বৈভৱ সূৰ্যবংশী

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন;  ধুমুহাৰ পৰা কেনেকৈ বাচিব ইংলেণ্ডৰ বলাৰ?

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে, আয়ুষ মাহত্ৰেৰ অধিনায়কত্বত আয়োজক দলৰ বিৰুদ্ধে ৫খন খেলৰ যুৱ এদিনীয়া শৃংখলা খেলি আছে। এই শৃংখলাৰ তিনিখন মেচ এতিয়ালৈকে খেলা হৈছে, য’ত টিম ইণ্ডিয়াই ২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে, আয়ুষ মাহত্ৰেৰ অধিনায়কত্বত আয়োজক দলৰ বিৰুদ্ধে ৫খন খেলৰ যুৱ এদিনীয়া শৃংখলা খেলি আছে।

এই শৃংখলাৰ তিনিখন মেচ এতিয়ালৈকে খেলা হৈছে, য’ত টিম ইণ্ডিয়াই ২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দলে এখন মেচত জয়ী হ’বলৈ সক্ষম হৈছে।

এই শৃংখলাত এতিয়ালৈকে ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে বেটৰ উজ্জ্বল প্ৰদৰ্শন দেখা গৈছে, য’ত তেওঁ তৃতীয়খন খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰি টিম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এতিয়া আকৌ এবাৰ চতুৰ্থ মেচত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

ৱৰ্চেষ্টাৰত খেলিব চতুৰ্থখন খেল

যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেল ভাৰত আৰু ইংলেণ্ডৰ মাজত ৱৰ্চেষ্টাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।এই পৰ্যন্ত টিম ইণ্ডিয়াৰ ফালৰ পৰা এই শৃংখলাৰ প্ৰথম তিনিখন মেচত বেটিঙত বৈভৱ সূৰ্যবংশীৰ বাহিৰেও অভিজ্ঞান কুণ্ডু আৰু বিহান মালহোত্ৰাৰ বেটখনৰৰ চমৎকাৰ প্ৰদৰ্শন দেখা গ’ল।

বলিংত আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান আৰু হনিল পেটেলে উজ্জ্বল প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে।

শৃংখলাৰ চতুৰ্থখন খেল ৱৰ্চেষ্টাৰত অনুষ্ঠিত হ’ব যদিও ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব।অৱশ্যে এই মেচখন টিভিত লাইভ টেলিকাষ্ট কৰা নহ’ব।

লগতে পঢ়ক: সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!