কোন হ’ব ৰাজধানীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী...

কোন হ’ব ৰাজধানীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী…ইয়াতো বিজেপিয়ে ল’ব নেকি আশ্চৰ্যকৰ সিদ্ধান্ত ? চৰ্চাত কোন কোন ?

দিল্লীত আম আদমী পাৰ্টিক পৰাস্ত কৰি ২৭ বছৰীয়া ক্ষমতাৰ পৰা নিৰ্বাসনৰ অন্ত পেলোৱাৰ পিছত বিজেপিৰ বাবে পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে মুখ্যমন্ত্ৰী বাছনি কৰা । ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বীৰ নামো চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে । কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হয়তো নতুন দিল্লীৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত

দিল্লীত আম আদমী পাৰ্টিক পৰাস্ত কৰি ২৭ বছৰীয়া ক্ষমতাৰ পৰা নিৰ্বাসনৰ অন্ত পেলোৱাৰ পিছত বিজেপিৰ বাবে পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে মুখ্যমন্ত্ৰী বাছনি কৰা । ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বীৰ নামো চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে । কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হয়তো নতুন দিল্লীৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মাক পুৰস্কৃত কৰিব পাৰে আৰু তেওঁ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে । নিৰ্বাচনৰ ফলাফলৰ লগে লগে প্ৰবেশ বাৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিবলৈ যায় । ইয়াৰ পিছতে তেওঁ বিজেপিৰ নৱনিৰ্বাচিত একাংশ বিধায়কৰ লগতে উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰিবলৈ দিল্লী ৰাজ নিৱাসতো উপস্থিত হয় ।

কিন্তু যোৱা কিছু বছৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মনত কি চলি আছে সেয়া অনুমান কৰিবলৈ ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকসকলৰ বাবে কঠিন হৈ পৰিছে । বিগত কেইবাবাৰো এনেকুৱা হৈছে যে সংবাদ মাধ্যমত কিছু নাম চৰ্চা হ’লে ভাৰতীয় জনতা পাৰ্টিয়ে অচিনাকি মুখ এখন আগবঢ়াই সকলোকে আচৰিত কৰি তোলে । শেহতীয়াকৈ যেতিয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিয়ে জয়লাভ কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে সংবাদ মাধ্যমত পৰিচিত নাম চৰ্চিত হৈছিল । কিন্তু বিজেপিয়ে এনে নেতাক তিনিওখন ৰাজ্যতে মুখ্যমন্ত্রী পদত অধিষ্ঠীত কৰিলে, যিটো কোনেও অনুমান কৰিব পৰা নাছিল । ছত্তীশগড়ত বিজেপিয়ে চৰকাৰৰ নেতৃত্ব বিষ্ণু দেৱ ছাইক, মধ্যপ্ৰদেশত মোহন যাদৱক আৰু ৰাজস্থানত ভজনলাল শৰ্মাৰ হাতত অৰ্পণ কৰে ।

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে এই নামসমূহৰ চৰ্চা-

১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত বিজেপিয়ে শেষবাৰৰ বাবে দিল্লীত ক্ষমতা দখল কৰিছিল । এই ৫ বছৰৰ সময়ছোৱাত দলটোৱে ৩ জনক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠীত কৰিছিল – মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজ । এই মুহূৰ্তত দিল্লীত চৰ্চা চলি থকা নামসমূহৰ ভিতৰত আছে প্ৰবেশ বাৰ্মাৰ উপৰিও আৰ এছ এছৰ বিশেষ অজয় ​​মহাৱাৰ, পূৰ্বাঞ্চলি অভয় বাৰ্মা আৰু পংকজ সিং, বিজেপিৰ তিনিবাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা আৰু এ বি ভি পিৰ প্ৰাক্তন নেতা তথা এন ডি এম চিৰ উপাধ্যক্ষ সতীশ উপাধ্যায় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ নামো চৰ্চা চলি আছে । এই সন্দৰ্ভত সোধাত সচদেৱে কয়, ‘দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব কেৱল বিজেপি কৰ্মী আৰু কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত ল’ব ।’

শেহতীয়া প্ৰৱন্ধসমূহ