হকী এছিয়া কাপৰ ফাইনেলত ভাৰতৰ দৰ্শনীয় জয়; দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত

হকী এছিয়া কাপৰ ফাইনেলত দক্ষিণ কোৰিয়া ৪-১ ত পৰাস্ত

হকী এছিয়া কাপ ২০২৫ৰ অন্তিম মেচত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰে।বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত খেলা এই মেচখনত ভাৰতীয় হকী দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত কৰে।

এই জয়ৰ জৰিয়তে দলটোৱে অহা বছৰ অৰ্থাৎ ২০২৬ চনত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

ভাৰতে চতুৰ্থবাৰৰ বাবে হকী এছিয়া কাপৰ খিতাপ দখল কৰিছে। এই জয়ৰ বিশেষ কাৰণ ভাৰতে ৫ বাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে।ইয়াৰ পূৰ্বে ২০১৭ চনত ভাৰতে মালয়েছিয়াক পৰাস্ত কৰি এছিয়া কাপ জয় কৰিছিল।

লগতে পঢ়ক: ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা… অধ্যক্ষকে ধৰি সকলো পদৰ নিৰ্বাচন

হকী এছিয়া কাপৰ ফাইনেলত ভাৰত… ৭-০ত পৰাস্ত চীন

হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

হকী এছিয়া কাপৰ ছুপাৰ-৪ পৰ্যায়ত ভাৰতীয় দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে । এতিয়া ৭ ছেপ্টেম্বৰ (দেওবাৰ)ত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত মেচত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা কোৰিয়াৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলে । এই খেলখনত অধিনায়ক হৰমনপ্ৰীত সিঙৰ নেতৃত্বত দলটোৱে আৰম্ভণিৰে পৰা আগ্ৰাসী ৰূপত খেলি চীনক কোনো সুযোগ নিদি জয়লাভ কৰে ।

৭-০ গ’লত পৰাস্ত চীন-

খেলখনত আৰম্ভণিৰে পৰাই ভাৰতে আধিপত্য বিস্তাৰ কৰিছিল । তৃতীয় মিনিটত শৈলেন্দ্ৰ লক্ৰাই গ’ল দিয়াৰ বিপৰীতে ষষ্ঠ মিনিটত দিলপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰত গ’ল দি দলটোক ২-০ত আগুৱাই লৈ যায় । ইয়াৰ পাছত দ্বিতীয় কোৱাৰ্টাৰত ১৭ মিনিটত পেনাল্টি কৰ্ণাৰত মনদ্বীপ সিঙে গ’ল দিয়াত ৩-০ গ’লত অগ্ৰগতি লাভ কৰে ভাৰতে ।

তৃতীয় কোৱাৰ্টাৰতো ভাৰতৰ আধিপত্য অব্যাহত থাকে । ৩৬ মিনিটত ৰাজপাল কুমাৰে আৰু ৩৮ মিনিটত সুখজীত সিঙে গ’ল দি ভাৰতক ৫-০ গ’লত অগ্ৰগতি প্ৰদান কৰে । চতুর্থ কোৱার্ৰত শক্তিশালী প্রদর্শন কৰি অভিষেকে ৪৫ আৰু ৪৯ মিনিটত একেৰাহে দুটা গ’ল দি ভাৰতক জয়ৰ সোৱাদ দিয়ে ৷ সমগ্ৰ খেলখনত ভাৰতীয় খেলুৱৈসকলে শক্তিশালী আক্ৰমণ আৰু সঠিক ৰক্ষণাবেক্ষণ প্ৰদৰ্শন কৰে । চীনে এটাও গ’ল দিব নোৱাৰি সম্পূৰ্ণ বেকফুটত থাকে । ৭-০ গ’লত জয়লাভ কৰি ভাৰত এতিয়া এছিয়া কাপৰ খিতাপৰ মেচত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ।

৭ পইণ্টেৰে শীৰ্ষত ভাৰত-

উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত ভাৰতে ছুপাৰ-৪ ষ্টেজ টেবুলত প্ৰথম স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । এই পৰ্যায়ত ভাৰতীয় হকী দলটোৱে মুঠ তিনিখন খেল খেলিছিল । ৩ ছেপ্টেম্বৰত কোৰিয়াৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচ ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয় । ইয়াৰ পিছত ৪ ছেপ্টেম্বৰত ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে খেলিছিল, য’ত হৰমনপ্ৰীতৰ নেতৃত্বত ৪-১ গ’লত জয়লাভ কৰিছিল দলটোৱে । শনিবাৰে দলটোৱে চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । এতিয়া ৭ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰত ।

লগতে পঢ়ক : এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া; ICC একাডেমীত আৰম্ভ অনুশীলন

হকী এছিয়া কাপত ভাৰতীয় দলৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়…

হকী এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়বাৰৰ বাবে জয়

বিহাৰৰ ৰাজগীৰত চলি থকা হকী এছিয়া কাপত ভাৰতীয় দলটোৱে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি পুল-এত জাপানৰ বিৰুদ্ধে দ্বিতীয়খন খেলত ৩-২ ত জয়লাভ কৰে।

এই প্ৰতিযোগিতাত ভাৰতীয় হকী দলৰ প্ৰথমখন খেল চীনা দলৰ বিৰুদ্ধে আছিল, য’ত তেওঁলোকে ৪-৩ ত জয়ী হ’বলৈ সক্ষম হয়।

এতিয়া টিম ইণ্ডিয়াই জাপানৰ বিৰুদ্ধেও একে ছন্দ অব্যাহত ৰাখিলে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে সৰ্বাধিক ২টা  গ’ল দিয়ে, আনহাতে এটা গ’ল ৰাজ কুমাৰ পালে দিয়ে।

জাপানৰ বিৰুদ্ধে হকী এছিয়া কাপত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি ছুপাৰ-৪ত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।পুল-এৰ পইণ্ট টেবুলত ২টা জয়ৰ পাছত ৬ পইণ্টেৰে শীৰ্ষত আছে টিম ইণ্ডিয়া।

আনহাতে এই মেচত পৰাজয়ৰ বাবে জাপানে এতিয়া তৃতীয় স্থানত উপনীত হৈছে।ভাৰতীয় দলৰ হৈ এই পৰ্যন্ত ২ খন খেলত সৰ্বাধিক গ’ল দিছে অধিনায়ক হৰমনপ্ৰীত সিঙে। য’ত তেওঁ এতিয়ালৈকে মুঠ ৫টা গ’ল দিছে।

লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ…