ৰাজ্যসভাৰ ভিতৰত টকাৰ বাণ্ডিল ; কংগ্ৰেছৰ সাংসদৰ আসনৰ তলত কেনেকৈ ওলাল ইমান টকা

ৰাজ্যসভাত নিৰাপত্তা পৰীক্ষাৰ সময়ত, কংগ্ৰেছৰ এজন সাংসদৰ আসনৰ তলত টকাৰ বাণ্ডল বাড উদ্ধাৰ হোৱাৰ ঘটনাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। জানিব পৰা মতে বৃহস্পতিবাৰে নিৰাপত্তা পৰীক্ষাৰ সময়ত, ২২২ নম্বৰৰ আসনত উদ্ধাৰ হৈছিল টকাৰ বাণ্ডিল। সেই ঘটনাক লৈ আজিও ৰাজ্যসভাত হুলস্থূল হৈছে। দৰাচলতে ৰাজ্যসভাৰ কংগ্ৰেছৰ

ৰাজ্যসভাত নিৰাপত্তা পৰীক্ষাৰ সময়ত, কংগ্ৰেছৰ এজন সাংসদৰ আসনৰ তলত টকাৰ বাণ্ডল বাড উদ্ধাৰ হোৱাৰ ঘটনাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।

জানিব পৰা মতে বৃহস্পতিবাৰে নিৰাপত্তা পৰীক্ষাৰ সময়ত, ২২২ নম্বৰৰ আসনত উদ্ধাৰ হৈছিল টকাৰ বাণ্ডিল। সেই ঘটনাক লৈ আজিও ৰাজ্যসভাত হুলস্থূল হৈছে।

দৰাচলতে ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভিৰ আসনত নগদ ধনৰ বাণ্ডিল উদ্ধাৰ হোৱা পাছতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা কৰাৰ পাছতে বিষয়টোক লৈ সৰৱ হৈছে শাসকীয় পক্ষ।

একে সময়তে, ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কয় যে সমগ্ৰ বিষয়টো নিয়ম অনুসৰি তদন্ত কৰা হ’ব। কিন্তু এই সন্দৰ্ভত অভিষেক মনু সিংভিয়ে কয় যে তেওঁ এই বিষয়া একো নাজানে । তেওঁ লগতে কয় যে “মই মাত্ৰ ৫০০ টকা লৈ গৈছিলো”।

উল্লেখ্য যে সাংসদ অভিষেক মনু সিংভি হৈছে তেলেংগনাৰ কংগ্ৰেছ সাংসদ। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে জগদীপ ধনখড়েক উদ্দেশ্যি কয় যে, তদন্ত শেষ নোহোৱা পৰ্যন্ত আৰু এই অভিযোগ সঁচা বুলি প্ৰমাণ নোহোৱালৈ সভাপতিগৰাকীয়ে অভিষেক মনু সিংভিৰ নাম লোৱাতো উচিত নাছিল। এনেকুৱা ধৰণৰ কাম কৰিয়ে দেশখনক বদনাম কৰিছে বুলিও অভিযোগ কৰে খৰ্গেয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ