অৰবিন্দ কেজৰিৱালে কয় যে ‘মোৰ বিৰুদ্ধে থকা গোচৰটো আদালতে সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিলে।চিবিআইয়ে মোৰ বিৰুদ্ধে এটাও প্ৰমাণ বিচাৰি নাপালে।মই কেৱল সততাৰে উপাৰ্জন কৰিছো।আদালতে স্বীকাৰ কৰে যে কেজৰিৱাল আৰু মনীষ চিছ’দিয়া অটলভাৱে সৎ।দুজন মানুহে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে।মোৰ সততাক আঘাত কৰিবলৈ মোক এটা মিছা গোচৰত জড়িত কৰা হৈছিল।’

অৰবিন্দ কেজৰিৱালে লগতে কয় যে,’মই সেইসকল অধিবক্তাটো ধন্যবাদ জনাইছো যিসকলে আমাক প্ৰতিটো খোজতে সহায় কৰিছিল, আমি এই যুদ্ধখন আদালতত যুঁজিলোঁ।আপুনি জানে কেনেকৈ যোৱা চাৰি বছৰ ধৰি ইডি,চিবিআই আৰু সকলো এজেন্সীক ব্যৱহাৰ কৰি আমাৰ বিৰুদ্ধে সুৰা কেলেংকাৰী নামৰ এটা অভিযোগ লগালে। চিবিআই আৰু ইডিয়ে ইয়াক লৈ চাৰ্জ শ্বীট দাখিল কৰে।আজি আদালতে প্ৰাইমা ফেচি সিদ্ধান্ত ল’বলগীয়া হৈছিল যে গোচৰটো চলাবলৈ প্ৰমাণ আৰু সাক্ষীৰ বক্তব্যৰ ভিত্তিত পৰ্যাপ্ত সামগ্ৰী আছে নেকি? আদালতে প্ৰায় ৬০০ পৃষ্ঠাৰ আদেশত সকলো প্ৰমাণ আৰু সাক্ষীৰ প্ৰতি লক্ষ্য ৰাখি এই কথা কয় যে ইয়াত পৰ্যাপ্ত প্ৰমাণ নাই যাৰ বাবে গোচৰ চলাব পাৰে’।

লগতে পঢ়ক: সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰিছে আদালতে

দিল্লীৰ অতি বিতৰ্কিত সুৰা নীতিৰ সৈতে জড়িত গোচৰত ৰাউছ এভিনিউ আদালতে এক উল্লেখযোগ্য ৰায়দান দিছে । আদালতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰিছে । দুয়োজনে আদালতৰ পৰা ক্লীন চিট লাভ কৰিছে ।

আদালতে স্পষ্টকৈ উল্লেখ কৰে যে কেৱল দাবীয়েই যথেষ্ট নহয় । যিকোনো অভিযোগক যথেষ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰমাণৰ দ্বাৰা সমৰ্থিত হ’লেহে আদালতে বিশ্বাস কৰিব পাৰে । আদালতে তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা প্ৰমাণ দুৰ্বল আৰু অপৰ্যাপ্ত বুলি উল্লেখ কৰে ।

প্ৰথমে আদালতে আবকাৰী বিভাগৰ প্ৰাক্তন আয়ুক্ত কুলদীপ সিঙক দোষমুক্ত কৰে । ইয়াৰ পিছত মনীষ ছিছ’দিয়াক ৰেহাই দিয়া হয় আৰু তাৰ পিছত অৰবিন্দ কেজৰিৱালক দোষমুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰা হয় ।

অৱশ্যে তদন্তকাৰী সংস্থাটোৱে এই নিৰ্দেশত অসন্তুষ্ট বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি উল্লেখ কৰে । চিবিআইৰ অধিবক্তাই ইংগিত দিছে যে এই আদেশৰ বিশদ অধ্যয়নৰ অন্তত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হ’ব ।

দোষমুক্ত হোৱাৰ পিছত কি ক’লে অৰবিন্দ কেজৰিৱালে ?

দিল্লীৰ সুৰা নীতিৰ সৈতে জড়িত গোচৰত আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছত আৱেগিক হৈ পৰা দেখা গ’ল অৰবিন্দ কেজৰিৱালক । ৰায়দানৰ পিছত কেজৰিৱালে কয় যে তেওঁৰ বিৰুদ্ধে সমগ্ৰ গোচৰটো তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ডিজাইন কৰা হৈছে । তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একেলগে আম আদমী পাৰ্টিক ধ্বংস কৰাৰ বাবে স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল । তেওঁ কয় যে দলৰ পাঁচজন জ্যেষ্ঠ নেতাক জেলত ভৰোৱা হৈছে আৰু এজন মুখ্যমন্ত্ৰীক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰোৱাটো ভাৰতৰ ইতিহাসত আগতে কেতিয়াও হোৱা নাছিল ।

কেজৰিৱালে উল্লেখ কৰে যে তেওঁক ছমাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল, আনহাতে মনীষ ছিছ’দিয়া প্ৰায় দুবছৰ কাৰাবাসত আছিল । তেওঁ কয় যে টিভি চেনেলত তেওঁক বদনাম কৰা হৈছিল আৰু দুৰ্নীতিগ্ৰস্ত বুলি কোৱা হৈছিল । প্ৰধানমন্ত্ৰীক সম্বোধন কৰি তেওঁ সকীয়াই দিয়ে যে ক্ষমতাৰ স্বাৰ্থত দেশ আৰু সংবিধানৰ লগত আপোচ কৰা উচিত নহয় । ক্ষমতা বাঞ্ছনীয় হ’লে ভাল কামৰ জৰিয়তে লাভ কৰিব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক : ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু

‘কেজৰিৱালে গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে’; মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে অৰবিন্দ কেজৰিৱালৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি এটা ডাঙৰ বক্তব্য কৰিছে।

তেওঁ কৈছিল যে,“মই কেজৰিৱাল জীক ক’ব বিচাৰো যে ছাৰ, মোৰ ভিডিঅ’, ইন্টাৰভিউ আৰু ৰিল চোৱা অলপ কমাই দিয়ক।তেওঁ গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে…।”

“সেৱা পখোৱাদাৰ অধীনত আয়োজিত বহুস্তৰীয় বৈদ্যুতিক বাছ ডিপোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই”।

গুপ্তাই আৰু কয় যে “কেজৰিৱালে যদি মনোনিৱেশ কৰিবলগীয়া হয় তেন্তে তেওঁ পঞ্জাৱৰ জনসাধাৰণৰ ওপৰত মনোনিৱেশ কৰিব লাগে”।

তেওঁ কটুক্তিৰে কয় যে “যেতিয়া পঞ্জাবে বানপানীৰ সৈতে যুঁজি আছিল তেতিয়া কেজৰিৱালক সেই ভুক্তভোগী সকলৰ ওচৰত দেখা পোৱা নাছিল।সেয়ে তেওঁক কৈছে যে মোৰ ৰীলবোৰ চাই থকাৰ সলনি  ভুক্তভোগী সকলৰ ওচৰলৈ যাব লাগে”।

লগতে পঢ়ক: ‘একনাথ শিন্দেক শিৱসেনা লাহে লাহে বিজেপিৰ সৈতে একত্ৰিত হৈছে…;সাংসদ সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য

‘আৰু যুঁজক নিজৰ মাজতে !’, দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কোনে কি ক’লে জানক

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে । দিল্লী আম আদমী পাৰ্টিৰ দুৰ্গ হৈ আহিছে, সেয়েহে দিল্লীত আপৰ দুৰ্গ ভাঙি পৰাটো অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলৰ ৰাজনীতিত ডাঙৰ আঘাত হিচাপে প্ৰমাণিত হৈছে । ইতিমধ্যে দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে অতি আকৰ্ষণীয় প্ৰতিক্ৰিয়া দিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত ওমৰ আব্দুল্লাই লিখিছে, ‘আৰু যুঁজক নিজৰ মাজতে !’ ওমৰ আব্দুল্লাই এটা GIF শ্বেয়াৰ কৰিছে য’ত লিখা আছে, ‘হেঁপাহ পলুৱাই যুঁজক, ইজনে সিজনক শেষ কৰি দিয়ক !’

অনুমান কৰা হৈছে যে দিল্লীত মিত্ৰতা কৰাৰ পৰিৱৰ্তে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিক ওমৰ আব্দুল্লাই কটাক্ষ কৰিছে । দুয়োটা দলেই ইণ্ডি মিত্ৰজোঁটৰ অংশ, কিন্তু বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰচাৰৰ সময়ত ইজনে সিজনক তীব্ৰ আক্ৰমণ চলাইছিল ।

সঞ্জয় ৰাউতে কয়- বিজেপিৰ পৰাজয় নিশ্চিত আছিল, যদি…

দিল্লী নিৰ্বাচনৰ ধাৰা সন্দৰ্ভত শিৱসেনাৰ ইউ বি টি নেতা সঞ্জয় ৰাউতে কয় যে ‘প্ৰাথমিক ধাৰাসমূহে কঠোৰ প্ৰতিদ্বন্দ্বিতা দেখুৱাইছে । যদি কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’লহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেননে ?  কংগ্ৰেছ আৰু আপৰ বিৰোধী দল বিজেপি । দুয়োটাই বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ যুঁজিছিল, কিন্তু বেলেগে বেলেগে এই যুঁজ দিলে, যদি একেলগে যুঁজিলহেতেন তেন্তে বিজেপিৰ পৰাজয় নিশ্চিত আছিল ।

‘অৰবিন্দ কেজৰিৱালে নিজৰ ভাবমূৰ্তি নিকা কৰি ৰাখিব নোৱাৰিলে’

দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সমাজ কৰ্মী আন্না হাজাৰে কয় যে ‘মই বহুদিন ধৰি কৈ আহিছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ চৰিত্ৰ ভাল হ’ব লাগে আৰু তেওঁৰ ভাল ধাৰণা থাকিব লাগে আৰু তেওঁৰ ভাবমূৰ্তি পৰিষ্কাৰ হ’ব লাগে, কিন্তু আপে এই কাম কৰিব নোৱাৰিলে । সুৰা আৰু টকাৰ জালত পৰিল । তেওঁৰ (অৰবিন্দ কেজৰিৱাল) ভাবমূর্তি কলংকিত আৰু সেইবাবেই তেওঁ কম ভোট পালে ৷ মানুহে দেখিলে যে আগতে চৰিত্ৰৰ কথা কোৱা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সুৰা কেলেংকাৰীৰ অভিযোগ । ৰাজনীতিত অভিযোগ উত্থাপন হয় । মানুহে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব লাগিব আৰু সত্য সদায় সত্য হৈয়েই থাকে । মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ যে মই ৰাজনীতিত প্ৰৱেশ নকৰো আৰু এতিয়াও মই সেই সিদ্ধান্তত আছো ।’

‘ৰাইজৰ সিদ্ধান্ত স্বীকাৰ কৰিছো, বিজেপিক অভিনন্দন…’ পৰাজয়ৰ পিছত অৰবিন্দ কেজৰিৱালৰ প্ৰথম প্ৰতিক্ৰিয়া

দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে । তেওঁ কয় যে আমি ৰাইজৰ সিদ্ধান্ত স্বীকাৰ কৰিছো । এই বিজয়ৰ বাবে বিজেপিক অভিনন্দন । আমি ৰাইজৰ সুখ-দুখত সহায় কৰি যাম ।

কেজৰিৱালে এক ভিডিঅ’ বাৰ্তাযোগে কয় যে দিল্লীৰ নিৰ্বাচনৰ ফলাফল আজি আহিছে । ৰাইজৰ সিদ্ধান্ত যিয়েই নহওক, আমি সকলো বিনম্ৰতাৰে স্বীকাৰ কৰিছো । বিজেপিক বিজয়ৰ বাবে অভিনন্দন জনাইছো । আশাকৰোঁ মানুহে যি আশাৰে তেওঁলোকক সংখ্যাগৰিষ্ঠতা দিছে, সেই আশাবোৰ পূৰণ কৰিব ।

তেওঁ কয় যে বিগত দহ বছৰত জনসাধাৰণে আমাক দিয়া সুযোগত আমি বহু কাম কৰিছো । শিক্ষা, স্বাস্থ্য, বিদ্যুৎ আৰু পানীৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে । আমি বিভিন্ন ধৰণেৰে মানুহক সকাহ দিবলৈ চেষ্টা কৰিছো । দিল্লীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছিলো ।

কেজৰিৱালে কয় যে আমি ক্ষমতাৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা নাই, সেয়েহে জনসাধাৰণৰ সুখ-দুখত আমি সদায় তেওঁলোকৰ কাষত থাকিম । আমি ৰাজনীতিক এক মাধ্যম হিচাপে গণ্য কৰোঁ যাৰ জৰিয়তে আমি জনসাধাৰণৰ সেৱা কৰিব পাৰো । আমি কেৱল শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰাই নহয় সমাজসেৱাও কৰি যাম । আমি ৰাইজৰ সুখ-দুখত এনেদৰে সহায় কৰিব লাগিব ।

তেওঁ কয় যে মই আম আদমি পাৰ্টিৰ সকলো কৰ্মকৰ্তাক অভিনন্দন জনাইছো । তেওঁলোকে নিৰ্বাচনত শক্তিশালীভাৱে যুঁজিছিল । আমাৰ কৰ্মীসকলে বহু কষ্ট কৰিছিল । এই সময়ছোৱাত তেওঁলোকে বহুখিনি সহ্য কৰিছিল যদিও এই নিৰ্বাচনৰ সমগ্ৰ সময়ছোৱাত যুঁজিছিল । ইয়াৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো ।

দিল্লীৰ মুখ্যমন্ত্রী আতিশীয়ে প্রথম প্রতিক্রিয়া প্রদান কৰি কয় যে প্রথমে মোৰ প্রতি বিশ্বাস প্রদর্শন কৰা কলকাজী বিধানসভাৰ ৰাইজক ধন্যবাদ জনাইছোঁ ৷ বাহুবল, গুণ্ডাগিৰি আৰু হিংসাৰ সন্মুখীন হোৱাৰ পিছতো তৃণমূল পৰ্যায়ত কঠোৰ পৰিশ্ৰম কৰি জনসাধাৰণৰ ওচৰলৈ যোৱা মোৰ দলটোক মই ধন্যবাদ জনাইছো । বাকীখিনি দিল্লীবাসীৰ আদেশ । আমি মানি লৈছো ।

দিল্লী বিধানসভা নিৰ্বাচনত ডাঙৰ অঘটন ;  পৰাস্ত হ’ল অৰবিন্দ কেজৰিৱাল , দিল্লীত চাফা হ’ল আপ

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ আহিছে এক ডাঙৰ খবৰ। দিল্লীত মুখ থেকেচা খালে অৰবিন্দ কেজৰিৱালে।নতুন দিল্লী সমষ্টিৰ পৰা পৰাস্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

১৮৪৬ টা ভোটত বিজেপিৰ প্ৰৱেশ সিং বৰ্মাই মাৰিলে শেষ হাঁহি। ২৭ বছৰৰ পিছত দিল্লীত বিজেপি চৰকাৰে গঠন কৰিব চৰকাৰে।

সঁচা হ’ল EXIT POLL । কেজৰিৱালৰ পৰাজয়ৰ পিছতেই বিজেপিৰ সমৰ্থক সকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে।

ভোটযুদ্ধত পিছপৰি আছে কেজৰিৱাল; বিজেপিয়ে অতিক্ৰম কৰিলে মেজিক নম্বৰ  

পুৱা ৮ বজাৰ লগে লগেই আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৭০ টা সমষ্টিত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৬৬৯ গৰাকী প্ৰাৰ্থীৰ।

দিল্লী বিধানসভা নিৰ্বাচনত ৫৭.৫০ শতাংশ ভোটদান হৈছিল। দিল্লীত পুনৰ আম আদমি পাৰ্টীৰ চৰকাৰ নে ২৭ বছৰ পিছত পদুম ফুলিব তালৈ দৃষ্টি নিবদ্ধ ৰাখিছে সমগ্ৰ দেশবাসীয়ে।

ইতিমধ্যে নতুন দিল্লীত ৫০ খন আসনত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। তাৰ সমান্তৰালকৈ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালে মাত্ৰ ১৯ খন আসন হে লাভ কৰিছে।

উল্লেখযোগ্য যে দিল্লী বিধানসভাৰ আসনৰ সংখ্যা ৭০খন আৰু ইয়াৰ মেজিক নম্বৰ হ’ল ৩৬।কিন্তু ইতিমধ্যে বিজেপিয়ে সেই মেজিক নম্বৰ অতিক্ৰম কৰিছে।

দিল্লীত যুঁজখন যদিও ত্ৰিকোণীয়া আছিল কিন্তু কংগ্ৰেছে বৰ্তমানলৈকে মাত্ৰ ১খন আসন হে লাভ কৰিবলৈ সক্ষম হৈছে।

নতুন দিল্লীত কোনে মাৰিব শেষ হাঁহি? আজি হ’ব ভাগ্য পৰিক্ষা

আজি ঘোষণা কৰিব দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল।৮ বজাৰ লগে লগেই আৰম্ভ হ’ল ভোট গণনা । উল্লেখ্য যে দিল্লীৰ ৭০ খন আসনৰ বাবে ৫ ফেব্ৰুৱাৰীত হৈছিল ভোটদান প্ৰক্ৰিয়া।

এই নিৰ্বাচনত আম আদমী পাৰ্টি, বিজেপি আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুঁজ হৈছে।ইতিমধ্যে পোষ্টেল বেলটেৰে আৰম্ভ হৈছে ভোটগণনা।

দিল্লী বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় আসনখন হ’ল ‘নতুন দিল্লী’ বিধানসভা আসন।উল্লেখনীয় যে অৰবিন্দ কেজৰিৱালে এই আসনৰ পৰা নিৰন্তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে।

আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ চাহিব সিং বাৰ্মা আৰু কংগ্ৰেছৰ পৰা, শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে প্ৰতিদ্বন্দ্বিতা কৰিছে ।  

অৰবিন্দ কেজৰিৱালে ২০১৩ চনৰ পৰা নতুন দিল্লী বিধানসভা আসনক প্ৰতিনিধিত্ব কৰি আহিছে। কেজৰিৱালে ২০১৩ চনৰ নিৰ্বাচনত দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক ২৫,৮৬৪ টা ভোটত পৰাস্ত কৰি এই আসনখন জিকিছিল।

২০১৫ চনত, কেজৰিৱালে বিজেপিৰ নুপুৰ শৰ্মাক৩১,৫৮৩ টা ভোটত পৰাজিত কৰিছিল।২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱালে নতুন দিল্লী আসনৰ পৰা বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ যাদৱক ২১,৬৯৭ টা ভোটত পৰাজিত কৰিছিল।