ৰঙা চন্দ্ৰ

৭ ছেপ্তেম্বৰত দেখিবলৈ পাব বছৰৰ শেষৰটো ৰঙা চন্দ্ৰ; হ’ব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ

বছৰৰ শেষৰটো ৰঙা চন্দ্ৰ মাৰ্চ মাহৰ পিছত দ্বিতীয়বাৰৰ বাবে আকৌ আকাশত ৰঙা চন্দ্ৰ দেখিবলৈ পোৱা যাব। অহা ৭ ছেপ্টেম্বৰৰ নিশা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। এই চন্দ্ৰ গ্ৰহণৰ সময়ত জোনটোৰ ৰং উজ্জ্বল ৰঙা হৈ পৰিব। গুৰুত্বপূৰ্ণ কথা এয়ে যে এই চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষটো দৃশ্যমান হ’ব। উল্লেখ্য যে এই

বছৰৰ শেষৰটো ৰঙা চন্দ্ৰ

মাৰ্চ মাহৰ পিছত দ্বিতীয়বাৰৰ বাবে আকৌ আকাশত ৰঙা চন্দ্ৰ দেখিবলৈ পোৱা যাব। অহা ৭ ছেপ্টেম্বৰৰ নিশা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। এই চন্দ্ৰ গ্ৰহণৰ সময়ত জোনটোৰ ৰং উজ্জ্বল ৰঙা হৈ পৰিব।

গুৰুত্বপূৰ্ণ কথা এয়ে যে এই চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষটো দৃশ্যমান হ’ব। উল্লেখ্য যে এই ৰঙা চন্দ্ৰ গ্ৰহণৰ এক দুৰ্লভ ক্ষণত হে দেখিবলৈ পোৱা যায়।

এই পৰিঘটনাটো পাঁচ ঘণ্টাৰো অধিক সময় ধৰি চলিব, যেতিয়া চন্দ্ৰক পৃথিৱীৰ ছাঁটোৱে সম্পূৰ্ণৰূপে আৱৰি ৰাখিব।

ভাৰতীয় সময় অনুসৰি অহা ৭ ছেপ্টেম্বৰ দেওবাৰে নিশা ৯:৫৮ বজাত চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু মাজনিশা ১:২৬ বজাত অন্ত পৰিব।

নিশা ১১.০০ বজাৰ পৰা ১২.২২ বজালৈ চন্দ্ৰগ্ৰহণৰ চৰম স্তৰত থাকিব।আৰু সেই সময়তে চন্দ্ৰটো ৰঙা হৈ উঠিব। এই  পৰিঘটনাটো এছিয়া, পশ্চিম অষ্ট্ৰেলিয়া, ইউৰোপ আৰু আফ্ৰিকাত বেছিকৈ দেখা পোৱা যাব।

লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত

শেহতীয়া প্ৰৱন্ধসমূহ