শ্যামকানু মহন্ত

“তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত,ছিংগাপুৰৰ অকাংশ অসমীয়া”; মুখ্যমন্ত্ৰী

তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দি গৈছে প্ৰতিটো ক্ষণৰ খবৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ছিংগাপুৰত ইতিমধ্যে সম্পন্ন হ’ল মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে এখন বিশেষ বিমানেৰে ছিংগাপুৰৰ পৰা অসমলৈ লৈ অনাৰ যো-জা কৰি থকা হৈছে।আৰু দেওবাৰে

তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দি গৈছে প্ৰতিটো ক্ষণৰ খবৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ছিংগাপুৰত ইতিমধ্যে সম্পন্ন হ’ল মৰণোত্তৰ পৰীক্ষা।

ইতিমধ্যে এখন বিশেষ বিমানেৰে ছিংগাপুৰৰ পৰা অসমলৈ লৈ অনাৰ যো-জা কৰি থকা হৈছে।আৰু দেওবাৰে পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

ইফালে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বহু ঠাইত এজাহাৰ দাখিল কৰা হৈছে।মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে তদন্তৰ আঁওতালৈ আহিব শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰৰ একাংশ অসমীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ১৫জন অসমীয়াক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে।

কেৱল ছিংগাপুৰতে নহয় অসমটো হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত কৰা হ’ব।চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে তদন্ত কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ