আইচিচিৰ এটা এক্সন আৰু পাকিস্তানত উপস্থিত বিচিবিৰ সভাপতি; অন্ত পৰিব নকভিৰ বিশ্বকাপ নাটক

আইচিচিৰ এটা এক্সন আৰু পাকিস্তানত উপস্থিত বিচিবিৰ সভাপতি; অন্ত পৰিব নকভিৰ বিশ্বকাপ নাটক

টি-২০ বিশ্বকাপক লৈ ভাৰত আৰু পাকিস্তানৰ বিতৰ্কৰ যেন অন্ত পৰাৰ নাম লোৱা নাই। তাৰ মাজতে আজি ডুবাইত আই চি চিৰ জৰুৰী বৈঠক অনুষ্ঠিত হ’ব। ২০২৬ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ নাটক বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ভাৰত আৰু পাকিস্তানৰ প্ৰস্তাৱিত খেলখনক লৈ ক্ৰিকেট জগতত বিতৰ্কৰ

টি-২০ বিশ্বকাপক লৈ ভাৰত আৰু পাকিস্তানৰ বিতৰ্কৰ যেন অন্ত পৰাৰ নাম লোৱা নাই। তাৰ মাজতে আজি ডুবাইত আই চি চিৰ জৰুৰী বৈঠক অনুষ্ঠিত হ’ব।

২০২৬ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ নাটক বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ভাৰত আৰু পাকিস্তানৰ প্ৰস্তাৱিত খেলখনক লৈ ক্ৰিকেট জগতত বিতৰ্কৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড(বিচিবি) ৰ সভাপতি আমিনুল ইছলাম বুলবুল পাকিস্তানৰ লাহোৰত উপস্থিত হৈছে।

তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে, যেতিয়া  ভাৰতৰ বিৰুদ্ধে পাকিস্তানে খেল বৰ্জন কৰাক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি) এ জৰুৰী বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে,লাহোৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নকভিক সাক্ষাৎ কৰিব আমিনুল ইছলাম বুলবুলে।

এই বৈঠকত ভাৰত-পাকিস্তানৰ মেচ সন্দৰ্ভত পাকিস্তানৰ স্থিতি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা হ’ব।

এই বৈঠকখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আঞ্চলিক ক্ৰিকেটত ভাৰসাম্য আৰু আলোচনাৰ ভূমিকা ল’ব পাৰে।

ইয়াৰ মাজতে সমগ্ৰ বিষয়টো সমাধানৰ বাবে আজি নিশা আইচিচিয়ে জৰুৰী বৈঠক আহ্বান কৰিছে।এই বৈঠক জুমৰ জৰিয়তে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত আছে আইচিচিৰ চিইঅ’ সঞ্জোগ গুপ্তা,পিচিবিৰ মুৰব্বী মহছিন নকভি আৰু বিচিবিৰ সভাপতি আমিনুল ইছলাম বুলবুল উপস্থিত থকাৰ সম্ভাৱনা আছে।

এই বৈঠকৰ মূল উদ্দেশ্য পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰাৰ সম্ভাৱ্য সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা আৰু কোনো সমাধানৰ পথ উলিওৱা।

লগতে পঢ়ক: কেনেকৈ বিশ্বকাপৰ দলত স্থান পালে মহম্মদ ছিৰাজে ?  ৰাজহুৱা কৰিলে সেই বিশেষ মূহূৰ্তৰ কথা

শেহতীয়া প্ৰৱন্ধসমূহ