T-20

T-20 বিশ্বকাপৰ বাবে প্ৰথমবাৰলৈ যোগ্যতা অৰ্জন ইটালীৰ ….

T-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ICC পুৰুষৰ T-20 বিশ্বকাপ ২০২৬ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব, যাৰ হষ্টিং ভাৰত আৰু শ্ৰীলংকাক দিয়া হৈছে। এই T-20 বিশ্বকাপৰ বাবে ইটালীৰ দলটোৱেও যোগ্যতা অৰ্জন কৰিছে।ইটালীয়ে T-20 বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ৰ জৰিয়তে এই মেগা টুৰ্ণামেণ্টত স্থান লাভ কৰিছে। এই

T-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন

ICC পুৰুষৰ T-20 বিশ্বকাপ ২০২৬ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব, যাৰ হষ্টিং ভাৰত আৰু শ্ৰীলংকাক দিয়া হৈছে।

এই T-20 বিশ্বকাপৰ বাবে ইটালীৰ দলটোৱেও যোগ্যতা অৰ্জন কৰিছে।ইটালীয়ে T-20 বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ৰ জৰিয়তে এই মেগা টুৰ্ণামেণ্টত স্থান লাভ কৰিছে।

এই কোৱালিফায়াৰ প্ৰতিযোগিতাখন নেদাৰলেণ্ডৰ হেগত অনুষ্ঠিত হৈছিল। ইটালীৰ দলটোৱে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিব।ইটালীৰ লগতে নেদাৰলেণ্ডেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

নেদাৰলেণ্ড আৰু ইটালীয়ে ক্ৰমে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা ক্ৰমশ: ১৪ আৰু ১৫ নং দল।আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ বাহিৰেও আফগানিস্তান, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ইংলেণ্ড, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড, পাকিস্তান আৰু কানাডাও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

বাকী ৫টা দলৰ সিদ্ধান্ত এতিয়াও হোৱা নাই। ২ টা দল আফ্ৰিকা কোৱালিফায়াৰ আৰু ৩টা দল এছিয়া-ইএপি কোৱালিফায়াৰ জৰিয়তে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ ত প্ৰৱেশ কৰিব।

ইটালীয়ে টি-২০ বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ত দ্বিতীয় স্থান দখল কৰি মেগা ইভেণ্টত স্থান লাভ কৰে।আনহাতে নেদাৰলেণ্ডে এই কোৱালিফায়াৰ প্ৰতিযোগিতাত ৬ পইণ্টেৰে প্ৰথম স্থান দখল কৰে।

লগতে পঢ়ক: কেটেৰিনা চিনিয়াকোভা আৰু ছেম ভাৰবেকে দখল কৰিলে মিক্সড ডাবলছৰ খিতাপ

শেহতীয়া প্ৰৱন্ধসমূহ