টি-২০ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বিপৰ্যয়ৰ সন্মুখীন টিম ইণ্ডিয়া, আই চি চিয়ে বিহিলে জৰিমনা

টি-২০ শৃংখলাৰ পূৰ্বে বিপদৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । আই চি চিয়ে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত ভাৰতীয় দলে কৰা ভুলৰ বাবে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা ।

ৰায়পুৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত লেহেমীয়া অভাৰ ৰেটৰ বাবে আই চি চিয়ে টিম ইণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে । পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে আই চি চিয়ে এই কথা ঘোষণা কৰে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতিত কয় যে ভাৰতৰ বিৰুদ্ধে আই চি চিৰ খেলুৱৈ আৰু খেলুৱৈ সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে, যিটো নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত ।

আই চি চিয়ে জনোৱা মতে, সময় ভাট্টা লক্ষ্য কৰিও কে এল ৰাহুলৰ দলে লক্ষ্যৰ পৰা দুটা অভাৰ কম হোৱাৰ পিছত এমিৰেটছ আই চি চি এলিট পেনেলৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে এই অনুমোদন জাৰি কৰে ।

ভুল স্বীকাৰ কে এল ৰাহুলৰ-

যদিহে অনুমোদিত হয় তেন্তে তেওঁলোকৰ দলে নিৰ্ধাৰিত সময়ত বলিং কৰিব নোৱাৰা প্ৰতিটো অভাৰৰ বাবে খেলুৱৈসকলক তেওঁলোকৰ মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হয় । ষ্টেণ্ড ইন কেপ্তেইন হিচাপে কে এল ৰাহুলে অভিযোগ স্বীকাৰ কৰি অনুমোদন গ্ৰহণ কৰে, গতিকে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল ।

ৰায়পুৰত পৰাস্ত টিম ইণ্ডিয়া-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতে ২-১ ব্যৱধানত জয়লাভ কৰিছিল যদিও যিখন খেলৰ বাবে টীম ইণ্ডিয়া জৰিমণাৰ সন্মুখীন হয় সেইখন খেলত জয়ী হৈছিল আলহী দলটো । ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী (১০২) আৰু ৰুতুৰাজ গাইকোৱাদৰ (১০৫) শতকৰ সহায়ত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি মুঠ ৩৫৮ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল ।

অৱশ্যে ষ্টেডিয়ামত নিয়ৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি দ্বিতীয় ইনিংছত বেটিং সহজ কৰি তুলিছিল । লক্ষ্য অনুসৰণ কৰি এইডেন মাৰ্ক্ৰামে ১১০ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে । এই মেচখনত জয়লাভ কৰি আলহী দলটোৱে শৃংখলা সমতা স্থাপন কৰে যদিও নিৰ্ণায়ক এদিনীয়া খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰি শৃংখলাটো জয় কৰে ।

মঙলবাৰে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০

টেষ্ট আৰু এদিনীয়া শৃংখলাৰ পাছত এতিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাই টি-২০ শৃংখলা খেলিব । পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰ, মঙলবাৰে কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী… আঁতৰি যাব নেকি এছিয়া কাপৰ পৰা

আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী

১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচত ৰেফাৰী হিচাপে থকা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণৰ দাবী জনাইছিল পাকিস্তানী দলে । পিচিবি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)ৰ অভিযোগ যে ভাৰতীয় দলটোৱে এণ্ডিৰ কাৰণে হাত হেণ্ডশ্বেক কৰা নাছিল । কিন্তু আই চি চিয়ে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে । এছিয়া কাপৰ পৰা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । বিষয়টোৰ তদন্তৰ অন্তত আই চি চিয়ে এই সিদ্ধান্তৰ বিষয়ে পিচিবিক অৱগত কৰিছে ।

পাকিস্তানে ইয়াক খেলৰ মনোভাৱৰ প্ৰতি অসন্মান বুলি গণ্য কৰি বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে । পিচিবিয়ে এণ্ডিক আই চি চি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ পৰা অপসাৰণৰ দাবী জনাইছিল ।

১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলৰ সময়ত এই হেণ্ডশ্বেক বিতৰ্ক চৰ্চালৈ আহিছিল । টছৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আঘাক হেণ্ডশ্বেক কৰা নাছিল । মেচ শেষ হোৱাৰ পিছতো পাকিস্তানী দললৈ উভতিও নোছোৱাকৈ সূৰ্যই শিৱম ডুবেৰ সৈতে পোনে পোনে পেভিলিয়নলৈ উভতি যাই ।

ইয়াৰ পাছতে পাকিস্তানে ইউ এ ইৰ সৈতে থকা খেলখন বৰ্জন কৰিব বুলি ভাবুকি দিছে । তেওঁলোকে কৈছিল যে ভাৰত-পাকিস্তানৰ খেলৰ সময়ত ৰেফাৰী হিচাপে থকা এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিব লাগে । কিন্তু এতিয়া আই চি চিয়ে পাইক্ৰফ্ট আঁতৰাবলৈ অস্বীকাৰ কৰিছে । এনে পৰিস্থিতিত এতিয়া পাকিস্তানী দলটোৱে এছিয়া কাপৰ পৰা আঁতৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ।

এছিয়া কাপত ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেলে পাকিস্তান দলে ?

এতিয়া প্ৰশ্ন হ’ল পাকিস্তান দলটোৱে ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেল ? কাৰণ তেওঁলোকে নেখেলাৰ অৰ্থ হ’ল এছিয়া কাপত তেওঁলোকৰ যাত্ৰা শেষ । আচলতে মঙলবাৰে (১৫ ছেপ্টেম্বৰ) ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । যাৰ বাবে গ্ৰুপ এত থকা ওমান প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । ইতিমধ্যে ভাৰতীয় দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইউ এ ইও এতিয়া ছুপাৰ-৪ৰ দৌৰত আছে ।

ওমান বাহিৰ হোৱাৰ লগে লগে ভাৰত প্ৰথমে ছুপাৰ-৪ত প্ৰৱেশ কৰে । কিন্তু ইয়াৰ ফলত শুকুৰবাৰে (১৯ ছেপ্টেম্বৰ) ভাৰত আৰু ওমানৰ মাজত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচখন অকাৰ্যকৰী হৈ পৰিছে ।

অঘটন ঘটাব নেকি ইউ এ ইয়ে ?  

বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ সৈতে খেলখন বৰ্জন কৰাৰ ভাবুকি দিছিল পাকিস্তানে । য’ত এণ্ডি পাইক্ৰফ্ট মেচ ৰেফাৰী । এই মেচখন ইউ এ ই আৰু পাকিস্তান দুয়োৰে বাবে গুৰুত্বপূৰ্ণ । কাৰণ এই মেচত জয়ৰ অৰ্থ হ’ল পোনপটীয়াকৈ ছুপাৰ ৪ত উপনীত হোৱা । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে, তেন্তে ভাৰতৰ সৈতে ছুপাৰ-৪ খেলা দেখা যাব । তাৰ পিছত দেওবাৰে (২১ ছেপ্টেম্বৰ) ভাৰতে ইউ এ ইৰ বিৰুদ্ধে খেলিব, যিটো আগতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যেন লাগিছিল ।

উল্লেখ্যযে পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে এক্সত নিজৰ ক্ষোভ উজাৰিছিল য’ত পিচিবিয়ে আই চি চিত অভিযোগ দাখিল কৰিছিল আৰু মেচ ৰেফাৰীক এছিয়া কাপৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ দাবী জনাইছিল । আচলতে অধিনায়ক সূৰ্য্য আৰু টিম ইণ্ডিয়াই পাকিস্তানী দলৰ লগত মিলোৱা নাছিল । ইয়াৰ পিছত পিচিবিয়ে এই বিষয়ত এচিচি আৰু আই চি চিক অভিযোগ কৰে । পাকিস্তানে বিশ্বাস কৰিছিল যে ভাৰতে খেলৰ মনোভাৱ উলংঘা কৰিছে আৰু এই সকলোবোৰ মেচ ৰেফাৰীৰ প্ৰৰোচনাৰ বাবেই ঘটিছিল ।

লগতে পঢ়ক : এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই সন্মান লাভ কৰিছে ।

অভেল টেষ্টত দলক দিলে জয়-

ইংলেণ্ডৰ বিৰুদ্ধে এই নিৰ্ণায়ক টেষ্ট মেচখনত মহম্মদ ছিৰাজে মুঠ ৯টা উইকেট দখল কৰে । বিশেষকৈ শেষৰ দিনটোত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । এই জয়েৰে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী অক্ষুণ্ণ ৰাখে ।

বঁটা লাভ কৰাৰ পিছত ডি এছ পি ছিৰাজৰ বক্তব্য-

বঁটা লাভ কৰি সুখ প্ৰকাশ কৰি মহম্মদ ছিৰাজে কয় যে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক বিশেষ সন্মান । এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী আছিল এক স্মৰণীয় শৃংখলা । ইংলেণ্ডত তেওঁলোকৰ শক্তিশালী বেটিঙৰ বিৰুদ্ধে বলিং কৰাটো প্ৰত্যাহ্বানজনক আছিল যদিও ই মোক মোৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত কৰিছিল ।’

ইংলেণ্ড ভ্ৰমণত ছিৰাজৰ প্ৰদৰ্শন-

ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ পাঁচখন টেষ্ট খেলা একমাত্ৰ বলাৰ আছিল মহম্মদ ছিৰাজ । পাঁচখন টেষ্টত সৰ্বাধিক ২৩টা উইকেট দখল কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ সৰ্বাধিক ১৮৫.৩ অভাৰ বলিং কৰাৰ লগতে মুঠ ১১১৩টা বল কৰে । এই সময়ছোৱাত তেওঁ দুবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰে । ইংলেণ্ডত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭০ ৰানত ৬ উইকেট ।

লগতে পঢ়ক : এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন… পুৰুষৰ বিশ্বকাপৰ তুলনাত কিমান বেছি ?

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন

মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৰস্কাৰৰ ধন আচৰিত ভাৱে বৃদ্ধি পাবলৈ গৈ আছে । ১ ছেপ্টেম্বৰ, সোমবাৰে আই চি চিয়ে মহিলা বিশ্বকাপ ২০২৫ৰ বাবে মুঠ ১২২.৫ কোটি টকা (১৩.৮৮ মিলিয়ন মাৰ্কিন ডলাৰ) ঘোষণা কৰে । এই ধনৰাশি পূৰ্বৰ বিশ্বকাপতকৈ প্ৰায় ২৯৭ শতাংশ বেছি । বিশেষ কথাটো হ’ল ২০২৫ চনৰ মহিলা বিশ্বকাপত বিজয়ী দলে যি ধন লাভ কৰিব সেয়া পুৰুষৰ বিশ্বকাপৰ চেম্পিয়নতকৈও অধিক হ’ব ৷

বিজয়ী দলে লাভ কৰিব ৩৯.৪ কোটি টকা-

এই প্ৰতিযোগিতাত জয়ী হোৱা দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৪ কোটি টকা)। এই পুৰস্কাৰৰ ধন এতিয়ালৈকে সৰ্বাধিক আৰু বিগত বিশ্বকাপ (২০২২)তকৈ প্ৰায় ডেৰ-দুগুণ বেছি ।

ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলৰ পৰাজিত দল-

বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৯.৭ কোটি টকা) দিয়া হ’ব । বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দলে লাভ কৰিব ১১.২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৯.৮ কোটি টকা) পুৰস্কাৰ ।

গ্ৰুপ ষ্টেজ আৰু অন্যান্য পুৰস্কাৰ-

গ্ৰুপ পৰ্যায়ৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবে দলক দিয়া হ’ব ৩৪,৩১৪ মাৰ্কিন ডলাৰ (প্ৰায় ৩০.১৯ লাখ টকা)।

পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে লাভ কৰিব ৭ লাখ ডলাৰ (প্ৰায় ৬.১৬ কোটি টকা) ।

সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে ২.৮ লাখ ডলাৰ (প্ৰায় ২.৪৬ কোটি টকা) পুৰস্কাৰ লাভ কৰিব ।

প্ৰতিটো দলক গ্ৰুপ ষ্টেজৰ অংশগ্ৰহণ মাচুল হিচাপে পৃথকে পৃথকে ২.৫ লাখ ডলাৰ (প্ৰায় ২.২ কোটি টকা) দিয়া হ’ব ।

জয় শ্বাহৰ ডাঙৰ মন্তব্য-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয় যে এই সিদ্ধান্তই মহিলা ক্ৰিকেটৰ ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰিব । তেওঁ কয়, “মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এয়া এক ঐতিহাসিক মাইলৰ খুঁটি । পুৰস্কাৰৰ ধনৰ এই চাৰিগুণ বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে এতিয়া মহিলা ক্ৰিকেটকো পুৰুষৰ সমান মৰ্যাদা দিয়া হৈছে । আমাৰ বাৰ্তা স্পষ্ট, যদি মহিলাসকলে এই খেলখন পেছাদাৰীভাৱে বাছি লয়, তেন্তে তেওঁলোকেও পুৰুষ খেলুৱৈয়ে পোৱা সন্মান আৰু সুযোগ লাভ কৰিব ।”

ক’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা-

ত্ৰয়োদশ সংস্কৰণৰ মহিলা বিশ্বকাপ ২০২৫ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব । ভাৰতত গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই আৰু বিশাখাপট্টনমে এই প্ৰতিযোগিতাৰ আয়োজনৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাত খেলসমূহ কলম্বোত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা

আই চি চি এদিনীয়া ৰেংকিং প্ৰকাশ… শীৰ্ষ ১০ত কেৱল দুজন ভাৰতীয়

আই চি চি এদিনীয়া ৰেংকিং প্ৰকাশ

বুধবাৰে আই চি চিয়ে প্ৰকাশ কৰিছে এদিনীয়া ৰেংকিং । ভাৰতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱ তৃতীয় স্থানলৈ অৱনমিত যোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ কেশৱ মহাৰাজে বুধবাৰে প্ৰকাশিত আই চি চিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত পুনৰ শীৰ্ষস্থান দখল কৰে ।

তীক্ষনা আৰু কুলদীপক অতিক্ৰম-

৩৫ বছৰীয়া বাওঁহতীয়া স্পীনাৰ মহাৰাজে এদিনীয়া ৰেংকিংত কুলদীপ আৰু শ্ৰীলংকাৰ মহেশ তীক্ষনাক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছুদিন শীৰ্ষত আছিল মহাৰাজ । কুলদীপৰ বাহিৰেও ৰবীন্দ্ৰ জাডেজা হৈছে একমাত্ৰ ভাৰতীয় বলাৰ যি বলাৰৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । চেম্পিয়নছ ট্ৰফীত খিতাপ জয় কৰাৰ পাছত ভাৰতীয় দলটোৱে এতিয়ালৈকে কোনো এদিনীয়া খেলা নাই ।

জেডন ছিলছৰ জাঁপ-

ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ জেডন ছিলছেও বলিং ৰেংকিঙত ডাঙৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । পাকিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাৰ অন্তিমখন খেলত ১৮ ৰানত ৬টা উইকেট দখল কৰে তেওঁ । তেওঁ ১৮ নম্বৰ স্থানত উপনীত হয় । পাকিস্তানৰ লেগ স্পীনাৰ আব্ৰাৰ আহমেদ (৩৯ নম্বৰ) আৰু ৱেষ্ট ইণ্ডিজৰ অফ স্পীনাৰ ৰষ্টন চেজ (৫৮ নম্বৰ)ও ৰেংকিঙত উন্নীত হোৱা বলাৰসকলৰ ভিতৰত আছে ।

শীৰ্ষস্থান অক্ষুন্ন গীলৰ-

এদিনীয়া ৰেংকিংত পুৰুষৰ বেটিংত শুভমন গীল ৭৮৪ পইণ্টেৰে শীৰ্ষত আছে । ষষ্ঠ স্থানত শীৰ্ষ দহৰ ভিতৰত থকা আনজন ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰ । পাকিস্তানৰ বিৰুদ্ধে যোৱা এদিনীয়া খেলখনত অপৰাজিত ১২০ ৰান সংগ্ৰহ কৰা ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বহী হোপে দুটা স্থান আগুৱাই নৱম স্থানলৈ যোৱাৰ বিপৰীতে এইডেন মাৰ্ক্ৰাম (চাৰিটা স্থান বৃদ্ধিৰে ২১ নম্বৰ), টেম্বা বাভুমা (৫টা স্থান বৃদ্ধিৰে ২৩ নম্বৰলৈ) আৰু মিচেল মাৰ্ছ (ছটা স্থান বৃদ্ধিৰে ৪৮ নম্বৰলৈ) ৰেংকিঙত আগবাঢ়িছে ।

পুৰুষৰ টি-২০ ৰেংকিঙত ভাৰতৰ অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই শীৰ্ষ দুটা স্থান অব্যাহত ৰাখিছে । অধিনায়ক সূৰ্যকুমাৰ যাদৱ ষষ্ঠ আৰু যশস্বী জয়ছোৱাল দশম স্থানত আছে । দক্ষিণ আফ্ৰিকাৰ ডেৱাল্ড ব্ৰেভিছে ৯ স্থান জঁপিয়াই ১২ নম্বৰ স্থানলৈ যোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ মাৰ্ছ আৰু গ্লেন মেক্সৱেলে ক্ৰমে চাৰি আৰু ১০ স্থান জপিয়াই ২৫ আৰু ৩০ নম্বৰ স্থান লাভ কৰিছে । টি-২০ বলিং ৰেংকিঙত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ নাথান এলিছ (নৱম স্থান) আৰু জোছ হেজলউডে (১৮ নম্বৰ) যথেষ্ট উন্নতি সাধন কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই ৪৪ নম্বৰৰ পৰা ৩৭ নম্বৰলৈ গতি কৰিছে ।

লগতে পঢ়ক : ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা হঠাতে কিয় নোহোৱা হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম….

ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা হঠাতে কিয় নোহোৱা হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম….

ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হ’ল নাম

ক্ৰিকেট অনুৰাগী সকলে প্ৰতি সপ্তাহত আইচিচিৰ ৰেংকিঙৰ বাবে অপেক্ষা কৰি থাকে। সমগ্ৰ বিশ্বই ইয়াৰ ওপৰত চকু ৰাখিলেও ICC এ এই কথাটো একেবাৰে গুৰুত্বসহকাৰে লোৱা নাই।

বুধবাৰে আকৌ এবাৰ ICC এ ৰেংকিং প্ৰকাশ কৰিলে, কিন্তু সেই সময়ত সকলো আচৰিত হৈছিল, কাৰণ যেতিয়া সেই ৰেংকিং প্ৰকাশ পালে  তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নাম হঠাতে এদিনীয়া ৰেংকিঙৰ পৰা নোহোৱা হৈ গ’ল।

কোনো কাৰণ নোলোৱাকৈয়ে আইচিচিয়ে তেওঁলোকৰ নাম আঁতৰাই দিয়ে। আনহাতে যোৱা সপ্তাহত এই দুয়োজন খেলুৱৈয়ে শীৰ্ষ ৫ ৰ ভিতৰত আছিল।

বুধবাৰে পুনৰবাৰ আইচিচিয়ে নিজৰ আপডেট কৰা এদিনীয়া ৰেংকিং প্ৰকাশ কৰে। ইয়াত শুভমান গিল এক নম্বৰত আছে আৰু পাকিস্তানৰ বাবৰ আজমৰ নাম দুই নম্বৰত আহিল।

আনহাতে যোৱা সপ্তাহত এই স্থান ৰোহিত শৰ্মাই দখল কৰিছিল।যোৱা সপ্তাহৰ কথা ক’বলৈ গ’লে ৰোহিত শৰ্মাই ৭৫৬ ৰেটিংৰে দ্বিতীয় আৰু কোহলী ৭৩৬ ৰেটিংৰে চতুৰ্থ স্থানত আছিল।

কিন্তু এতিয়া শীৰ্ষ ১০ বাদ, এই দুজনৰ নাম শীৰ্ষ ১০০ ত দেখা নাযায়।এই সমগ্ৰ বিষয়টোৰ ওপৰত আইচিচিয়ে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই,কিন্তু কাৰিকৰী দোষৰ বাবেই এনে হৈছে বুলি ধাৰণা কৰা হৈছে।কাৰণ ইয়াৰ পূৰ্বেও এনেকুৱা হৈছে।

লগতে পঢ়ক: এছিয়া কাপ ২০২৫ : দলৰ পৰা বাদ পৰিল আই পি এল ২০২৫ৰ অৰেঞ্জ আৰু পাৰ্পল কেপ বিজয়ী খেলুৱৈ

আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি; অৱনমিত যশস্বী জয়ছোৱাল

আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি

ভাৰত বনাম ইংলেণ্ডৰ পঞ্চম টেষ্টৰ পূর্বে ৩০ জুলাই বুধবাৰে আই চি চিয়ে শেহতীয়া ৰেংকিং প্রকাশ কৰিছে ৷ মানচেষ্টাৰত শতক অৰ্জন কৰা ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰ এই ৰেংকিঙত লাভৱান হোৱাৰ বিপৰীতে যশস্বী জয়ছৱাল ৩টা স্থান অৱনমিত হৈছে । ভাৰতীয় খেলুৱৈ হিচাপে এতিয়া আই চি চিৰ পুৰুষৰ টেষ্ট বেটছমেন ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে ঋষভ পন্টে, তেওঁ তালিকাৰ ৭ নম্বৰত আছে । অধিনায়ক শুভমন গীল ৯ম স্থানত আছে ।


তিনিটা স্থান অৱনমিত হ’ল জয়ছোৱাল-
যশস্বী জয়ছোৱাল পূৰ্বে পঞ্চম স্থানত আছিল, এতিয়া টেষ্ট বেটছমেন ৰেংকিঙত ৮ম স্থানলৈ অৱনমিত হৈছে তেওঁ । তেওঁৰ ৰেটিং পইণ্ট ৭৬৯ । ৭৭৬ পইণ্টেৰে ৭ নম্বৰ স্থানত আছে ঋষভ পন্ট । ইংৰাজ বেটছমেন জো ৰুটে নিজৰ প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে, তেওঁৰ ৰেটিং পইণ্ট আছে ৯০৪ ।


আই চি চিৰ ৰেংকিঙত ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অগ্ৰগতি-
আই চি চিৰ পুৰুষৰ বলিং ৰেংকিঙত ৰবীন্দ্ৰ জাডেজাই এটা স্থান অগ্ৰগতি লাভ কৰিছে, পূৰ্বে তেওঁ ১৫ নম্বৰ স্থানত আছিল আৰু এতিয়া ৬৮২ ৰেটিং পইণ্টেৰে ১৪ নম্বৰ স্থানলৈ আহিছে । ৮৯৮ পইণ্টেৰে শীৰ্ষ স্থানত আছে যশপ্ৰীত বুমৰাহ ।


পুৰুষৰ টেষ্ট অল ৰাউণ্ডাৰ ৰেংকিঙত ডাঙৰ জাঁপ মাৰিছে ৱাশ্বিংটন সুন্দৰে, তেওঁ ৮ টা স্থান আগবাঢ়িছে । মেট হেনৰীৰ সৈতে যৌথভাৱে ১৩ নম্বৰত আছে । মানচেষ্টাৰত খেলা চতুৰ্থ টেষ্টত তেওঁ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে ।


চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১০৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৰবীন্দ্ৰ জাডেজাই । ৱাশ্বিংটন সুন্দৰে ১০১ ৰান সংগ্ৰহ কৰে, এইটো আছিল তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক । ইয়াৰ পূৰ্বে শুভমন গীলেও এটা শতক (১০৩) অৰ্জন কৰিছিল, যাৰ সহায়ত ভাৰতীয় দলটোৱে চতুৰ্থখন টেষ্ট ড্ৰ’ত সমাপ্ত কৰাত সফল হয় ।


তিনিটা স্থান আগুৱালে বেন ষ্টোকছে-
ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক বেন ষ্টোকছে চতুৰ্থ টেষ্টত ৫টা উইকেট দখল কৰাৰ লগতে শতকো অৰ্জন কৰে, তেওঁ এনে কৰা বিশ্বৰ পঞ্চমজন অধিনায়ক হিচাপে পৰিগণিত হয় । শেহতীয়া ৰেংকিঙত তেওঁ ৩টা স্থান আগুৱাইছে, এতিয়া তেওঁ ৩০১ ৰেটিং পইণ্টেৰে তৃতীয় স্থানলৈ আহিছে ।

লগতে পঢ়ক : এদিনীয়া ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা শীৰ্ষ ৫ জন বেটছমেন কোন ?

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ?

আই চি চিয়ে প্ৰকাশ কৰিছে টেষ্ট বলাৰৰ শেহতীয়া ৰেংকিং । এই তালিকাত প্ৰথম স্থানত আছে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ । আই চি চি টেষ্ট বলাৰৰ শীৰ্ষ ৫ ৰেংকিঙত বুমৰাহ একমাত্ৰ ভাৰতীয় বলাৰ । শীৰ্ষ ৫ৰ তালিকাত আছে অষ্ট্ৰেলিয়াৰ দুজন বলাৰ । একে সময়তে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান দলৰ এজন বলাৰ এই তালিকাত আছে । এইবাৰ ৰেংকিঙত এটা পৰিৱৰ্তনহে দেখা গৈছে ।

আই চি চি টেষ্ট ৰেংকিং শীৰ্ষ-৫ বলাৰ

যশপ্ৰীত বুমৰাহঃ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ । বৰ্তমান বুমৰাহ ৯০৭ ৰেটিংৰে প্ৰথম স্থানত আছে । শেহতীয়াকৈ ২০২৪-২৫ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচত ৩২টা উইকেট দখল কৰিছিল বুমৰাহে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত প্ৰথমখন টেষ্টত পাঁচ উইকেট দখল কৰে তেওঁ ।

কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ ৰাবাডা এই তালিকাত ৮৫৯ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাই শক্তিশালী বলিং প্ৰদৰ্শন আগবঢ়াইছিল । যাৰ বাবে দক্ষিণ আফ্ৰিকাই এই খিতাপ দখল কৰে । ফাইনেলত ৰাবাডাই ৯টা উইকেট দখল কৰে ।

পেট কামিন্সঃ অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ৮৪৬ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ তৃতীয় স্থানত আছে । ভাৰতৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত কামিন্সে ২৫টা উইকেট দখল কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো তেওঁ ভাল বলিং প্ৰদৰ্শন আগবঢ়াইছিল । ফাইনেলত তেওঁ ৭টা উইকেট দখল কৰে ।

জোছ হেজলউডঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ হেজলউডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ভাল বলিং কৰিছে । প্ৰথমখন মেচত ৫ উইকেটৰ হল লয় তেওঁ । প্ৰথমখন মেচত তেওঁ মুঠ ৭টা উইকেট দখল কৰিছিল, যাৰ বাবে তেওঁ এটা স্থান আগুৱাইছে । এতিয়া তেওঁ ৮১৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত উপনীত হৈছে ।

নোমান আলীঃ পাকিস্তানী বলাৰ নোমান আলী শীৰ্ষ ৫ তালিকাৰ একমাত্ৰ স্পীন বলাৰ । ৮০৬ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নোমান । তেওঁ এটা স্থান অৱনমিত হৈছে ।

লগতে পঢ়ক : সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা; লীডছত আম্পায়াৰক কৰিছিল বেয়া ব্যৱহাৰ !

ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা

ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয়টো দিনত আম্পায়াৰৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্টক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে সমালোচনা কৰিছে । লীডছ টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ঋষভ পণ্টে শিৰোনাম দখল কৰিছিল যদিও ইংলেণ্ডৰ প্ৰথম ইনিংছত খেলপথাৰত কৰা আচৰণৰ বাবে তেওঁক ধমক দিয়া হৈছে ।

২৭ বছৰীয়া পণ্টক আই চি চিৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয় । আই চি চিয়ে নিজৰ বিবৃতিত কয় যে, ‘ঋষভ পণ্টক খেলুৱৈ আৰু তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ সৈতে জড়িত আই চি চিৰ আচৰণ বিধিৰ ২.৮ ধাৰা উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে, যিটো আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত আম্পায়াৰৰ সিদ্ধান্তৰ সৈতে মতানৈক্য প্ৰকাশ কৰাৰ সৈতে জড়িত ।’ ইয়াৰ উপৰিও পণ্টৰ অনুশাসনমূলক ৰেকৰ্ডত এটা ডিমেৰিট পইণ্টো সংযোজন কৰা হৈছে, যিটো যোৱা ২৪ মাহত তেওঁৰ প্ৰথম উলংঘা আছিল ।

ইংলেণ্ডৰ ইনিংছৰ ৬১ নং অভাৰত হেৰী ব্ৰুক আৰু বেন ষ্ট’কে বেটিং কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । ইয়াৰ পিছতে পণ্টে বলৰ অৱস্থাক লৈ আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছিল ।

বল জোখা যন্ত্ৰৰ সহায়ত বলটো পৰীক্ষা কৰি আম্পায়াৰসকলে বল সলনি কৰিবলৈ অস্বীকাৰ কৰাত উইকেটকীপাৰজনে বলটো মাটিত পেলাই দি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

যিহেতু পণ্টে নিজৰ দোষ স্বীকাৰ কৰিছিল আৰু আই চি চিৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে প্ৰস্তাৱ কৰা অনুমোদন গ্ৰহণ কৰিছিল, সেয়েহে কোনো অনুশাসনমূলক শুনানি হোৱা নাছিল ।

এই অভিযোগ উত্থাপন কৰে অন-ফিল্ড আম্পায়াৰ ক্ৰীছ গাফানী আৰু পল ৰেইফেলৰ লগতে তৃতীয় আম্পায়াৰ শ্বাৰাফুদ্দুল্লাহ ইবনে শ্বাহিদ আৰু চতুৰ্থ আম্পায়াৰ মাইক বাৰ্নছে ।

আই চি চিৰ আচৰণ বিধি লেভেল ১ ভংগ কৰিলে নূন্যতম শাস্তি হ’ল আনুষ্ঠানিক সমালোচনা, আনহাতে সৰ্বোচ্চ শাস্তি হ’ল খেলুৱৈৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা আৰু এটা বা দুটা ডিমেৰিট পইণ্ট ।

লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ