লজ্জাজনক; বিদ্যালয়তে ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বোগবাঁহাত জঘন্য ঘটনা সংঘটিত হৈছে। শিক্ষগুৰুৰ কামনাৰ বলি হ’ল পঞ্চম শ্ৰেণীৰ ছাত্ৰী । স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকগৰাকীক হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়ে । শিক্ষক কুশল তালুকদাৰে সংঘটিত কৰিছে এই জঘন্য কাণ্ডটো। জানিব পৰা মতে শিক্ষক তালুকদাৰে দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক কৰি আহিছিল

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বোগবাঁহাত জঘন্য ঘটনা সংঘটিত হৈছে। শিক্ষগুৰুৰ কামনাৰ বলি হ’ল পঞ্চম শ্ৰেণীৰ ছাত্ৰী । স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকগৰাকীক হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়ে ।

শিক্ষক কুশল তালুকদাৰে সংঘটিত কৰিছে এই জঘন্য কাণ্ডটো।  জানিব পৰা মতে শিক্ষক তালুকদাৰে দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক কৰি আহিছিল শাৰীৰিক নিৰ্যাতন ।

স্কুল চুটিৰ পিছত ছাত্ৰীগৰাকীক অকলশৰীয়াকৈ পঢ়ুৱাৰ অজুহাতত অকলে ৰাখিছিল শ্ৰেণীকোঠাত । সেই সময়তে ছাত্ৰীগৰাকীৰ দেহৰ গোপন অংগত স্পৰ্শ কৰিছিল শিক্ষক কুশল তালুৰদাৰে ।

উপায়ন্তৰ হৈ ছাত্ৰী গৰাকীয়ে প্ৰথমে সহপাঠী এগৰাকীক কোৱাৰ পিছত সহপাঠী গৰাকীয়ে সমগ্ৰ ঘটনাটো ছাত্ৰীগৰাকীৰ মাকক অৱগত কৰে ।

তাৰ পিছত শুক্ৰবাৰে একে ঘটনা সংঘটিত কৰাত ছাত্ৰীগৰাকীয়ে কান্দি কান্দি বিদ্যালয়ৰ পৰা ওলাই গৈ মাক তথা স্থানীয় লোকক অৱগত কৰে।তাৰ পিছতে শিক্ষকগৰাকীক ৰাইজে বিদ্যালয়ত আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিক্ষকগৰাকীক আটক কৰি ন্যায়ালয়লৈ প্ৰেৰণ কৰে । স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি শিক্ষকগৰাকীৰ শাস্তি দাবী কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ