পৰাজয়ৰ পিছত অৰবিন্দ কেজৰিৱালৰ প্ৰথম প্ৰতিক্ৰিয়া

‘ৰাইজৰ সিদ্ধান্ত স্বীকাৰ কৰিছো, বিজেপিক অভিনন্দন…’ পৰাজয়ৰ পিছত অৰবিন্দ কেজৰিৱালৰ প্ৰথম প্ৰতিক্ৰিয়া

দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে । তেওঁ কয় যে আমি ৰাইজৰ সিদ্ধান্ত স্বীকাৰ কৰিছো । এই বিজয়ৰ বাবে বিজেপিক অভিনন্দন । আমি ৰাইজৰ সুখ-দুখত সহায় কৰি যাম । কেজৰিৱালে এক ভিডিঅ’ বাৰ্তাযোগে কয়

দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে । তেওঁ কয় যে আমি ৰাইজৰ সিদ্ধান্ত স্বীকাৰ কৰিছো । এই বিজয়ৰ বাবে বিজেপিক অভিনন্দন । আমি ৰাইজৰ সুখ-দুখত সহায় কৰি যাম ।

কেজৰিৱালে এক ভিডিঅ’ বাৰ্তাযোগে কয় যে দিল্লীৰ নিৰ্বাচনৰ ফলাফল আজি আহিছে । ৰাইজৰ সিদ্ধান্ত যিয়েই নহওক, আমি সকলো বিনম্ৰতাৰে স্বীকাৰ কৰিছো । বিজেপিক বিজয়ৰ বাবে অভিনন্দন জনাইছো । আশাকৰোঁ মানুহে যি আশাৰে তেওঁলোকক সংখ্যাগৰিষ্ঠতা দিছে, সেই আশাবোৰ পূৰণ কৰিব ।

তেওঁ কয় যে বিগত দহ বছৰত জনসাধাৰণে আমাক দিয়া সুযোগত আমি বহু কাম কৰিছো । শিক্ষা, স্বাস্থ্য, বিদ্যুৎ আৰু পানীৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে । আমি বিভিন্ন ধৰণেৰে মানুহক সকাহ দিবলৈ চেষ্টা কৰিছো । দিল্লীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছিলো ।

কেজৰিৱালে কয় যে আমি ক্ষমতাৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা নাই, সেয়েহে জনসাধাৰণৰ সুখ-দুখত আমি সদায় তেওঁলোকৰ কাষত থাকিম । আমি ৰাজনীতিক এক মাধ্যম হিচাপে গণ্য কৰোঁ যাৰ জৰিয়তে আমি জনসাধাৰণৰ সেৱা কৰিব পাৰো । আমি কেৱল শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰাই নহয় সমাজসেৱাও কৰি যাম । আমি ৰাইজৰ সুখ-দুখত এনেদৰে সহায় কৰিব লাগিব ।

তেওঁ কয় যে মই আম আদমি পাৰ্টিৰ সকলো কৰ্মকৰ্তাক অভিনন্দন জনাইছো । তেওঁলোকে নিৰ্বাচনত শক্তিশালীভাৱে যুঁজিছিল । আমাৰ কৰ্মীসকলে বহু কষ্ট কৰিছিল । এই সময়ছোৱাত তেওঁলোকে বহুখিনি সহ্য কৰিছিল যদিও এই নিৰ্বাচনৰ সমগ্ৰ সময়ছোৱাত যুঁজিছিল । ইয়াৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো ।

দিল্লীৰ মুখ্যমন্ত্রী আতিশীয়ে প্রথম প্রতিক্রিয়া প্রদান কৰি কয় যে প্রথমে মোৰ প্রতি বিশ্বাস প্রদর্শন কৰা কলকাজী বিধানসভাৰ ৰাইজক ধন্যবাদ জনাইছোঁ ৷ বাহুবল, গুণ্ডাগিৰি আৰু হিংসাৰ সন্মুখীন হোৱাৰ পিছতো তৃণমূল পৰ্যায়ত কঠোৰ পৰিশ্ৰম কৰি জনসাধাৰণৰ ওচৰলৈ যোৱা মোৰ দলটোক মই ধন্যবাদ জনাইছো । বাকীখিনি দিল্লীবাসীৰ আদেশ । আমি মানি লৈছো ।

শেহতীয়া প্ৰৱন্ধসমূহ