প্লে অফৰ বাবে যোগ্যতা অৰ্জন গুজৰাটকে ধৰি এই তিনিটা দলৰ...

প্লে অফৰ বাবে যোগ্যতা অৰ্জন গুজৰাটকে ধৰি এই তিনিটা দলৰ…  চতুৰ্থ স্থানৰ বাবে এই দুটা দলৰ মাজত কঠিন যুঁজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬০ সংখ্যক মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে । এই জয়েৰে গুজৰাটে ১২খন মেচত ১৮ পইণ্ট লাভ কৰি এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । গুজৰাটে প্লে অফৰ বাবেও যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ লগতে আৰ চি বি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬০ সংখ্যক মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে । এই জয়েৰে গুজৰাটে ১২খন মেচত ১৮ পইণ্ট লাভ কৰি এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । গুজৰাটে প্লে অফৰ বাবেও যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ লগতে আৰ চি বি আৰু পঞ্জাৱ দলৰ প্লে অফৰ টিকটো নিশ্চিত হৈছে । কিন্তু ৪ নম্বৰৰ বাবে মুম্বাই আৰু দিল্লীৰ মাজত হৈছে কঠিন যুঁজ ।

পইন্ট টেবুলৰ অৱস্থা-

১২খন মেচৰ পৰা ১৮ পইণ্ট লাভ কৰি শীৰ্ষস্থান দখল কৰি গুজৰাট দলে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে । একে সময়তে আৰ চি বিয়ে ১২খন মেচত ১৭ পইণ্ট লাভ কৰাৰ লগতে প্লে অফতো নিজৰ স্থান নিশ্চিত কৰিছে । পঞ্জাৱেও ১২খন মেচত ১৭ পইণ্ট লাভ কৰিছে আৰু তেওঁলোকও প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া ৪ নম্বৰৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । মুম্বাই দলে ১২খন খেলত ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১২খন খেলৰ পৰা ১৩ পইণ্ট লাভ কৰিছে । অৰ্থাৎ এতিয়া দিল্লী আৰু মুম্বাইৰ মাজত যুঁজ হৈছে । কিন্তু মুম্বাইৰ ৰান ৰেট ভাল । অৰ্থাৎ বাকী দুখন মেচত প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ দুয়োটা দলে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব লাগিব ।

ইফালে চেন্নাই, ৰাজস্থান, হায়দৰাবাদ আৰু কে কে আৰ প্লে অফৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে । একে সময়তে লক্ষ্ণৌ দলে ১১খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰিছে । অৰ্থাৎ দলটোৰ এতিয়াও ৩ খন মেচ বাকী আছে । লক্ষ্ণৌ প্লে অফৰ দৌৰত আছে যদিও বাকী সকলো খেলতে জয়ী হ’ব লাগিব আৰু লগতে দিল্লী আৰু মুম্বাই দুয়োখন মেচতে পৰাস্ত হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব ।

যদি মুম্বাই দুয়োখন মেচতে জয়ী হয় আৰু দিল্লীয়েও দুয়োখন মেচতে জয়লাভ কৰে, তেন্তে উন্নত ৰান ৰেটৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে যোগ্যতা অৰ্জন কৰিব । একে সময়তে দিল্লী আৰু মুম্বাই এখনকৈ মেচত পৰাস্ত হ’লেও মুম্বাই দলে যোগ্যতা অৰ্জন কৰিব । এনে পৰিস্থিতিত প্ৰথমে দুয়োটা দলে নিজৰ বাকী থকা মেচত জয়ী হ’ব লাগিব আৰু দিল্লীয়ে মেচত ডাঙৰ ব্যৱধানত জয়ী হ’ব লাগিব ।

শেহতীয়া প্ৰৱন্ধসমূহ