শনিবাৰে সন্ধিয়া চেম্পিয়নছ ট্ৰফীৰ বাবে দল বাছনি সন্দৰ্ভত আলোচনাৰ বাবে অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব । কোৱা হৈছে যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত অনুষ্ঠিত হ’বলগীয়া পৰ্যালোচনা বৈঠকৰ সমান্তৰালভাৱে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ ছিৰিজ আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে দলটো বাছনি কৰিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্যসকল বৈঠকত মিলিত হ’ব ।
বুমৰাহ-ছামীৰ ফিটনেছৰ ওপৰত চকু-
তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু প্ৰবীণ পেচাৰ মহম্মদ ছামীৰ ফিটনেছ লেভেলৰ ওপৰতো নিৰ্বাচকসকলে চকু ৰাখিব । অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পিঠিৰ সমস্যাত পৰিছিল বুমৰাহ । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত ভাৰতীয় দলৰ হৈ কোনো মেচ খেলা নাই ছামীয়ে । তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল । কোৱা হৈছে যে তেওঁ হয়তো বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্স ফিজিক্সৰ পৰা সেউজ সংকেত পাব ।
আঘাতৰ পৰা সুস্থ হৈ উঠা ছামীয়ে ৰঞ্জি ট্ৰফী, চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰি নিজৰ ফিটনেছ লেভেল প্ৰমাণ কৰিছে । একে সময়তে যশস্বী জয়ছোৱালে ১৯খন টেষ্ট আৰু ২৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ পাছত এদিনীয়াত সুযোগ দিয়া হ’বনে নাই সেয়াও চাবলগীয়া হ’ব ।
ইংলেণ্ড ছিৰিজৰ বাবেও হ’ব চৰ্চা-
এই সময়ছোৱাত নিৰ্বাচকসকলে চলিত মাহৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টি-২০ আৰু তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাৰ বাবে দল নিৰ্বাচনৰ বিষয়েও আলোচনা কৰিব । অহা ২২ জানুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব সীমিত অভাৰৰ শৃংখলা । দলটোত কোনো আচৰিত নাম থকাৰ সম্ভাৱনা কম কাৰণ টি-২০ দলটোৰ বেছিভাগেই সেই মুখবোৰেই হ’ব যিসকল যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টি-২০ ছিৰিজৰ অংশ আছিল ।
যদি ছামীয়ে চি অ’ ইৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভ কৰে তেন্তে এদিনীয়া দলত স্থান লাভ কৰিব পাৰে । বুমৰাহ আৰু আন এজন পেচাৰ আকাশ দীপে বেংগালুৰুৰ চি অ’ ইত আছে আৰু পিঠিৰ সমস্যাৰ পৰা সুস্থ হৈ উঠিছে । দুয়োজনেই ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ অংশ নহ’ব । যশস্বী এদিনীয়া বা টি-২০ দলৰ অংশ হ’ব আৰু তেওঁৰ লগতে ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ কুমাৰ ৰেড্ডীয়েও সুযোগ পাব পাৰে ।









