কেনেকৈ বিশ্বকাপৰ দলত স্থান পালে মহম্মদ ছিৰাজে ?  ৰাজহুৱা কৰিলে সেই বিশেষ মূহূৰ্তৰ কথা

ভাৰতৰ প্রথমখন মেচৰ ঠিক পূর্বে অসুস্থতাৰ বাবে যশপ্রীত বুমৰাহ মূল একাদশৰ পৰা বাহিৰ হয় যাৰ ফলত মহম্মদ ছিৰাজৰ বাবে প্লেইং এলেভেনত প্রৱেশৰ বাট মুকলি হয় ৷

ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে প্ৰকাশ কৰে যে যেতিয়া তেওঁক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দলত যোগদানৰ আহ্বান জনোৱা হৈছিল, তেতিয়া তেওঁ প্ৰথমে ভাবিছিল যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ধেমালি কৰিছে । দৰাচলতে হৰ্ষিত ৰানাৰ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছিল ছিৰাজক । প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছিল । বিচিচিআইয়ে অভিজ্ঞতাক অগ্ৰাধিকাৰ দি ছিৰাজক দলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লয় যাতে অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহৰ সৈতে বলিং আক্ৰমণ অধিক শক্তিশালী হয় ।

কিন্তু বিপদ ইয়াতেই শেষ নোৱা নাছিল । ভাৰতৰ প্রথমখন মেচৰ ঠিক পূর্বে অসুস্থতাৰ বাবে যশপ্রীত বুমৰাহ মূল একাদশৰ পৰা বাহিৰ হয় যাৰ ফলত মহম্মদ ছিৰাজৰ বাবে প্লেইং এলেভেনত প্রৱেশৰ বাট মুকলি হয় ৷ শুকুৰবাৰে সন্ধিয়া ছিৰাজে দলত যোগদান কৰি কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ পোনে পোনে মেচখনত প্ৰৱেশ কৰে ।

২০২৪ চনৰ জুলাই মাহৰ পিছত ছিৰাজৰ এইখন আছিল প্ৰথম আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ । নতুন বলৰ সৈতে তেওঁ শক্তিশালী বলিং কৰে ।  প্ৰথম অভাৰতে তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰে । ছিৰাজে ৪ অভাৰত ২৯ ৰানৰ বিনিময়ত ৩ উইকেট দখল কৰে । তেওঁৰ শক্তিশালী বলিঙৰ বাবে চতুৰ্থ অভাৰত ১৩ ৰানত ৩ উইকেট হেৰুৱাই আমেৰিকাই আৰু ইয়াৰ পিছত দলটোৱে পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম নহ’ল ।

মেচৰ পিছতে এই কথা প্ৰকাশ কৰে ছিৰাজে-

মেচৰ পিছত মহম্মদ ছিৰাজে কয়, “মেচৰ দুদিন পূৰ্বে সূৰ্য ভাইৰ ফোন আহিল । তেওঁ ক’লে, ‘মীয়া, সাজু হোৱা, বেগ পেক কৰা আৰু আহা । মই ক’লোঁ, ‘সূৰ্য ভাই, এতিয়া ধেমালি নকৰিব । আপুনি বহুত ধেমালি কৰে কিন্তু এই বিষয়ত নকৰিব । তাৰ পিছত তেওঁ কয় মই ছিৰিয়াছ । তাৰ পিছত ওজা ভাইৰ ফোন আহিল, তেতিয়াহে মই  এই কথা বিশ্বাস কৰিলোঁ ।”

ছিৰাজৰ আৰম্ভণিৰ মাৰাত্মক বলিং আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ চমৎকাৰ বেটিঙৰ বাবেই ভাৰতে আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে যদিও ভাৰতৰ বাবে খেলখন সহজ নাছিল ।

মহম্মদ ছিৰাজে আৰু কয়, “বিশ্বকাপত খেলাটো প্ৰতিজন খেলুৱৈৰ সপোন । ঈশ্বৰে যি লিখিছে সেয়া হ’ব, কিন্তু কঠোৰ পৰিশ্ৰমো অতি প্ৰয়োজনীয় । সততাৰে কাম কৰিলে নিশ্চিতভাৱে ফলাফল পাব ।”

লগতে পঢ়ক : জয়েৰে অভিযান আৰম্ভ ভাৰতৰ : মেচৰ নায়ক এই তিনিগৰাকী খেলুৱৈ…

টিম ইণ্ডিয়াত সালসলনি ! হৰ্ষিত ৰাণাৰ সলনি এতিয়া খেলিব এইজন স্পীডষ্টাৰ !

বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত হৰ্ষিত ৰাণাৰ সলনি যোগদান কৰিছে এইগৰাকী ফাষ্ট বলাৰে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে হৰ্ষিত ৰাণা বিশ্বকাপৰ দলৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰিছে । বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত হৰ্ষিত ৰাণাৰ সলনি যোগদান কৰিছে ফাষ্ট বলাৰ মহম্মদ ছিৰাজে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত আঘাতপ্ৰাপ্ত হোৱা হৰ্ষিত এতিয়া সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে । বিচিচিআইয়ে হৰ্ষিত ৰাণাৰ ঠাইত ১৫ জনীয়া দলটোত মহম্মদ ছিৰাজক অন্তৰ্ভুক্ত কৰিছে ।

বিচিচিআইয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে, “২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত নৱী মুম্বাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচত আঁঠুৰ আঘাতৰ বাবে আগন্তুক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা ফাষ্ট বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছে । বিচিচিআইৰ চিকিৎসা দলে তেওঁক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে অযোগ্য বুলি ঘোষণা কৰিছে । দল পৰিচালনা সমিতিয়ে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে । ফাষ্ট বলাৰ মহম্মদ ছিৰাজে হৰ্ষিত ৰাণাৰ ঠাইত দলত স্থান লাভ কৰিব ।’

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ আপডেটড দল :

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ (উইকেটকীপাৰ), তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (সহ-অধিনায়ক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু মহম্মদ ছিৰাজ ।

লগতে পঢ়ক : আজিৰে পৰা টি-২০ বিশ্বকাপৰ মহাৰণ : প্ৰথম দিনাই খেলপথাৰত নামিব মেন ইন ব্লু

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই সন্মান লাভ কৰিছে ।

অভেল টেষ্টত দলক দিলে জয়-

ইংলেণ্ডৰ বিৰুদ্ধে এই নিৰ্ণায়ক টেষ্ট মেচখনত মহম্মদ ছিৰাজে মুঠ ৯টা উইকেট দখল কৰে । বিশেষকৈ শেষৰ দিনটোত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । এই জয়েৰে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী অক্ষুণ্ণ ৰাখে ।

বঁটা লাভ কৰাৰ পিছত ডি এছ পি ছিৰাজৰ বক্তব্য-

বঁটা লাভ কৰি সুখ প্ৰকাশ কৰি মহম্মদ ছিৰাজে কয় যে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক বিশেষ সন্মান । এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী আছিল এক স্মৰণীয় শৃংখলা । ইংলেণ্ডত তেওঁলোকৰ শক্তিশালী বেটিঙৰ বিৰুদ্ধে বলিং কৰাটো প্ৰত্যাহ্বানজনক আছিল যদিও ই মোক মোৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত কৰিছিল ।’

ইংলেণ্ড ভ্ৰমণত ছিৰাজৰ প্ৰদৰ্শন-

ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ পাঁচখন টেষ্ট খেলা একমাত্ৰ বলাৰ আছিল মহম্মদ ছিৰাজ । পাঁচখন টেষ্টত সৰ্বাধিক ২৩টা উইকেট দখল কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ সৰ্বাধিক ১৮৫.৩ অভাৰ বলিং কৰাৰ লগতে মুঠ ১১১৩টা বল কৰে । এই সময়ছোৱাত তেওঁ দুবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰে । ইংলেণ্ডত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭০ ৰানত ৬ উইকেট ।

লগতে পঢ়ক : এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ

অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়… শ্বাসৰুদ্ধকৰ মেচত ৬ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ

অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়

লণ্ডনৰ অভেল ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চম টেষ্ট মেচত টিম ইণ্ডিয়াই এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ৫ খনীয়া মেচৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ৰো সামৰণি পৰে । ২-২ ব্যৱধানত এই শৃংখলাৰ সমাপ্ত হয় । শৃংখলাৰ এখন মেচ আছিল ড্ৰ’ ।

শেষৰ দিনটোত ইংলেণ্ডক জয়ী হ’বলৈ ৩৫ ৰানৰ প্ৰয়োজন হৈছিল । আনহাতে ভাৰতক জয়ী হ’বলৈ ৪ উইকেটৰ প্ৰয়োজন আছিল । মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই বলিঙৰ দায়িত্ব লয় । ছিৰাজে প্ৰথমে জেমী স্মিথক আউট কৰে । ইয়াৰ পিছত ছিৰাজে অভাৰটনক চিকাৰ কৰি মেচখনত ভাৰতত আধিপত্য বিস্তাৰ কৰে । ইয়াৰ পিছত প্ৰসিদ্ধ কৃষ্ণই জোচে টংগুক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত ক্ৰীছ ৱ’কেছ ভগা হাতেৰে বেটিং কৰিবলৈ খেলপথাৰলৈ আহিছিল । এটকিনছন আনটো মূৰত থিয় হৈ দলৰ দায়িত্ব লয় । কিন্তু অৱশেষত ছিৰাজে তেওঁকো আউট কৰে আৰু মেচখনত ভাৰতে ৬ ৰানত জয়লাভ কৰে ।

মেচখনত ভাৰতে ইংৰাজ দলটোক ৩৭৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ২২৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ড প্ৰথম ইনিংছ ২৪৭ ৰানত সীমাবদ্ধ আছিল । অৰ্থাৎ আয়োজক ইংলেণ্ডে প্ৰথম ইনিংছৰ ভিত্তিত ২৩ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰে । ইয়াৰ পিছত ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্ৰহ কৰে ।

ভাৰতৰ দ্বিতীয় ইনিংছ : যশস্বীৰ শতক

দ্বিতীয় ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ভাৰতীয় দলৰ হৈ দৰ্শনীয় ১১৮ ৰান সংগ্ৰহ কৰে । এই সময়ত যশস্বীয়ে ১৬৪টা বলৰ মুখামুখি হয় আৰু ১৪টা চাৰি আৰু দুটা ছয় কোবাই । নাইটৱাচমেন আকাশ দীপ (৬৬ ৰান), ৱাশ্বিংটন সুন্দৰ (৫৩ ৰান) আৰু ৰবীন্দ্ৰ জাডেজা (৫৩ ৰান) অৰ্ধশতকৰ অৱদান আগবঢ়াইছিল, যাৰ বাবে ভাৰতীয় দলটোৱে ভাল স্ক’ৰত উপনীত হ’বলৈ সক্ষম হৈছিল । ইংৰাজ দলৰ হৈ বেগী বলাৰ জোছ টংগে ৫টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ গাছ এটকিনছনেও তিনিটা সফলতা লাভ কৰে । আন এজন বেগী বলাৰ জেমী অভাৰটনে দুটা উইকেট দখল কৰে ।

ইংলেণ্ডৰ প্ৰথম ইনিংছ : ক্ৰ’লি-ব্ৰুকৰ অৰ্ধশতক

ইংলেণ্ডৰ প্ৰথম ইনিংছত অ’পেনাৰ জেক ক্ৰ’লিয়ে ৫৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰি সৰ্বাধিক অৰিহণা যোগাইছিল । ইয়াৰ ভিতৰত ক্ৰ’লিৰ বেটৰ পৰা ১৪টা চাৰি আহে । আনজন অ’পেনাৰ বেন ডাকেটে ৩৮টা বলত ৪৩ ৰানৰ ইনিংছ খেলে । ডাকেটে নিজৰ ইনিংছত ৫টা চাৰি আৰু দুটা ছয় কোবাই । হেৰী ব্ৰুকেও ৬৪টা বলৰ সন্মুখীন হৈ ৫৩ ৰান সংগ্ৰহ কৰে । ব্ৰুকে নিজৰ ইনিংছত ৫টা চাৰি আৰু এটা ছয় কোবাই । ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪টাকৈ উইকেট দখল কৰে । পেচ বলাৰ আকাশ দীপেও এটা সফলতা লাভ কৰে ।

ভাৰতৰ প্ৰথম ইনিংছঃ এটকিনছনৰ ৫ উইতকেট, কৰুণৰ অৰ্ধশতক-

ভাৰতীয় দলৰ হৈ প্ৰথম ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে কৰুণ নায়াৰে । কৰুণ নায়াৰে ১০৯টা বলত ৫৭ ৰান বৰঙণি আগবঢ়ায়, য’ত ৮টা চাৰি আছিল । যুৱ বেটছমেন ছাই সুদৰ্শন (৩৮) আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে (২৬ ৰান)ও উপযোগী ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ গাছ এটকিনছনে উজ্জ্বল বলিং কৰি ৫টা উইকেট দখল কৰে । জোছ টংগে তিনিটা উইকেট দখল কৰে । আঘাতপ্ৰাপ্ত বেগী বলাৰ ক্ৰীছ ৱ’কেছে এটা উইকেট দখল কৰে ।

অভেল টেষ্টত ভাৰতীয় দলৰ মূল একাদশ :

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাডেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত