ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিক আদৰণি ভাৰতৰ

ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিক আদৰণি ভাৰতৰ; আমেৰিকা-কাটাৰৰ ভূমিকাক শলাগ

ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিক আদৰণি ভাৰতৰ ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধবিৰতিক ভাৰত চৰকাৰে মঙলবাৰে আদৰণি জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে ভাৰতে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণ আৰু কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণকে ধৰি সংঘাতৰ নিশাৰ ভিতৰতে

ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিক আদৰণি ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধবিৰতিক ভাৰত চৰকাৰে মঙলবাৰে আদৰণি জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে ভাৰতে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণ আৰু কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণকে ধৰি সংঘাতৰ নিশাৰ ভিতৰতে ঘটা পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে ।

‘নিৰাপত্তা আৰু স্থিতিশীলতাৰ প্ৰতি চিন্তিত’

বৈদেশিক মন্ত্ৰালয়ে কয় যে, ‘আমি আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে গভীৰভাৱে চিন্তিত, কিন্তু ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ খবৰ আৰু ইয়াক সম্ভৱ কৰি তোলাত আমেৰিকা আৰু কাটাৰে লোৱা ভূমিকাক আদৰণি জনাইছো ।’ ভাৰতে এই কথাও পুনৰ কয় যে ‘অঞ্চলটোত চলি থকা বহু বিবাদৰ সমাধানৰ একমাত্ৰ উপায় হৈছে আলোচনা আৰু কূটনীতি’ ।

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়-

পশ্চিম এছিয়াৰ উত্তেজনা সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে কয় যে পৰিস্থিতি সমাধানৰ প্ৰচেষ্টাত ভাৰতে নিজৰ ভূমিকা পালন কৰিবলৈ সাজু । ভাৰতে আশা কৰিছে যে সংশ্লিষ্ট সকলো পক্ষই স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ দিশত কাম কৰিব ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল ড’নাল্ড ট্ৰাম্প; ক’লে- ইৰাণক লৈয়ো সুখী নহয়

শেহতীয়া প্ৰৱন্ধসমূহ