কিমান দামী ভাৰত-পাকিস্তান মেচৰ টিকট ?

কিমান দামী ভাৰত-পাকিস্তান মেচৰ টিকট ? কাইলৈৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফীৰ অনলাইন বিক্ৰী…

ফেব্ৰুৱাৰীত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । প্ৰতিযোগিতাখনত ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা মেচখন হ’ল ভাৰত-পাকিস্তানৰ মেচ । কিন্তু এই সকলোবোৰৰ আগতে অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে ১০খন খেলৰ (দ্বিতীয় ছেমি

ফেব্ৰুৱাৰীত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । প্ৰতিযোগিতাখনত ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা মেচখন হ’ল ভাৰত-পাকিস্তানৰ মেচ । কিন্তু এই সকলোবোৰৰ আগতে অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে ১০খন খেলৰ (দ্বিতীয় ছেমি ফাইনেলকে ধৰি) টিকটৰ মূল্য । লগতে জনোৱা হৈছে যে মঙলবাৰৰ পৰা (২৮ জানুৱাৰী) টিকটৰ অনলাইন বিক্ৰী আৰম্ভ হ’ব । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত খোল খাব টিকটৰ উইণ্ডো । টিকট কিনিবলৈ প্ৰথমে পঞ্জীয়ন কৰিব লাগিব, যিটো ইতিমধ্যে আৰম্ভ হৈছে ।

উল্লেখ্য যে সস্তা টিকটটোৰ দাম ১০০০ পাকিস্তানী টকা যিটো ভাৰতত ৩১০ টকাৰ সমতুল্য হ’ব । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বৰ্তমান কেৱল ঘৰুৱা খেলৰ বাবেহে টিকটৰ মূল্য প্ৰকাশ কৰিছে । অৰ্থাৎ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া মেচসমূহৰ টিকট কিমান সস্তা আৰু কিমান ব্যয়বহুল সেই কথা পোহৰলৈ আহিছে ।

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া মেচৰ টিকটৰ মূল্য…

-পাকিস্তানত ৩খন ষ্টেডিয়াম, কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত সকলো খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত আটাইতকৈ সস্তা টিকট ১০০০ পাকিস্তানী টকা (প্ৰায় ৩১০ ভাৰতীয় টকা) ।

-ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া পাকিস্তান-বাংলাদেশৰ খেলখনৰ আটাইতকৈ সস্তা টিকট ২০০০ পাকিস্তানী টকা (প্ৰায় ৬২০ ভাৰতীয় টকা) ।

-পাকিস্তানত মাত্ৰ এখন ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব, যাৰ টিকটৰ মূল্য ২৫০০ পাকিস্তানী টকা (৭৭৬ ভাৰতীয় টকা)ৰ পৰা আৰম্ভ হ’ব ।

-ভি ভি আই পি টিকটৰ মূল্য ১২০০০ পাকিস্তানী টকা (৩৭২৬ ভাৰতীয় টকা) ৰখা হৈছে ।

-ছেমি ফাইনেলৰ ভি ভি আই পি টিকটৰ মূল্য হ’ব ২৫,০০০ পাকিস্তানী টকা (৭,৭৬৪ ভাৰতীয় টকা) ।

-প্ৰিমিয়াৰ গেলেৰীৰ টিকটৰ মূল্য সকলো ষ্টেডিয়ামতে ভিন্ন হ’ব । কৰাচীৰ প্ৰিমিয়াৰ গেলেৰীৰ টিকটৰ মূল্য হ’ব ৩৫০০ পাকিস্তানী টকা (১০৮৬ ভাৰতীয় টকা)।

-আনহাতে লাহোৰত পাকিস্তান-বাংলাদেশৰ খেলৰ টিকটৰ মূল্য হ’ব ৫০০০ পাকিস্তানী টকা (১৫৫০ ভাৰতীয় টকা) আৰু ৰাৱালপিণ্ডিত ৭০০০ পাকিস্তানী টকা (২১৭০ ভাৰতীয় টকা) ।

-ভি আই পি টিকটৰ মূল্যও বেলেগ বেলেগ হ’ব । কৰাচীৰ বাবে ৭০০০ পিকেআৰ (২,১৭১ INR), লাহোৰৰ বাবে ৭,৫০০ পিকেআৰ (২,৩২৬ INR) আৰু বাংলাদেশৰ মেচৰ বাবে ১২,৫০০ পিকেআৰ (৩,৮৭৭ INR) হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ