শনিবাৰৰ পৰা আৰম্ভ হৈছে আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ । এইবাৰ প্ৰতিযোগিতাখনত ২০টা দলে অংশগ্ৰহণ কৰিছে যদিও খেলুৱৈতকৈ অফ-ফিল্ড ৰাজনীতি আৰু ড্ৰামাৰ চৰ্চা বেছি হৈছে ।
৭ ফেব্ৰুৱাৰী, শনিবাৰৰ পৰা আৰম্ভ হৈছে আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ । ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিছে এই প্ৰতিযোগিতা । এইবাৰ প্ৰতিযোগিতাখনত ২০টা দলে অংশগ্ৰহণ কৰিছে যদিও খেলুৱৈতকৈ অফ-ফিল্ডৰ ৰাজনীতি আৰু ড্ৰামাৰ চৰ্চা বেছি হৈছে । ডিফেণ্ডিং চেম্পিয়ন আৰু সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টিম ইণ্ডিয়া খিতাপ দখল কৰাৰ সবল প্রতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে ৷
প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে বাংলাদেশ আৰু পাকিস্তানৰ সৈতে জড়িত বিতৰ্কই পৰিৱেশ উত্তপ্ত কৰি তুলিছে । নিৰাপত্তাজনিত চিন্তা আৰু বেগী বলাৰ মুস্তাফিজুৰ ৰহমানৰ আই পি এল চুক্তিক লৈ বিবাদৰ বাবে বাংলাদেশে ভাৰতত খেলিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে পাকিস্তানে বাংলাদেশৰ সমৰ্থনত ভাৰতৰ বিৰুদ্ধে খেল বৰ্জনৰ ঘোষণা কৰে । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও এই সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰে ।
এই বিশ্বকাপৰ প্ৰথম দিনটোত মুঠ তিনিখন খেল অনুষ্ঠিত হ’ব । কলম্বোৰ সিংহলী ক্ৰীড়া কমপ্লেক্সত পাকিস্তান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখন পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় । এই মেচত পাকিস্তান দলটোৱে ৩ উইকেটৰ বিনিময়ত কঠিন জয় সাব্যস্ত কৰে । দুয়োটা দল গ্ৰুপ এত আছে । দ্বিতীয়খন খেল ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ডৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেনত বিয়লি ৩:০০ বজাৰ পৰা অনুষ্ঠিত হৈছে । ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ডক গ্ৰুপ চিত স্থান দিয়া হৈছে । ইয়াৰ পিছতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ এৰ মেচ । খেলখন আৰম্ভ হ’ব নিশা ৭ বজাৰ পৰা ।
খেলপথাৰত টিম ইণ্ডিয়া আটাইতকৈ শক্তিশালী বিবেচিত হৈছে । বিশেষজ্ঞসকলৰ মতে ভাৰতক পৰাস্ত কৰিবলৈ হ’লে এটা দলৰ পৰা অসাধাৰণ প্ৰদৰ্শনৰ প্ৰয়োজন হ’ব, নহ’লে ভাৰতে নিজেই এক উল্লেখযোগ্য ভুল কৰিব লাগিব । যদি ভাৰতে এই বিশ্বকাপত জয়ী হয় তেন্তে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হ’ব, কিন্তু পৰাজয় হ’ব এক ডাঙৰ অঘটন ।
আন আন প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, আৰু শ্ৰীলংকা । অষ্ট্ৰেলিয়াৰ বেটিং শক্তিশালী যদিও তেওঁলোকৰ মূল বেষ্ট বলাৰৰ অভাৱ হ’ব পাৰে । ইংলেণ্ডৰ বেটিং অত্যন্ত আক্ৰমণাত্মক হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বলিংক বিশ্বৰ অন্যতম বিপদজনক বুলি গণ্য কৰা হয় । নিউজীলেণ্ডে উপমহাদেশীয় পৰিস্থিতিৰ লগত খাপ খাই পৰিছে আৰু শ্ৰীলংকাই ঘৰুৱা পৰিস্থিতিৰ সুবিধা ল’ব পাৰে ।
সহযোগী দলসমূহৰ ভিতৰত নেপালৰ চৰ্চা আটাইতকৈ বেছি । সকলোৰে দৃষ্টি থাকিব ৯ বলত অৰ্ধশতক অৰ্জন কৰি বিশ্ব অভিলেখ থকা দিপেন্দ্ৰ সিং আইৰীৰ ওপৰত । আমেৰিকা আৰু ইটালীৰ দৰে দলৰো আকৰ্ষণীয় কাহিনী আছে । সামগ্ৰিকভাৱে বিতৰ্ক আৰু ৰাজনৈতিক উত্তেজনাৰ মাজত আৰম্ভ হোৱা এই টি-২০ বিশ্বকাপ ক্ৰিকেটৰ ৰোমাঞ্চ আৰু অফ-ফিল্ড ড্ৰামা দুয়োটাৰে বাবে স্মৰণীয় হ’ব ।
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল :
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (সহ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, সঞ্জু চেমছন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰা, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, ৰিংকু সিং, মহম্মদ চিৰাজ আৰু ঈশান কিষাণ (উইকেটকীপাৰ) ।
লগতে পঢ়ক : ইংলেণ্ডক ধূলিসাৎ কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, বৈভৱৰ বেটিং পৰাক্ৰম









