দক্ষিণ কোৰিয়া

হকী এছিয়া কাপৰ ফাইনেলত ভাৰতৰ দৰ্শনীয় জয়; দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত

হকী এছিয়া কাপৰ ফাইনেলত দক্ষিণ কোৰিয়া ৪-১ ত পৰাস্ত হকী এছিয়া কাপ ২০২৫ৰ অন্তিম মেচত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰে।বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত খেলা এই মেচখনত ভাৰতীয় হকী দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দলটোৱে অহা বছৰ অৰ্থাৎ ২০২৬ চনত

হকী এছিয়া কাপৰ ফাইনেলত দক্ষিণ কোৰিয়া ৪-১ ত পৰাস্ত

হকী এছিয়া কাপ ২০২৫ৰ অন্তিম মেচত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰে।বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত খেলা এই মেচখনত ভাৰতীয় হকী দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত কৰে।

এই জয়ৰ জৰিয়তে দলটোৱে অহা বছৰ অৰ্থাৎ ২০২৬ চনত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

ভাৰতে চতুৰ্থবাৰৰ বাবে হকী এছিয়া কাপৰ খিতাপ দখল কৰিছে। এই জয়ৰ বিশেষ কাৰণ ভাৰতে ৫ বাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে।ইয়াৰ পূৰ্বে ২০১৭ চনত ভাৰতে মালয়েছিয়াক পৰাস্ত কৰি এছিয়া কাপ জয় কৰিছিল।

লগতে পঢ়ক: ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা… অধ্যক্ষকে ধৰি সকলো পদৰ নিৰ্বাচন

শেহতীয়া প্ৰৱন্ধসমূহ