আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ! ট্ৰাম্পৰ ১০৪% শুল্কৰ পিছত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনে আৰোপ কৰিছে ৮৪% শুল্ক

চীন আৰু আমেৰিকাৰ মাজত শুল্ক যুদ্ধ এতিয়া যেন তীব্ৰ ভাৱে বৃদ্ধি পাইছে। মঙলবাৰে আমেৰিকাই চীনৰ ওপৰত ১০৪ শতাংশ বৃহৎ শুল্ক আৰোপ কৰে। ইয়াৰ পিছত আজি বুধবাৰে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰিছে।এই শুল্ক ১০ এপ্ৰিলৰ পৰা অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ

চীন আৰু আমেৰিকাৰ মাজত শুল্ক যুদ্ধ এতিয়া যেন তীব্ৰ ভাৱে বৃদ্ধি পাইছে। মঙলবাৰে আমেৰিকাই চীনৰ ওপৰত ১০৪ শতাংশ বৃহৎ শুল্ক আৰোপ কৰে।

ইয়াৰ পিছত আজি বুধবাৰে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰিছে।এই শুল্ক ১০ এপ্ৰিলৰ পৰা অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব।

ইয়াৰ বাবেই ট্ৰাম্প আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।বাণিজ্য যুদ্ধৰ পিছত আৰম্ভ হোৱা এই শুল্ক যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে দেখা যায়।

যোৱা মাহলৈকে আমেৰিকাই চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল। ইয়াৰ পিছত ড’নাল্ড ট্ৰাম্পে ২ এপ্ৰিলত ৬০খন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল।

ইয়াত চীনৰ ওপৰত ৩৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছিল। ইয়াৰ ফলত চীনৰ ওপৰত মুঠ ৪৪ শতাংশ শুল্ক আৰোপ কৰা হয়।

ট্ৰাম্পৰ ঘোষণাৰ কিছু সময়ৰ পাছতে হোৱাইট হাউছে সমগ্ৰ বিশ্বৰ ওপৰত অতিৰিক্ত ১০ শতাংশ অপাৰস্পৰিক শুল্ক আৰোপ কৰিব বুলি কয়।ইয়াৰ ফলত চীনৰ ওপৰত শুল্ক ৫৪ শতাংশলৈ বৃদ্ধি পায়।

যাৰ বাবে চীনে ইয়াৰ প্ৰতিশোধ লৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক ঘোষণা কৰে।এই ঘোষণাৰ ৪৮ ঘণ্টা নৌহওঁতেই ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰি মুঠ শুল্ক ১০৪ শতাংশলৈ বৃদ্ধি কৰি প্ৰতিশোধ লয়।এতিয়া চীনে আজি পুনৰ প্ৰতিশোধ লৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ