জয়ৰ পথলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিব দিল্লী কেপিটেলছে...

জয়ৰ পথলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিব দিল্লী কেপিটেলছে… সমীকৰণ খেলিমেলি কৰিব পাৰে ছানৰাইজাৰ্ছে

সোমবাৰে অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে পইন্ট তালিকাৰ শেষৰফালে থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব । এই মেচত দিল্লী কেপিটেলছে ঘৰুৱা দুৰ্বল প্ৰদৰ্শনৰ পৰা উভতি আহি জয়ৰ পথলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব । ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে

সোমবাৰে অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে পইন্ট তালিকাৰ শেষৰফালে থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব । এই মেচত দিল্লী কেপিটেলছে ঘৰুৱা দুৰ্বল প্ৰদৰ্শনৰ পৰা উভতি আহি জয়ৰ পথলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব । ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে অন্তিমখন খেলত ১৪ ৰানত পৰাস্ত হৈছিল দিল্লী কেপিটেলছ । অৱশ্যে বিপক্ষৰ খেলপথাৰত উন্নত প্ৰদৰ্শনৰ বাবে দলটোৱে প্লে অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে । আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব দুয়োটা দল ।

প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব দিল্লীয়ে-

দিল্লী দলে নিজৰ ঘৰুৱা খেলপথাৰত পেট কামিন্স দলৰ বিৰুদ্ধে জয়লাভৰ ওপৰত চকু ৰাখিব । ঘৰুৱা ক্ষেত্ৰত কে কে আৰ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে যোৱা দুখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে দলটোৱে । যোৱা পাঁচখন মেচৰ ভিতৰত তিনিখন খেলত পৰাস্ত হোৱা দিল্লীয়ে লীগৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত আৰু অধিক বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব ।

অক্ষৰ পেটেলৰ আঘাত চিন্তনীয়-

দক্ষিণ আফ্ৰিকাৰ প্ৰবীণ প্ৰবীণ ফাফ ডু প্লেছিছে কে কে আৰৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ফৰ্মলৈ উভতি আহিছে যদিও লেহেমীয়া খেলপথাৰৰ লগত খাপ খুৱাই লোৱাটো তেওঁৰ বাবে চিন্তাৰ কাৰণ হৈয়েই আছে । কে এল ৰাহুলে ৯ খন মেচত ৩৭১ ৰান সংগ্ৰহ কৰি দিল্লীৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । ৰাহুলৰ উপৰিও অভিষেক পোৰেলে শীৰ্ষ ক্ৰমত আগ্ৰাসীভাৱে বেটিং কৰি অৰ্ধশতকসহ ২৫০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দলটোত আছে অল ৰাউণ্ডাৰ বিপৰাজ নিগম যাৰ শেষ অভাৰত দ্ৰুত ৰান সংগ্ৰহ কৰাৰ ক্ষমতা আছে ।

দিল্লীৰ বলিং আক্ৰমণৰ নেতৃত্বত আছে পেচাৰ মিচেল ষ্টাৰ্ক, দুষমন্ত আৰু মুকেশ কুমাৰ আৰু যদি অক্ষৰ সম্পূৰ্ণ ফিট হয় তেন্তে দিল্লী কেপিটেলছৰ আক্রমণ শক্তিশালী হ’ব ৷ আঘাতত ভুগি আছে ​​অধিনায়ক অক্ষৰ পেটেল । ৩০ এপ্ৰিলত কে কে আৰৰ বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত বাওঁহাতত আঘাত পোৱাৰ পিছত খেলপথাৰৰ পৰা ওলাই আহিছিল । আঘাতৰ পৰা সুস্থ হৈ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে তেওঁ আজি খেলিব নে নেখেল সেয়া হ’ব লক্ষ্যণীয় ।

আনহাতে, ছানৰাইজাৰ্ছৰ দলে তেওঁলোকৰ অভিজ্ঞতাৰ সুবিধা ল’ব পৰা নাই । পেট কামিন্সৰ নেতৃত্বত ট্ৰেভিছ হেড, ঈশান কিষণ, হেনৰিখ ক্লাচেন আৰু জয়দেৱ উনাদকাটৰ থকা দলটোৱে জয়ৰ বাবে সংগ্ৰাম কৰি আছে ।  শেহতীয়াকৈ উনাদকাটে ছানৰাইজাৰ্ছৰ আই পি এলৰ দুৰ্বল অভিযানৰ বিষয়ে মুকলিকৈ কয় । তেওঁ দলটোৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে দুৰ্বল বলিং আৰু পিটচৰ পৰিস্থিতি সলনি হোৱাৰ বাবে দোষাৰোপ কৰে । অৱশ্যে পেট কামিন্স, মহম্মদ ছামি আৰু হৰ্শাল পেটেলৰ ৰূপত তেওঁৰ শক্তিশালী দল আছে । শুকুৰবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৮ ৰানৰ পৰাজয়ৰ পিছত দলটো প্লে অফৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈ পৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ