আইচিচি এ সলনি কৰিলে মহিলা চেম্পিয়নছ ট্ৰফীৰ সূচী ; ভাৰত-পাক মেচ সন্দৰ্ভতো ডাঙৰ সিদ্ধান্ত

২০২৭ চনত অনুষ্ঠিত হ’ব মহিলা চেম্পিয়নছ ট্ৰফী। এই চেম্পিয়নছ ট্ৰফীক লৈ এতিয়া আইচিচিয়ে সূচীৰ সালসলনি কৰিছে।

আহমেদাবাদত জয় শ্বাহৰ নেতৃত্বত আইচিচিৰ এখন অত্যন্ত জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহিলা ক্ৰিকেটক লৈ কেইবাটাও ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।এই বৈঠকৰ পিছত মহিলা চেম্পিয়নছ ট্ৰফী ২০২৭-ৰ সূচীত পৰিৱৰ্তন কৰা হৈছে। পূৰ্বে এই টুৰ্নামেণ্টখন জুন-জুলাই মাহত হোৱাৰ কথা আছিল, কিন্তু আইচিচি বোৰ্ডে সূচী সলনি কৰি এতিয়া ইয়াক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়া এই টুৰ্নামেণ্টখন নিৰ্ধাৰিত সময়তকৈ পূৰ্বে খেলা হ’ব।

পুৰুষ ক্ৰিকেটৰ দৰেই এতিয়া মহিলা ক্ৰিকেটতো চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি হ’বলৈ গৈ আছে। এই টুৰ্নামেণ্টখনত মুঠ ৮টা দলে অংশগ্ৰহণ কৰিব। পূৰ্বে আইচিচিয়ে ইয়াৰ বাবে ২০২৭ চনৰ জুন-জুলাই মাহটো ঠিক কৰিছিল, কিন্তু আহমেদাবাদত অনুষ্ঠিত শেহতীয়া বৈঠকত ইয়াৰ সূচীত সালসলনি কৰা হৈছে। এতিয়া এই টুৰ্নামেণ্টখন ১৪ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৭-ৰ ভিতৰত খেলা হ’ব। ইয়াত আন এক বিশেষ কথাটো হ’ল পুৰুষ ক্ৰিকেটত চেম্পিয়নছ ট্ৰফী এদিনীয়া (৫০ অভাৰ) ফৰ্মেটত খেলা হয়, কিন্তু মহিলাৰ এই টুৰ্নামেণ্টখন টি-২০ ফৰ্মেটত খেলা হ’ব।

আইচিচিৰ বৈঠকত ২০২৮ চনত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপক লৈও এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। এই টুৰ্নামেণ্টখনৰ আয়োজনৰ দায়িত্ব পাকিস্তানে লাভ কৰিছে, কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে ভাৰতীয় দলটোৱে নিজৰ মেচসমূহ খেলিবলৈ পাকিস্তানলৈ নাযায়। আইচিচিয়ে স্পষ্ট কৰি দিছে যে ভাৰতৰ আটাইকেইখন মেচ কোনো নিউট্ৰেল ভেন্যুত আয়োজন কৰা হ’ব। উল্লেখ্য যে ভাৰতৰ পুৰুষ ক্ৰিকেট দলো চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে পাকিস্তানলৈ যোৱা নাছিল। আনহাতে, ইয়াৰ বিপৰীতে পাকিস্তানী দলো বিগত বৰ্ষত অনুষ্ঠিত মহিলা এদিনীয়া বিশ্বকাপ আৰু এই বছৰৰ পুৰুষ টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ অহা নাছিল।

আইচিচিয়ে মহিলা ক্ৰিকেটক প্ৰসাৰিত কৰিবলৈ এটা নতুন টুৰ্নামেণ্ট আৰম্ভ কৰিবলৈ ওলাইছে, যাৰ নাম হৈছে ‘উইমেনছ ইমাৰ্জিং নেচনছ ট্ৰফী’ (Women’s Emerging Nations Trophy)। এই টুৰ্নামেণ্টখনো টি-২০ ফৰ্মেটত খেলা হ’ব। আইচিচিয়ে এই টুৰ্নামেণ্টখনক লৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে, য’ত মুঠ ১০টা দলে অংশ ল’ব। এই ১০টা দলৰ ভিতৰত ৫টা দল আইচিচিৰ পূৰ্ণকালীন সদস্য (Full Member) দেশ হ’ব, আনহাতে বাকী ৫টা দল সহযোগী সদস্য (Associate Member) দেশসমূহৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে এই টুৰ্নামেণ্টখনৰ সূচীক লৈ বৰ্তমানলৈকে কোনো তথ্য অহা নাই।

লগতে পঢ়ক: আইচিচিৰ ডাঙৰ সিদ্ধান্তঃ এইখন দেশৰ ক্ৰিকেট বৰ্ডক কৰিলে নিলম্বন

আই পি এলৰ প্ৰাক্তন ক্ৰিকেটাৰক মেচ ফিক্সিঙৰ বাবে নিলম্বিত; আইচিচিৰ কঠোৰ নিৰ্দেশনা

আই পি এলত খেলা ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ জেভন ছিয়াৰ্লছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক নিলম্বন কৰিছে। দুৰ্নীতিৰ গোচৰত জেভোন ছাৰ্লছকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে আইচিচিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)এ দুৰ্নীতি বিৰোধী নিয়ম উলংঘাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৱেষ্ট ইণ্ডিজৰ বেষ্ট বলিং অলৰাউণ্ডাৰ জেভোন ছাৰ্লছক সাময়িকভাৱে নিলম্বন কৰা হৈছে।আইচিচিৰ মতে, ছাৰ্লছক দুৰ্নীতি বিৰোধী সংহিতা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।এই গোচৰটো ২০২৩-২৪ চনত বাৰ্বাডোছত খেলা বিম১০ লীগৰ সৈতে জড়িত।

এই প্ৰতিযোগিতাৰ সময়ত মেচৰ ফলাফল আৰু খেলৰ চৰ্তক প্ৰভাৱিত কৰিবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উঠিছে।কেৱল জেভোন ছাৰ্লছেই নহয়, বৰঞ্চ এই ক্ষেত্ৰত টাইটানছৰ দলৰ মালিক চিত্তৰঞ্জন ৰাথোড় আৰু দলৰ বিষয়া ট্ৰেভন গ্ৰীফিথকো তদাৰকীৰ আওতালৈ আহিছে।

ৰাথোৰ আৰু গ্ৰীফিথকো সাময়িকভাৱে নিলম্বন কৰা হৈছে।দুৰ্নীতি বিৰোধী সংহিতা উলংঘা কৰাৰ অভিযোগত আইচিচি আৰু ক্ৰিকেট ৱেষ্ট ইণ্ডিজে তিনিওজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত কলকাতা নাইট ৰাইডাৰ্ছক প্ৰতিনিধিত্ব কৰিছিল জেভোন ছাৰ্লছে।ফাষ্ট বলিং অল ৰাউণ্ডাৰ ছাৰ্লছে ৱেষ্ট ইণ্ডিজক ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল।অৱশ্যে ৱেষ্ট ইণ্ডিজৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব নোৱাৰিলে।  

লগতে পঢ়ক: কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব পৰৱৰ্তী টি-২০ বিশ্বকাপ, ১২টা দল নিশ্চিত

আইচিচিৰ এটা এক্সন আৰু পাকিস্তানত উপস্থিত বিচিবিৰ সভাপতি; অন্ত পৰিব নকভিৰ বিশ্বকাপ নাটক

টি-২০ বিশ্বকাপক লৈ ভাৰত আৰু পাকিস্তানৰ বিতৰ্কৰ যেন অন্ত পৰাৰ নাম লোৱা নাই। তাৰ মাজতে আজি ডুবাইত আই চি চিৰ জৰুৰী বৈঠক অনুষ্ঠিত হ’ব।

২০২৬ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ নাটক বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ভাৰত আৰু পাকিস্তানৰ প্ৰস্তাৱিত খেলখনক লৈ ক্ৰিকেট জগতত বিতৰ্কৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড(বিচিবি) ৰ সভাপতি আমিনুল ইছলাম বুলবুল পাকিস্তানৰ লাহোৰত উপস্থিত হৈছে।

তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে, যেতিয়া  ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেল বৰ্জন কৰাক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি) এ জৰুৰী বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে,লাহোৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নকভিক সাক্ষাৎ কৰিব আমিনুল ইছলাম বুলবুলে।

এই বৈঠকত ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত পাকিস্তানৰ স্থিতি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা হ’ব।

এই বৈঠকখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আঞ্চলিক ক্ৰিকেটত ভাৰসাম্য আৰু আলোচনাৰ ভূমিকা ল’ব পাৰে।

ইয়াৰ মাজতে সমগ্ৰ বিষয়টো সমাধানৰ বাবে আজি নিশা আইচিচিয়ে জৰুৰী বৈঠক আহ্বান কৰিছে।এই বৈঠক জুমৰ জৰিয়তে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত আছে আইচিচিৰ চিইঅ’ সঞ্জোগ গুপ্তা,পিচিবিৰ মুৰব্বী মহছিন নকভি আৰু বিচিবিৰ সভাপতি আমিনুল ইছলাম বুলবুল উপস্থিত থকাৰ সম্ভাৱনা আছে।

এই বৈঠকৰ মূল উদ্দেশ্য পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰাৰ সম্ভাৱ্য সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা আৰু কোনো সমাধানৰ পথ উলিওৱা।

লগতে পঢ়ক: কেনেকৈ বিশ্বকাপৰ দলত স্থান পালে মহম্মদ ছিৰাজে ?  ৰাজহুৱা কৰিলে সেই বিশেষ মূহূৰ্তৰ কথা

টি-২০ বিশ্বকাপৰ বিতৰ্কত এইবাৰ পাকিস্তানৰ এন্ট্ৰি… দিলে এই বিশেষ অফাৰ

টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পিছতে এতিয়া এই বিতৰ্কত এন্ট্ৰি মাৰিছে পাকিস্তানে…

ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে । অৱশ্যে এই বিষয়ত এতিয়াও কোনো সঁহাৰি দিয়া নাই আই চি চিয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে বি চি বিয়ে ।

আই পি এলৰ পৰা মুস্তাফিজুৰৰ ৰিলিজৰ পিছতে এক প্ৰকাৰৰ ক্ষোভ প্ৰকাশ কৰিছে বি চি বিয়ে । শেহতীয়াকৈ এতিয়া এই বিতৰ্কত প্ৰৱেশ কৰিছে পাকিস্তান । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ টি-২০ বিশ্বকাপৰ মেচ আয়োজনৰ বাবে যদি শ্ৰীলংকা অনুপলব্ধ হয়, তেন্তে আতিথ্য দিবলৈ পাকিস্তান সাজু বুলি পি চি বিয়ে প্ৰকাশ কৰিছে ।

জানিব পৰা মতে পাকিস্তানৰ সকলো খেলপথাৰেই টি-২০ বিশ্বকাপৰ খেলসমূহ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি প্ৰকাশ কৰিছে পি চি বিয়ে । পি চি বিয়ে ইতিমধ্যে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ ২০২৫ৰ দৰে ডাঙৰ ইভেণ্ট সফলতাৰে আয়োজন কৰিছে আৰু সেয়েহে এই মেচসমূহ মসৃণভাৱে আয়োজন কৰিবলৈ সক্ষম বুলি উল্লেখ কৰিছে ।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে যোৱা ৪ জানুৱাৰীত স্পষ্ট কৰি দিছিল যে ২০২৬ চনৰ টি-২০ বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নাযায় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) দলৰ পৰা ৰিসিজ কৰি দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ ফলত দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু ৰাজনৈতিক উত্তেজনা আৰু অধিক গভীৰ হৈ পৰে ।

লগতে পঢ়ক : তামিম ইকবালক ভাৰতীয় এজেণ্ট আখ্যা, বাংলাদেশ ক্ৰিকেটত বিতৰ্ক

টি-২০ বিশ্বকাপৰ বাবে আহিবই লাগিব ভাৰত, অন্যথা… বাংলাদেশৰ দাবী নাকচ আই চি চিৰ

টি-২০ বিশ্বকাপৰ স্থানক লৈ বাংলাদেশে কৰা দাবীক নাকচ কৰিছে আই চি চিয়ে । ইয়াৰ পিছতে এতিয়া বিপদত পৰিছে বাংলাদেশ ক্ৰিকেট দলটো । বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিবই লাগিব বুলি আই চি চিয়ে বি চি বিক স্পষ্ট কৰি দিছে ।

টি-২০ বিশ্বকাপৰ স্থান স্থানান্তৰিত কৰাৰ বাংলাদেশৰ দাবী নাকচ কৰিছে আই চি চিয়ে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপ খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব । অন্যথা পইণ্ট হেৰুৱাব লাগিব দলটোৱে ।

জানিব পৰা মতে আই চি চিয়ে ভাৰ্চুৱেল বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে যে সুৰক্ষাজনিত কাৰণত ভাৰতৰ বাহিৰত মেচ খেলাৰ তেওঁলোকৰ দাবী নাকচ কৰা হৈছে । খবৰ অনুসৰি আই চি চিয়ে বি চি বিক জনাই যে বাংলাদেশে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব লাগিব, অন্যথা পইণ্ট হেৰুৱাব লগা হ’ব । ইফালে বি চি বিয়ে জনোৱা মতে, আই চি চিয়ে এই অনুৰোধ নাকচ কৰাৰ বিষয়ে তেওঁলোকক অৱগত কৰা নাই ।

উল্লেখ্য যে, বি চি চি আইৰ নিৰ্দেশত শেহতীয়াকৈ আই পি এলৰ দল কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিছে । ঘৰুৱা প্ৰতিবাদৰ বাবেই বি চি চি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ ভাৰতীয় জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে । ফলস্বৰূপে আই পি এলত ৰহমানক ক্ৰয় কৰাৰ বিৰোধিতা কৰিছিল ভাৰতীয় জনসাধাৰণে ।

বি চি চি আইয়ে মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে বাংলাদেশ চৰকাৰো এই বিতৰ্কত জপিয়াই পৰে । ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ বৰ্জন কৰাৰ ভাবুকি দিছিল বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে । আই চি চিলৈ লিখা এখন পত্ৰত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত তেওঁলোকৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰি সেই মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনায় ।

বাংলাদেশে যুক্তি দিছিল যে তেওঁলোকৰ খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ লোৱাটো প্ৰয়োজনীয় । ক্ষোভত বাংলাদেশে আনকি বাংলাদেশত আই পি এল সম্প্ৰচাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰে । কিন্তু এতিয়া আই চি চিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বকাপৰ খেল খেলিবলৈ বাংলাদেশ ভাৰতলৈ আহিবই লাগিব ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

আই চি চিৰ সৈতে বৈঠকত বহিব বাংলাদেশ ক্ৰিকেট বৰ্ড, ভাৰতত মেচ নেখেলাৰ সিদ্ধান্তক লৈ হ’ব আলোচনা

আই চি চি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ বৈঠক অনুষ্ঠিত হ’ব । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বি চি বিয়ে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

ভাৰতত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি) আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বি চি বি)ৰ মাজত বৈঠক অনুষ্ঠিত হ’ব । নিৰাপত্তাৰ অজুহাত দেখুৱাই বাংলাদেশে ভাৰতত নিজৰ মেচসমূহ নেখেলাৰ দাবী উত্থাপন কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই সন্দৰ্ভত মঙলবাৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে । বৈঠকত আই চি চিয়ে বি চি বিক বাংলাদেশ দলটোৱে বৰ্তমানৰ সূচী অনুসাৰেই যাতে ভাৰতত নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ খেলিবলৈ সন্মতি প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাব ।

ভাৰতত খেলিব লাগিব চাৰিখন মেচ

টি–২০ বিশ্বকাপৰ আৰম্ভণি ৭ ফেব্ৰুৱাৰীৰ পৰা হ’ব । ভাৰত আৰু শ্ৰীলংকালৈ যৌথভাৱে টি-২০ বিশ্বকাপৰ এই সংস্কৰণ আয়োজন কৰিছে । বাংলাদেশে নিজৰ চাৰিখন লীগ মেচৰ ভিতৰত তিনিখন কলকাতাত আৰু এখন মুম্বাইত খেলিব লাগিব । বাংলাদেশৰ লীগ মেচসমূহ কলকাতাত ৱেষ্ট ইণ্ডিজ (৭ ফেব্ৰুৱাৰী), ইটালী (৯ ফেব্ৰুৱাৰী) আৰু ইংলেণ্ড (১৪ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আৰু মুম্বাইত নেপাল (১৭ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে খেলিব দলটোৱে । উল্লেখ্য যে, বাংলাদেশক গ্ৰুপ ‘চি’ত ইটালী, নেপাল, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে ।

আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰিছিল বাংলাদেশ ক্ৰিকেট বৰ্ডে-

ইয়াৰ পূৰ্বে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বি চি বি) আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছিল যে ভাৰতৰ সলনি বাংলাদেশৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰা হওক । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বাংলাদেশ ক্ৰিকেট বৰ্ডে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

প্ৰকৃততে, আই পি এলৰ পৰা মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰা পিছৰে পৰাই বাংলাদেশ ক্ৰিকেট বৰ্ড অসন্তুষ্ট হৈ পৰিছে । ভাৰত আৰু বাংলাদেশৰ মাজত বিতৰ্ক তেতিয়াৰে পৰা অধিক তীব্ৰ হৈছে যেতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) আই পি এল ফ্ৰেঞ্চাইজী কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক বাংলাদেশৰ ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে, কে কে আৰে যোৱা মাহত অনুষ্ঠিত হোৱা মিনি নিলামত মুস্তাফিজুৰক ৯.২০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল । কিন্তু বি চি চি আইৰ নিৰ্দেশ অনুসৰি কে কে আৰে এই বাংলাদেশী বলাৰগৰাকীক দলৰ পৰা বাহিৰ কৰি দিয়ে ।

আই চি চিলৈ প্ৰেৰণ কৰা পত্ৰত বি চি বিয়ে উল্লেখ কৰে যে, বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ভাৰতত থকা বা ভাৰতলৈ যোৱা বাংলাদেশী নাগৰিকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা বাংলাদেশ চৰকাৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে এই সিদ্ধান্ত লৈছে । অৱশ্যে বি চি বিয়ে সতর্কতামূলক অৱস্থান গ্ৰহণ কৰিছে যদিও বাংলাদেশ চৰকাৰে এতিয়ালৈকে কোনো ভ্ৰমণ পৰামৰ্শ জাৰি কৰা নাই আৰু নিজৰ নাগৰিকসকলৰ ভাৰতলৈ অহা-যোৱা বা ভাৰতত থকাৰ ক্ষেত্ৰতো কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই ।

আই চি চিৰ উত্তৰৰ অপেক্ষা

এই বিষয়টোৰ সন্দৰ্ভত আই চি চিয়ে এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য কৰা নাই আৰু উত্থাপিত প্ৰশ্নসমূহৰো উত্তৰ দিয়া নাই । সোমবাৰে মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত আই চি চিৰ শীৰ্ষ বিষয়াসকল (অধ্যক্ষ জয় শ্বাহো আছে)এই ঘটনাক্ৰম আৰু আগলৈ ল’বলগীয়া পদক্ষেপসমূহ সন্দৰ্ভত আলোচনা কৰিবলৈ উপস্থিত আছিল ।

বি চি বিৰ ক্ষেত্ৰত বুজা গৈছে যে এই বিষয়ত আই চি চি আৰু বাংলাদেশ চৰকাৰৰ সৈতে আলোচনাৰ বাবে বৰ্ডৰ সভাপতি আমিনুল ইছলাম আৰু মুখ্য কাৰ্যবাহী বিষয়া নিজামুদ্দিন চৌধুৰীকহে অধিকাৰ দিয়া হৈছে ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

আই চি চিয়ে প্ৰকাশ কৰিলে শেহতীয়া ৰেংকিং… ভাৰতীয় অ’পেনাৰৰ দপদপনি

আই চি চিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিঙত ভাৰতীয় অ’পেনাৰৰ দপদপনি অব্যাহত আছে । সমান্তৰালভাৱে ভাৰতীয় বলাৰেও তালিকাত দীঘল জাঁপ মাৰিবলৈ সক্ষম হৈছে…

আই চি চিৰ শেহতীয়া ৰেংকিঙত ভাৰতীয় মহিলা খেলুৱৈয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে । শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত এতিয়া বিশ্বৰ ষষ্ঠ স্থানৰ টি-২০ বেটছমেন হিচাপে পৰিগণিত হৈছে শ্বেফালী বাৰ্মা । অৱশ্যে ৰেংকিঙত অৱনৱমিত হৈছে জেমিমাহ ৰড্ৰিগোজ । টি-২০ ফৰ্মেটত ভাৰতৰ স্মৃতি মন্ধানাই তৃতীয় স্থান নিজৰ দখলত ৰাখিছে ।

লাভান্বিত শ্বেফালী বাৰ্মা, অৱনমিত ৰড্ৰিগোজ-

ভাৰতৰ অ’পেনিং বেটছমেন শ্বেফালী বাৰ্মাই ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ পৰাই দুৰ্দান্ত ফৰ্মত আছে । আই চি চিৰ টি-২০ বেটিং ৰেংকিঙত চাৰিটা স্থান আগুৱাই ষষ্ঠ স্থান লাভ কৰিছে তেওঁ । বিশ্বকাপৰ ফাইনেলত ৮৭ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল শ্বেফালীয়ে । শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-২০ ছিৰিজতো তেওঁ আগশাৰীৰ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । এতিয়ালৈকে চাৰিখন মেচত ২৩৬ ৰান সংগ্ৰহ (১১৮ গড়) কৰিছে তেওঁ ।

জেমিমাহ ৰড্ৰিগোজ এটা স্থান অৱনমিত হৈ দশম স্থানত আছে । স্মৃতি মন্ধানা ভাৰতৰ টি-২০ৰ শীৰ্ষ বেটছমেন, বৰ্তমান ৰেংকিঙত ৭৬৭ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে । এগৰাকী শক্তিশালী বেটছমেন হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে উইকেটকীপাৰ-বেটছমেন ৰিচা ঘোষে । ৭টা স্থান আগুৱাই তেওঁ যৌথভাৱে ২০ নম্বৰ স্থানত আছে ।

বলাৰৰ ৰেংকত আগুৱালে ৰেনুকা ঠাকুৰ-

ৰেনুকা ঠাকুৰে টি-২০ বলিং ৰেংকিঙত ৮টা স্থান জপিয়াই শীৰ্ষ দহটা স্থানত প্ৰৱেশ কৰিছে । এতিয়া দক্ষিণ আফ্ৰিকাৰ ম্লাবাৰ সৈতে যৌথভাৱে ষষ্ঠ স্থানত আছে তেওঁ । ৰেনুকা শীৰ্ষ ১০ গৰাকী বলাৰৰ ৰেংকিঙত একমাত্ৰ ভাৰতীয় । ৰাধা যাদৱ আৰু শ্ৰেয়ংকা পাটিলো লোকচানৰ সন্মুখীন হৈছে । ভাৰতীয় দলটোৱে নিজৰ বলিঙৰ উন্নতিৰ দিশত চকু ৰাখিব, অহা বছৰৰ জুন মাহত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…

কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ?  এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী

২০২৫ৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ দৌৰত কোন কোন ? ভাৰতৰ হৈ এই তলিকাত একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী ।

২০২৫ চনৰ আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত একমাত্ৰ ভাৰতীয় হৈছে বিৰাট কোহলী । বিৰাটে এই বছৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও তেওঁৰ এদিনীয়া ফৰ্ম অতি উত্তম, যোৱা চাৰিটা এদিনীয়া ইনিংছত ৫০+ ৰান সংগ্ৰহ কৰিছে তেওঁ । বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বাবে মনোনীত তালিকাত বিৰাটৰ বাহিৰে আন কোনো ভাৰতীয় নাই ।

খবৰ অনুসৰি ২০২৫ চনৰ এদিনীয়া ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বঁটাৰ বাবে বিৰাট কোহলী, জো ৰুট, মেথিউ ব্ৰিট্জকে, শ্বাহী হোপ, ডেৰিল মিচেল, মেট হেনৰী, আদিল ৰছিদ, চিকন্দৰ ৰাজা, মিচেল ছেণ্টনাৰ আৰু জেডেন ছিলছক মনোনীত কৰা হৈছে । আচৰিত কথাটো হ’ল ২০২৫ চনত ৰোহিত আৰু কোহলীয়ে প্ৰায় একে সংখ্যক ৰান সংগ্ৰহ কৰিছিল যদিও ৰোহিত শৰ্মাই এই তালিকাত স্থান লাভ কৰাত ব্যৰ্থ হয় ।

২০২৫ চনত ভাৰতৰ হৈ অগ্ৰণী ৰান সংগ্ৰহকাৰী বিৰাট কোহলী । এইবাৰ বিৰাটে ১৩খন এদিনীয়াত ৬৫১ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ আকৰ্ষণীয় গড় ৬৫.১০ । তেওঁ এইবাৰ তিনিটা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত তেওঁ একেৰাহে দুটা শতক আৰু অৰ্ধশতক অৰ্জন কৰিছিল । সেই সমগ্ৰ ছিৰিজতে তেওঁ ৩০২ ৰান সংগ্ৰহ কৰিছিল ।

ইয়াৰ পিছত বিৰাট কোহলীক ভাৰতীয় ঘৰুৱা লিষ্ট এ টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফীত খেলা দেখা যাব । প্ৰায় এটা দশক পূৰ্বে তেওঁ শেষবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলিছিল । চলিত বৰ্ষৰ আৰম্ভণিতে কোহলীয়ে কুমাৰ ছাংগাক্কাৰাক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল । তেওঁ ৩০৮খন এদিনীয়াত ১৪,৫৫৭ ৰান সংগ্ৰহ কৰিছে ।

ইতিমধ্যে তেওঁ কোনো এটা ফৰ্মেটত বেছিভাগ শতকৰ অভিলেখ গঢ়ি তুলিছে । এদিনীয়া মেচত বিৰাটে ৫৩টা শতক অৰ্জন কৰিছে । ইয়াৰ পূৰ্বে এদিনীয়া ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ শচীন টেণ্ডুলকাৰৰ হাতত আছিল, যিয়ে টেষ্টত ৫১টা শতক অৰ্জন কৰিছিল ।

লগতে পঢ়ক : ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ

আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য

আই চি চিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত ৰোহিত-কোহলীৰ লগতে কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰে আধিপত্য বজাই ৰাখিছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে শেহতীয়া ৰেংকিং বুধবাৰে প্ৰকাশ কৰিছে । ৩৮ বছৰীয়া ৰোহিত শৰ্মা আৰু ৩৭ বছৰীয়া বিৰাট কোহলীয়ে আই চি চিৰ এই ৰেংকিঙত নিজৰ আধিপত্য বিস্তাৰ কৰিছে । দুয়োগৰাকী মহান ক্ৰিকেটাৰে ক্ৰমে আই চি চিৰ এদিনীয়া ৰেংকিঙত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে । প্ৰথম দুখন এছেছ টেষ্টত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি টেষ্ট ক্ৰিকেটৰ তৃতীয় স্থানৰ বলাৰ হিচাপে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক । ইফালে টেষ্টৰ বলিঙক প্ৰথম স্থান দখল কৰিছে যশপ্ৰীত বুমৰাহে

২০২১ চনৰ এপ্ৰিলৰ পিছৰ পৰা আই চি চিৰ এদিনীয়া ৰেংক বিৰাট কোহলীৰ দখলত নাছিল, তেওঁৰ এই স্থান পাকিস্তানৰ বাবৰ আজমে লৈছিল । অৱশ্যে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত কোহলীৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ শীৰ্ষস্থানৰ ওচৰ চাপিছে ।

৩৭ বছৰীয়া কোহলীয়ে তিনিখন মেচত মুঠ ৩০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে । তেওঁৰ এই আকৰ্ষণীয় প্ৰদৰ্শনৰ প্ৰতিফলন ঘটিছে আই চি চিৰ শেহতীয়া ৰেংকিঙতো, য’ত তেওঁ মাত্ৰ ৰোহিত শৰ্মাৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৪৬ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মাই আই চি চিৰ এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থানৰ বেটাৰৰ স্থান অক্ষুণ্ণ ৰাখিছে । বিশাখাপট্টনমৰ অন্তিমখন খেলত অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰা কোহলিয়ে ৰোহিতৰ পৰা মাত্ৰ ৮ ৰেটিং পইণ্ট পিছ পৰি ৰৈছে ।

ইয়াৰ পিছত ভাৰতে ১১ জানুৱাৰীৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা তিনিখন মেচৰ শৃংখলা খেলিব । এই সময়ছোৱাত সকলোৰে দৃষ্টি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত থাকিব, কিয়নো এদিনীয়া বেটছমেনৰ মাজত ১ নং ৰেংকিঙৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে ।

কেৱল কোহলীয়েই নহয়, এই সপ্তাহত প্ৰকাশ পোৱা নতুন ৰেংকিঙত আন কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়েও উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে দুটা স্থান আগুৱাই ১২ নম্বৰ স্থান লাভ কৰিছে । ইফালে বাওঁহাতৰ স্পীনাৰ কুলদীপ যাদৱে বলাৰৰ ৰেংকিঙত যথেষ্ট উন্নতি সাধন কৰি তিনিটা স্থান আগুৱাই ৩ নম্বৰ স্থান দখল কৰিছে ।

কটক টি-২০ৰ পিছত সলনি হ’ল টি-২০ ৰেংকিং-

কটকত ভাৰতে ১০১ ৰানত জয় লাভ কৰাৰ পিছত তিনিজন ভাৰতীয় খেলুৱৈয়ে নতুন টি-২০ বলাৰৰ ৰেংকিঙত লাভৱান হৈছে । অক্ষৰ পেটেল দুটা স্থান আগুৱাই ১৩ নম্বৰ, অৰ্শদীপ সিঙে তিনিটা স্থান আগুৱাই ২০ নম্বৰ আৰু যশপ্ৰীত বুমৰাহ ৬ টা স্থান আগুৱাই ২৫ নম্বৰ স্থান লাভ কৰিছে ।

টেষ্ট ৰেংকিং-

টেষ্ট বলাৰৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এছেছ টেষ্টত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰাৰ পিছত ষ্টাৰ্কে তিনিটা স্থান আগুৱাই তিনি নম্বৰ স্থান দখল কৰিছে । ইংলেণ্ডৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনে টেষ্ট ৰেংকিঙতো প্ৰভাৱ পেলাইছে । হেৰী ব্ৰুক দুটা স্থান পিছলি চাৰি নম্বৰ স্থান লাভ কৰিছে । ইফালে কেন উইলিয়ামছন আৰু ষ্টিভ স্মিথে এটাকৈ স্থান আগুৱাই এতিয়া শীৰ্ষ ৰেংকিঙৰ জো ৰুটৰ পিছতে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ।

আই চি চি ৰেংকিঙত প্ৰথম স্থান কোন ভাৰতীয় ?

টি-২০ বেটিং ৰেংকিঙৰ শীৰ্ষত আছে অভিষেক শৰ্মা (৯১৩) । টি-২০ বলিং ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে বৰুণ চক্ৰৱৰ্তীয়ে (৭৮২) । টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙত শাসন চলাই আছে ৰবীন্দ্ৰ জাডেজাই । তেওঁ ৪৫৫ পইণ্টেৰে আগবাঢ়ি আছে ।

লগতে পঢ়ক : তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে