দিল্লীৰ সুৰা কেলেংকাৰী: কেজৰিৱাল-চিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তলৈ জাননী

দিল্লীৰ সুৰা কেলেংকাৰী: কেজৰিৱাল-চিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তলৈ জাননী

দিল্লী সুৰা নীতিৰ গোচৰত চিবিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক আদালতে জাননী জাৰি কৰিছে। আবকাৰী নীতিৰ গোচৰত চিবিআইয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।য’ত নিম্ন আদালতে (ৰাউজ

দিল্লী সুৰা নীতিৰ গোচৰত চিবিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক আদালতে জাননী জাৰি কৰিছে।

আবকাৰী নীতিৰ গোচৰত চিবিআইয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।য’ত নিম্ন আদালতে (ৰাউজ এভিনিউ ক’ৰ্ট) অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল।

আদালতে এই বিষয়ত ২৩টা পক্ষকে জাননী জাৰি কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়।উচ্চ ন্যায়ালয়ে চি বি আইৰ আবেদন মানি লৈ আটাইকেইজন অভিযুক্তৰ পৰা উত্তৰ বিচাৰিছে।এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ১৬ মাৰ্চৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ উপৰিও দিল্লী উচ্চ ন্যায়ালয়ে এই কথা কয়,সুৰা পলিচি কেলেংকাৰিৰ সৈতে জড়িত হাৱালা (ইডি) গোচৰত আৰু কোনো শুনানি নহ’ব,যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ শুনানি সম্পূৰ্ণ নহয়,এই গোচৰৰ পৰা দোষমুক্ত আটাইকেইজন অভিযুক্তক উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে।

উচ্চতম ন্যায়ালয়ে ৰাউজ এভিনিউ আদালতৰ আদেশৰ সেই অংশটো স্থগিত ৰাখিব,য’ত চিবিআইৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ পৰামৰ্শ দিয়া হৈছিল।উচ্চতম ন্যায়ালয়ে কৈছে যে,নিম্ন আদালতৰ কিছুমান পৰ্যবেক্ষণ বাস্তৱিকভাৱে ভুল আছিল। উচ্চ ন্যায়ালয়ত শুনানি নোহোৱালৈকে কেজৰিৱাল আৰু ছিছ’দিয়াকে ধৰি ২৩জন অভিযুক্তক ইডি গোচৰৰ পৰা মুকলি কৰি দিব নোৱাৰিব।

লগতে পঢ়ক: আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

শেহতীয়া প্ৰৱন্ধসমূহ