মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ পৰা বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই সন্মান লাভ কৰিছে ।

অভেল টেষ্টত দলক দিলে জয়-

ইংলেণ্ডৰ বিৰুদ্ধে এই নিৰ্ণায়ক টেষ্ট মেচখনত মহম্মদ ছিৰাজে মুঠ ৯টা উইকেট দখল কৰে । বিশেষকৈ শেষৰ দিনটোত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । এই জয়েৰে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী অক্ষুণ্ণ ৰাখে ।

বঁটা লাভ কৰাৰ পিছত ডি এছ পি ছিৰাজৰ বক্তব্য-

বঁটা লাভ কৰি সুখ প্ৰকাশ কৰি মহম্মদ ছিৰাজে কয় যে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক বিশেষ সন্মান । এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী আছিল এক স্মৰণীয় শৃংখলা । ইংলেণ্ডত তেওঁলোকৰ শক্তিশালী বেটিঙৰ বিৰুদ্ধে বলিং কৰাটো প্ৰত্যাহ্বানজনক আছিল যদিও ই মোক মোৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত কৰিছিল ।’

ইংলেণ্ড ভ্ৰমণত ছিৰাজৰ প্ৰদৰ্শন-

ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ পাঁচখন টেষ্ট খেলা একমাত্ৰ বলাৰ আছিল মহম্মদ ছিৰাজ । পাঁচখন টেষ্টত সৰ্বাধিক ২৩টা উইকেট দখল কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ সৰ্বাধিক ১৮৫.৩ অভাৰ বলিং কৰাৰ লগতে মুঠ ১১১৩টা বল কৰে । এই সময়ছোৱাত তেওঁ দুবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰে । ইংলেণ্ডত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭০ ৰানত ৬ উইকেট ।

লগতে পঢ়ক : এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ