সোমবাৰে অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে পইন্ট তালিকাৰ শেষৰফালে থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব । এই মেচত দিল্লী কেপিটেলছে ঘৰুৱা দুৰ্বল প্ৰদৰ্শনৰ পৰা উভতি আহি জয়ৰ পথলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব । ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে অন্তিমখন খেলত ১৪ ৰানত পৰাস্ত হৈছিল দিল্লী কেপিটেলছ । অৱশ্যে বিপক্ষৰ খেলপথাৰত উন্নত প্ৰদৰ্শনৰ বাবে দলটোৱে প্লে অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে । আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব দুয়োটা দল ।
প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব দিল্লীয়ে-
দিল্লী দলে নিজৰ ঘৰুৱা খেলপথাৰত পেট কামিন্স দলৰ বিৰুদ্ধে জয়লাভৰ ওপৰত চকু ৰাখিব । ঘৰুৱা ক্ষেত্ৰত কে কে আৰ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে যোৱা দুখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে দলটোৱে । যোৱা পাঁচখন মেচৰ ভিতৰত তিনিখন খেলত পৰাস্ত হোৱা দিল্লীয়ে লীগৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত আৰু অধিক বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব ।
অক্ষৰ পেটেলৰ আঘাত চিন্তনীয়-
দক্ষিণ আফ্ৰিকাৰ প্ৰবীণ প্ৰবীণ ফাফ ডু প্লেছিছে কে কে আৰৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ফৰ্মলৈ উভতি আহিছে যদিও লেহেমীয়া খেলপথাৰৰ লগত খাপ খুৱাই লোৱাটো তেওঁৰ বাবে চিন্তাৰ কাৰণ হৈয়েই আছে । কে এল ৰাহুলে ৯ খন মেচত ৩৭১ ৰান সংগ্ৰহ কৰি দিল্লীৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । ৰাহুলৰ উপৰিও অভিষেক পোৰেলে শীৰ্ষ ক্ৰমত আগ্ৰাসীভাৱে বেটিং কৰি অৰ্ধশতকসহ ২৫০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দলটোত আছে অল ৰাউণ্ডাৰ বিপৰাজ নিগম যাৰ শেষ অভাৰত দ্ৰুত ৰান সংগ্ৰহ কৰাৰ ক্ষমতা আছে ।
দিল্লীৰ বলিং আক্ৰমণৰ নেতৃত্বত আছে পেচাৰ মিচেল ষ্টাৰ্ক, দুষমন্ত আৰু মুকেশ কুমাৰ আৰু যদি অক্ষৰ সম্পূৰ্ণ ফিট হয় তেন্তে দিল্লী কেপিটেলছৰ আক্রমণ শক্তিশালী হ’ব ৷ আঘাতত ভুগি আছে অধিনায়ক অক্ষৰ পেটেল । ৩০ এপ্ৰিলত কে কে আৰৰ বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত বাওঁহাতত আঘাত পোৱাৰ পিছত খেলপথাৰৰ পৰা ওলাই আহিছিল । আঘাতৰ পৰা সুস্থ হৈ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে তেওঁ আজি খেলিব নে নেখেল সেয়া হ’ব লক্ষ্যণীয় ।
আনহাতে, ছানৰাইজাৰ্ছৰ দলে তেওঁলোকৰ অভিজ্ঞতাৰ সুবিধা ল’ব পৰা নাই । পেট কামিন্সৰ নেতৃত্বত ট্ৰেভিছ হেড, ঈশান কিষণ, হেনৰিখ ক্লাচেন আৰু জয়দেৱ উনাদকাটৰ থকা দলটোৱে জয়ৰ বাবে সংগ্ৰাম কৰি আছে । শেহতীয়াকৈ উনাদকাটে ছানৰাইজাৰ্ছৰ আই পি এলৰ দুৰ্বল অভিযানৰ বিষয়ে মুকলিকৈ কয় । তেওঁ দলটোৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে দুৰ্বল বলিং আৰু পিটচৰ পৰিস্থিতি সলনি হোৱাৰ বাবে দোষাৰোপ কৰে । অৱশ্যে পেট কামিন্স, মহম্মদ ছামি আৰু হৰ্শাল পেটেলৰ ৰূপত তেওঁৰ শক্তিশালী দল আছে । শুকুৰবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৮ ৰানৰ পৰাজয়ৰ পিছত দলটো প্লে অফৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈ পৰিছে ।