কি হয় এই হেম্মাৰ বোমা আৰু SCALP ক্ৰুজ মিছাইল?  যিয়ে ধ্বংস কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদৰ ঘাটি

পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে বিমান আক্ৰমণ চলায়।ভাৰতীয় সেনাৰ এই কাৰ্যক অপাৰেচন সিন্দূৰ নামেৰে নামাকৰণ কৰা হৈছে। অপাৰেচন সিন্দূৰত বহু ধৰণৰ ক্ষেপণাস্ত্ৰ আৰু বোমা ব্যৱহাৰ কৰা হৈছিল।এই আক্ৰমণত ভাৰতে SCALPক্ৰুজ মিছাইল আৰু Hammer bomb ব্যৱহাৰ কৰিছিল। SCALP হৈছে দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল, যিটো ভাৰত চৰকাৰে

পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে বিমান আক্ৰমণ চলায়।ভাৰতীয় সেনাৰ এই কাৰ্যক অপাৰেচন সিন্দূৰ নামেৰে নামাকৰণ কৰা হৈছে।

অপাৰেচন সিন্দূৰত বহু ধৰণৰ ক্ষেপণাস্ত্ৰ আৰু বোমা ব্যৱহাৰ কৰা হৈছিল।এই আক্ৰমণত ভাৰতে SCALPক্ৰুজ মিছাইল আৰু Hammer bomb ব্যৱহাৰ কৰিছিল।

SCALP হৈছে দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল, যিটো ভাৰত চৰকাৰে ৰাফেল চুক্তিৰ অধীনত ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে।এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ৫০০ কিলোমিটাৰতকৈও অধিক।ইয়াৰ ওজন প্ৰায় ১৩০০ কিলোগ্ৰাম।

ই মাটিৰ ওপৰেৰে উৰি ৰাডাৰ এৰাই চলি লক্ষ্যত খুন্দা মাৰে। ই টাৰগেটত নিখুতভাৱে লক্ষ্য কৰি আক্ৰমণ কৰে, যাৰ বাবে জীৱন আৰু সম্পত্তিৰ ক্ষতি বহুত কম হয়।

ই ইনফ্ৰাৰেড আৰু জিপিএছ নেভিগেচনত কাম কৰে, যিয়ে লক্ষ্যক সম্পূৰ্ণৰূপে ধ্বংস কৰে।এটা ক্ষেপণাস্ত্ৰৰ আনুমানিক ব্যয় প্ৰায় ৩০ৰ পৰা ৩৫ কোটি টকা।

হেম্মাৰ বোমাও ফ্ৰান্সতে তৈয়াৰ কৰা হয়। এই বোমা যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰা হয়।ইয়াত জিপিএছ, ইনৰ্শিয়ল নেভিগেচন আৰু লেজাৰ গাইডেন্স ব্যৱহাৰ কৰি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই ধ্বংসাত্মক বোমাটোৱে ৬০ৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত লক্ষ্যত সঠিকভাৱে আঘাত কৰিবলৈ সক্ষম।এই বোমাটোৰ সহায়ত ভূগৰ্ভস্থ বাংকাৰ আৰু নিৰাপদ স্থান ধ্বংস কৰা হয়।

ইয়াৰ ওজন ১২৫ কেজিৰ পৰা ১০০০ কিলোগ্ৰাম।এই বোমাটো চলন্ত বাহন, বাংকাৰ, অট্টালিকা আদি লক্ষ্য ধ্বংস কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।মূল্যৰ কথা ক’বলৈ গ’লে প্ৰতিটো বোমাত প্ৰায় ৩-৫ কোটি টকা।

শেহতীয়া প্ৰৱন্ধসমূহ