ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমবাৰৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰিব ৷ বিগত ৪০ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথম আনুষ্ঠানিক ভ্ৰমণ।
ভাৰত আৰু নিউজিলেণ্ডৰ সম্পৰ্কত এক নতুন অধ্যায় সংযোজিত হ’বলৈ গৈ আছে। ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি (FTA) ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুলাইত নিউজিলেণ্ড ভ্ৰমণ কৰিব। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে এই কথা নিশ্চিত কৰি কয় যে বিগত ৪০ বছৰৰ ভিতৰত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম চৰকাৰী নিউজিলেণ্ড ভ্ৰমণ হ’ব।
প্ৰধানমন্ত্ৰী মোদী ১০ জুলাইত নিউজিলেণ্ড উপস্থিত হ’ব আৰু পিছদিনা ভাৰতলৈ ঘূৰি আহিব। লাক্সনে এই ভ্ৰমণক দুয়োখন দেশৰ সম্পৰ্কৰ বাবে “ঐতিহাসিক” বুলি অভিহিত কৰিছে। চলিত বৰ্ষৰে ২৭ এপ্ৰিলত নতুন দিল্লীত ভাৰত আৰু নিউজিলেণ্ডে ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত (FTA) স্বাক্ষৰ কৰিছিল। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে এক্স যোগে দিয়া এক বিবৃতিত এই কথা ঘোষণা কৰে। শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ জৰিয়তে তেওঁ জনায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ডলৈ আহিব।
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে লিখিছে, “মই এই কথা ঘোষণা কৰি অত্যন্ত সুখী হৈছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত নিউজিলেণ্ডলৈ তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণ কৰিব। তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী হ’ব।”
ক্ৰিষ্টোফাৰ লাক্সনে আৰু লিখিছে, “ভাৰত বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু নিউজিলেণ্ডৰ অৰ্থনৈতিক সমৃদ্ধিৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ দেশ। এপ্ৰিল মাহত স্বাক্ষৰিত নিউজিলেণ্ড-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে আমি দুয়োখন দেশৰ সম্পৰ্কক এক নতুন মাত্ৰালৈ লৈ গৈ আছোঁ, যিয়ে নিউজিলেণ্ডৰ বাবে অধিক কৰ্মসংস্থাপন, উচ্চ ৰপ্তানি আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিব।”
সম্ভাৱ্য ফলাফলসমূহৰ ওপৰত আলোকপাত কৰি লাক্সনে লিখিছে, “ইয়াৰ ফলত ১৪০ কোটি জনসংখ্যাৰ বজাৰখনত আমাৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি বৃদ্ধিৰ নতুন সুযোগ মুকলি হ’ব। ইয়াৰ দ্বাৰা কিৱি (নিউজিলেণ্ডৰ) সমাজলৈ অধিক ধন আহিব, কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু মজুৰি বৃদ্ধি পাব।”
লগতে পঢ়ক: ছানায়ে টাকাইচিক কনিষ্ঠ ভগ্নীৰ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ; চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ









