সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াললৈ পাকিস্তান চৰকাৰৰ সাহাৰ্য; দিব ১৪ কোটি টকাৰ ক্ষতিপূৰণৰ ঘোষণা

পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰ এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে, কাৰণ ৰাষ্ট্ৰসংঘৰ ঘোষিত সন্ত্ৰাসবাদী তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক ১৪ কোটি টকাৰ ক্ষতিপূৰণ দিব পাৰে বুলি জানিব পৰা গৈছে। আচলতে পাকিস্তান চৰকাৰে ভাৰতীয়ৰ আক্ৰমণত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা

পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰ এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে, কাৰণ ৰাষ্ট্ৰসংঘৰ ঘোষিত সন্ত্ৰাসবাদী তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক ১৪ কোটি টকাৰ ক্ষতিপূৰণ দিব পাৰে বুলি জানিব পৰা গৈছে।

আচলতে পাকিস্তান চৰকাৰে ভাৰতীয়ৰ আক্ৰমণত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।এই আক্ৰমণত ধ্বংস হোৱা ঘৰ আৰু অট্টালিকাসমূহ পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও দিছে।

এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ভাৰতীয় বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক উভয়ে,আশংকা কৰা হৈছে যে নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাবোৰ পুনৰবাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব পাৰে।

ভাৰতীয় বিমান আক্ৰমণত নিহত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।এই ধন মৃতকৰ ঘনিষ্ঠ আত্মীয়ক দিয়া হ’ব।

অৰ্থাৎ যদি মাছুদ আজহাৰক একমাত্ৰ আইনী উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়, তেন্তে তেওঁ ১৪ কোটি টকা পাব পাৰে। কাৰণ তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যক হত্যা কৰা হৈছিল।

অপাৰেচন সিন্দূৰত আজহাৰৰ ডাঙৰ ভগ্নী আৰু তেওঁৰ স্বামী, এজন ভতিজা আৰু তেওঁৰ পত্নী, এগৰাকী ভতিজী আৰু তেওঁৰ পৰিয়ালৰ পাঁচটা সন্তানৰ মৃত্যু হৈছিল।

শেহতীয়া প্ৰৱন্ধসমূহ