পাকিস্তানী যুৱতীক বিয়া পাতি চাকৰি হেৰুৱালে চি আৰ পি এফ জোৱানে...

পাকিস্তানী যুৱতীক বিয়া পাতি চাকৰি হেৰুৱালে চি আৰ পি এফ  জোৱানে…

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা চি আৰ পি এফৰ এজন জোৱান মুনীৰ আহমেদক পাকিস্তানী মহিলাৰ সৈতে তেওঁৰ বিবাহৰ সত্য লুকুৱাই ৰখাৰ অভিযোগত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে । কাৰণ তেওঁৰ এই আচৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি ধৰা পৰিছে । মুনীৰ আহমেদৰ অন্তিম পোষ্টিং আছিল

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা চি আৰ পি এফৰ এজন জোৱান মুনীৰ আহমেদক পাকিস্তানী মহিলাৰ সৈতে তেওঁৰ বিবাহৰ সত্য লুকুৱাই ৰখাৰ অভিযোগত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে । কাৰণ তেওঁৰ এই আচৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি ধৰা পৰিছে । মুনীৰ আহমেদৰ অন্তিম পোষ্টিং আছিল দেশৰ প্ৰধান আভ্যন্তৰীণ নিৰাপত্তা বাহিনী চি আৰ পি এফৰ ৪১ নং বেটেলিয়নত । জানিব পৰা মতে কোনো ধৰণৰ তদন্তৰ প্ৰয়োজন নোহোৱা নিয়মৰ অধীনত মুনীৰ আহমেদক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

মুনীৰ আহমেদৰ বিৰুদ্ধে কি অভিযোগ ?

‘মুনীৰ আহমেদক পাকিস্তানী নাগৰিকৰ সৈতে বিবাহৰ তথ্য লুকুৱাই ৰখা আৰু ইচ্ছাকৃতভাৱে ভিছাৰ বৈধতাৰ বাহিৰত আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে ।’ চি আৰ পি এফৰ মুখপাত্ৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) এম ধীনকৰনে কয় যে তেওঁৰ এই কাৰ্য্য সেৱা আচৰণ উলংঘা কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক গণ্য কৰা হৈছে ।

এইদৰে প্ৰকাশ পালে এজন চি আৰ পি এফ জোৱানৰ বিবাহ-

উল্লেখ্য যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গ্ৰহণ কৰা কূটনৈতিক ব্যৱস্থাৰ অংশ হিচাপে ভাৰতে পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পিছতে চি আৰ পি এফ জোৱান মুনীৰ আহমেদৰ মিনাল খানৰ সৈতে বিবাহৰ কথা পোহৰলৈ আহিছিল । যোৱা বছৰৰ ২৪ মে’ত ভিডিঅ’ কলৰ জৰিয়তে দুয়োৰে বিবাহ সম্পন্ন হৈছিল । চি আৰ পি এফৰ তদন্তত দেখা গৈছে যে জোৱানজনে তেওঁৰ বিবাহ আৰু ভাৰতত থকাৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা নাছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ