মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা; ভাৰত-পাকিস্তানৰ মাজত এইটো দিনত অনুষ্ঠিত হ’ব মেচ

মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা

ICC ৰ তৰফৰ পৰা মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা কৰিছে।এই বিশ্বকাপখন অহা বছৰত অনুষ্ঠিত হ’ব। সূচী প্ৰকাশৰ লগে লগে কোনটো দলক কোনটো গ্ৰুপত ৰখা হৈছে সেয়াও সিদ্ধান্ত লোৱা হৈছে।

বিশেষ কথাটো হ’ল ভাৰত আৰু পাকিস্তানক পুনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে।এই দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া ডাঙৰ মেচখনৰ তাৰিখো পোহৰলৈ আহিছে।

অহা বছৰ ইংলেণ্ডত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ

মহিলা T20 বিশ্বকাপ ২০২৬ ত ইংলেণ্ডত অনুষ্ঠিত হ’ব। এইখন বিশ্বকাপৰ দশম সংস্কৰণ হ’ব।জুন মাহত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপৰ প্ৰথমখন খেল ১২ তাৰিখে অনুষ্ঠিত হ’ব।

য’ত আয়োজক ইংলেণ্ডে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব লাগিব।এই বিশ্বকাপত মুঠ ১২টা দলে অংশগ্ৰহণ কৰিব, এনে পৰিস্থিতিত ক’ব পাৰি যে এইখনেই হ’ব আজিলৈকে হোৱা সৰ্ববৃহৎ বিশ্বকাপ।

ইয়াৰ বাবে আইচিচিয়ে দুটা গ্ৰুপ সৃষ্টি কৰিছে। গ্ৰুপ ১ ত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বাহিৰেও ভাৰত আৰু পাকিস্তানক অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও আৰু দুটা দল আহিব, অৱশ্যে ইয়াৰ সিদ্ধান্ত পিছত লোৱা হ’ব।

শীৰ্ষ দুটা দল ছেমি ফাইনেললৈ যাব

মহিলা টী-২০ বিশ্বকাপৰ দ্বিতীয়টো গ্ৰুপৰ কথা ক’বলৈ গ’লে ইয়াত আয়োজক ইংলেণ্ডৰ উপৰিও নিউজিলেণ্ড, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ দলসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

গ্ল’বেল কোৱালিফায়াৰ খেলি দুয়োটা দল ইয়ালৈ আহিব।নিয়ম অনুসৰি সকলো দলে নিজ নিজ গ্ৰুপৰ আন দলৰ সৈতে মেচ খেলিব, ইয়াৰ পিছত পইণ্ট তালিকাৰ শীৰ্ষ দুটা দল পোনপটীয়াকৈ ছেমি ফাইনেললৈ যাব।

ছেমি ফাইনেল খেলখন ৩০ জুন আৰু ২ জুলাইত অনুষ্ঠিত হ’ব।ইয়াৰ পিছত ৫ জুলাইত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব।এই খেলখন লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত অনুষ্ঠিত হ’ব।

ভাৰত-পাকিস্তানৰ মাজত ১৪ জুনত অনুষ্ঠিত হ’ব

ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ১৪ জুনত অনুষ্ঠিত হ’ব। ভাৰত আৰু পাকিস্তানী দলৰ মাজত এতিয়া কেৱল আইচিচি বা এচিচি টুৰ্ণামেণ্টতহে মুখামুখি হয়, সেইবাবেই ইয়াৰ ৰোমাঞ্চো শিখৰত উপনীত হৈছে।

ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে,গতিকে তেওঁলোকৰ মাজত প্ৰতিযোগিতা কেৱল লীগ পৰ্যায়তহে সম্ভৱ হ’ব, তাৰ বাহিৰে আন মেচৰ সম্ভাৱনা অতি কম।

লগতে পঢ়ক: Fastag সন্দৰ্ভত গাডকাৰীৰ ডাঙৰ ঘোষণা ! ৩ হাজাৰ টকাত লাভ কৰিব বাৰ্ষিক পাছ

বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি; এতিয়া পাঁচ নহয় চাৰি দিনীয়া হ’ব টেষ্ট মেচ !

বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চি এক বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৭-২৯ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) চক্ৰত সৰু দেশৰ বাবে চাৰিদিনীয়া টেষ্ট মেচত অনুমোদন দিবলৈ আই চি চি সাজু । আনহাতে ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এতিয়াও পৰম্পৰাগত ৫ দিনীয়া খেল খেলিব পাৰে ।

এই তিনিখন দেশে ইখনে সিখনৰ বিৰুদ্ধে পাঁচদিনীয়া পৰম্পৰাগত খেল খেলিব । মেচৰ সংখ্যা এদিন হ্ৰাস কৰাৰ পদক্ষেপে এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ পৰিৱৰ্তনৰ দিশ আঙুলিয়াই দিছে । আই চি চিৰ মতে ইয়াৰ দ্বাৰা সৰু দেশসমূহক অধিক টেষ্ট আৰু দীঘলীয়া শৃংখলা খেলিবলৈ সহায় কৰিব ।

‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, ‘যোৱা সপ্তাহত লৰ্ডছত অনুষ্ঠিত হোৱা ডব্লিউ টি চি ফাইনেলৰ সময়ত হোৱা আলোচনাত আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ২০২৭-২৯ ডব্লিউ টি চি চক্ৰৰ বাবে ৪ দিনীয়া টেষ্টৰ বাবে সমৰ্থন প্ৰকাশ কৰিছিল ।’

ইয়াত কোৱা হৈছে, ‘ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতক এতিয়াও এছেছ, বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰু এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে ৫ দিনীয়া টেষ্ট শৃংখলা খেলাৰ অনুমতি দিয়া হ’ব ।’

আই চি চিয়ে প্ৰথমবাৰৰ বাবে ২০১৭ চনত দ্বিপাক্ষিক মেচৰ বাবে ৪ দিনীয়া টেষ্টত অনুমোদন জনাইছিল । ২০১৯ আৰু ২০২৩ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলাৰ পিছত ইংলেণ্ডে যোৱা মাহত ট্ৰেণ্ট ব্ৰীজত জিম্বাবুৱেৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলিছিল ।

প্ৰতিবেদন অনুসৰি, ‘সময় আৰু খৰচৰ বাবে বহু সৰু দেশে টেষ্ট মেচ আয়োজন কৰিবলৈ আগ্ৰহী নহয়, কিন্তু ৪ দিনীয়া টেষ্ট মেচ প্ৰৱৰ্তনৰ লগে লগে ৩ সপ্তাহতকৈও কম সময়ৰ ভিতৰতে ৩ খন টেষ্ট মেচৰ সমগ্ৰ শৃংখলা খেলিব পৰা যাব ।’

ইয়াত কোৱা হৈছে, ‘সময় নষ্ট নকৰিবলৈ ৪ দিনীয়া টেষ্ট মেচত খেলাৰ সময় প্ৰতিদিনে ৯০ অভাৰৰ পৰা নূন্যতম ৯৮ অভাৰলৈ বৃদ্ধি কৰা হৈছে ।‘

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত লৰ্ডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো দক্ষিণ আফ্ৰিকাৰ অস্পষ্ট সূচীয়ে বিষয়টোক আৰু অধিক উজ্জ্বল কৰি তুলিলে আৰু পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হ’ল ।

বৰ্তমানৰ চক্ৰ পাঁচ দিনীয়া খেলৰ ওপৰত ভিত্তি কৰি হ’ব-

২০২৫-২৭ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বৰ্তমানৰ পাঁচদিনীয়া খেলৰ ফৰ্মেটত অব্যাহত থাকিব । ইয়াৰ আৰম্ভণি হ’ব মঙলবাৰে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট শৃংখলাৰ জৰিয়তে । ২০২৫-২৭ চক্ৰত প্ৰতিদ্বন্দ্বিতা কৰা ৯খন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২৭খন টেষ্ট শৃংখলাৰ ভিতৰত ১৭খনত মাত্ৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৬খনত তিনিখন মেচৰ শৃংখলা অনুষ্ঠিত হ’ব । ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতে ইখনে সিখনৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলা খেলিব ।

লগতে পঢ়ক : ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ; কেতিয়া আৰু ক’ত হ’ব এই যুঁজ ?

আই চি চিয়ে ঘোষণা কৰিলে বাম্পাৰ প্ৰাইজ মানি; WTC বিজেতা দলে পাব বৃহৎ পৰিমণাৰ ধন

আই চি চি য়ে বৃহস্পতিবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ পুৰস্কাৰৰ ধনৰ পৰিমাণ ঘোষণা কৰিছে । ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত ১১-১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ীৰ বাবে বৃহৎ পৰিমণাৰ ধন ঘোষণা কৰিছে।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিজয়ী দলটোৱে ৩.৬ মিলিয়ন ডলাৰ লাভ কৰিব। যিটো ভাৰতীয় হিচাপত প্ৰায় ৩০ কোটি ৮ লাখ টকা।যিটো পূৰ্বৰ দুটা ছিজনতকৈ দুগুণ বেছি।

উল্লেখ্য যে আইচিচিয়ে পুৰস্কাৰৰ ধন বৃদ্ধি কৰি টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ চেষ্টা চলাইছে।  এইবাৰ তৃতীয়-চতুৰ্থ স্থানৰ পৰা শেষৰ স্থানলৈকে কোনো দল খালী হাতেৰে উভতি যাব লগা নহয়।

যোৱা দুখন ফাইনেল খেলা ভাৰতে এইবাৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১২ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিবলৈ গৈ আছে।

আইচিচিয়ে কেৱল বিজয়ী আৰু ৰানাৰ্ছ আপৰেই নহয়, আন দলৰো ধনৰ পৰিণাম বৃদ্ধি কৰিছে। তৃতীয় স্থানত থকা টিম ইণ্ডিয়াই ১২ কোটি লাভ কৰাৰ লগতে টেবুলৰ নৱম স্থানত থকা পাকিস্তানেও প্ৰায় ৪১ লাখ টকা লাভ কৰিব।

একে সময়তে ২০২১ চনৰ ফাইনেলত বিজয়ী আৰু এইবাৰ চতুৰ্থ স্থান লাভ কৰা নিউজিলেণ্ডে প্ৰায় ১০.২ কোটি টকা লাভ কৰিব ।

ভাৰতৰ জাৰ্চিত থাকিব নে নাথাকে পাকিস্তানৰ নাম ?  আই চি চিয়ে দিলে প্ৰতিক্ৰিয়া

শেহতীয়াকৈ আই চি চিয়ে আগন্তুক চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ জাৰ্চিৰ পৰা আয়োজক পাকিস্তানৰ নাম আঁতৰোৱাৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰা বাতৰিক অস্বীকাৰ কৰিছে । এতিয়া এই সন্দৰ্ভত আই চি চিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এ স্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি আই চি চিৰ এজন বিষয়াই স্পষ্ট কৰি দিছে যে সকলো দলে নিজৰ কিটত প্ৰতিযোগিতাখনৰ অফিচিয়েল ল’গ’ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক, য’ত আয়োজক দেশখনৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । জাৰ্চিত প্ৰতিযোগিতাখনৰ ল’গ’ লগোৱাটো প্ৰতিটো দলৰ দায়িত্ব । সকলো দলে এই নিয়ম মানি চলিব লাগিব ।’

ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ পিছতে এই স্পষ্টীকৰণ দিয়া হৈছে যে বি চি চি আইয়ে টিম ইণ্ডিয়াৰ জাৰ্চিৰ পৰা পাকিস্তানৰ নাম আঁতৰোৱাৰ সিদ্ধান্ত লৈছে । ল’গ’ সঠিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰা দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আই চি চিয়ে স্পষ্ট কৰি দিয়ে ।

আনহাতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই প্ৰতিবেদনসমূহ ভিত্তিহীন বুলি খাৰিজ কৰে আৰু নিশ্চিত কৰে যে ব’ৰ্ডৰ কোনো বিষয়াই এই বিষয়টো কোনো ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰা নাই । আই চি চিৰ এই বিবৃতিটো পি চি বি আৰু বি চি চি আইৰ মাজত চলি থকা উত্তেজনাৰ মাজত প্ৰকাশ পাইছে, ক্ৰিকেট ৰাজনৈতিক বিষয়ত আৱদ্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে, ভাৰত চৰকাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল, যাৰ ফলত আই চি চিয়ে হাইব্ৰিড মডেল গ্ৰহণ কৰিছিল য’ত ভাৰতে ডুবাইত ইয়াৰ সকলো মেচ খেলিব ।

এক প্ৰতিবেদনত কোৱা হৈছে যে বি চি চি আইয়ে দলটোৰ জাৰ্চিত পাকিস্তানৰ নাম লিখাটো নিবিচাৰে যদিও পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ব’ৰ্ডৰ পৰা এনে কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে । বিশেষকৈ ভাৰতীয় ব’ৰ্ডে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দলটো পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰাৰ সময়ত বি চি চি আই আৰু পি চি বিৰ মাজৰ পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছে ।

উল্লেখ্য যে ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী । এইবাৰ পাকিস্তান আৰু ইউ এ ইয়ে যৌথভাৱে আয়োজন কৰিছে চেম্পিয়নছ ট্ৰফী । ভাৰতীয় দলটোৱে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ খেলিব ।

সলনি হ’ল সকলো সমীকৰণঃ ইংলেণ্ড আৰু নিউজীলেণ্ডক শাস্তি আই চি চিৰ, ভাৰতৰ বাবে সহজ হৈ পৰিল ডব্লিউ টি চিৰ ফাইনেলৰ পথ

ইংলেণ্ড আৰু নিউজীলেণ্ডক তিনিটা পেনাল্টি পইণ্ট দি শাস্তি প্ৰদান কৰি শাস্তি প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । ক্ৰাইষ্টচাৰ্চত খেলা প্ৰথমখন টেষ্টত লেহেমীয়া অভাৰ ৰেটৰ বাবে দুয়োটা দলকে পেনাল্টি পইণ্ট দিয়া হৈছে । ইতিমধ্যে ইংলেণ্ড বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা আঁতৰি গৈছে, আনহাতে এই পেনাল্টিয়ে কিৱি দলৰ আশাত এক বৃহৎ আঘাত হানিছে । ৩ পইণ্ট কৰ্তনৰ বাবে এতিয়া নিউজীলেণ্ড ডব্লিউ টি চি পইণ্ট তালিকাত চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ অৱনমিত হৈছে আৰু শ্ৰীলংকাই উপহাৰ হিচাপে লাভ কৰিছে ৪ নম্বৰ ।

নিউজীলেণ্ডৰ পইণ্টৰ শতাংশ এতিয়া ৪৭.৯২ লৈ হ্ৰাস পাইছে আৰু পৰৱৰ্তী সকলো মেচতে জয়লাভ কৰি ইয়াৰ শতাংশ সৰ্বোচ্চ ৫৫.৩৬ লৈ বৃদ্ধি পাব পাৰে । সম্প্ৰতি অষ্ট্ৰেলিয়া, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু ভাৰত কিৱি দলৰ আগত টেবুলত আছে । টিম ইণ্ডিয়া প্ৰথম (৬১.১১), দক্ষিণ আফ্ৰিকা দ্বিতীয় (৫৯.২৬), অষ্ট্ৰেলিয়া তৃতীয় (৫৭.২৬) আৰু শ্ৰীলংকা (৫০) চতুৰ্থ স্থানত আছে । এতিয়া নিউজীলেণ্ডৰ ফাইনেলৰ সমীকৰণ এই যে, ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা দুয়োখন মেচতে জয়ী হ’লেও ফাইনেলত প্ৰৱেশ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব দলটোৱে ।

আই চি চিয়ে জৰিমনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয়, “অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত এক টুইষ্ট আহিছে । ক্ৰিষ্টচাৰ্চত খেলা ইংলেণ্ড আৰু নিউজীলেণ্ডৰ খেলখনত লেহেমীয়া অভাৰৰ হাৰৰ বাবে দুয়োটা দলক মেচ মাচুলৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে, লগতে দুয়োটা দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তিনি পইণ্ট হ্ৰাস কৰা হৈছে । ইয়াৰ ফলত ফাইনেলৰ দৌৰ আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিছে ।”

ভাৰত লাভৱান হ’ব-

এতিয়ালৈকে ৫টা দলে পোনপটীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত নামিছে । যিহেতু এতিয়া নিউজীলেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশ কৰাটো অতি কঠিন যেন লাগিছে, সেয়েহে শীৰ্ষত থকা ভাৰতৰ প্ৰতি ভাবুকি প্ৰায় হ্ৰাস পাইছে । শ্ৰীলংকাৰ আগন্তুক সূচী যেন অতি কঠিন, সেয়েহে আনুষ্ঠানিকভাৱে চালে ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা, এই তিনিখন দেশ এতিয়া ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছে  ।

আই চি চিৰ অধ্যক্ষ হিচাপে কাৰ্যকাল আৰম্ভ জয় শ্বাহৰ, সন্মুখত প্ৰথম প্ৰত্যাহ্বান কি ?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে জয় শ্বাহে । ইয়াৰ লগতে তেওঁৰ নামত এক বিশেষ কৃতিত্বও পঞ্জীয়ন হৈছে । আই চি চিৰ অধ্যক্ষ হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে শ্বাহ । তেওঁৰ বৰ্তমান বয়স মাত্ৰ ৩৬ বছৰ । এই গুৰুত্বপূৰ্ণ পদ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ বি চি চি আইৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

গ্ৰেগ বাৰ্কলেৰ স্থান ললে জয় শ্বাহে-

আই চি চিৰ প্ৰাক্তন অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ ঠাই লৈছে জয় শ্বাহে । বাৰ্কলে নিউজীলেণ্ডৰ আছিল । উল্লেখ্য যে শ্বাহ দেশৰ হৈ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা পঞ্চমজন ব্যক্তি । তেওঁৰ পূৰ্বে জগমোহন ডালমিয়া, শৰদ পাৱাৰ, শশাংক মনোহৰ আৰু উদ্যোগপতি এন শ্ৰীনিবাসনে এই পদত শোভা বঢ়াইছিল ।

জয় শ্বাহৰ সন্মুখত চেম্পিয়নছ ট্ৰফী প্ৰথম প্ৰত্যাহ্বান-

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হৈছে আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফী । এই সমস্যাৰ পৰা তেওঁ কেনেকৈ মুক্তি পায় সেয়া চাবলৈ যথেষ্ট আকৰ্ষণীয় হ’ব । কাৰণ পি চি বিয়ে এই বিষয়ত অটল যে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব লাগে, আনহাতে টিম ইণ্ডিয়াই নিৰাপত্তা সম্পৰ্কীয় সমস্যাৰ বাবে পাকিস্তানলৈ যাব নিবিচাৰে ।

ইয়াৰ পূৰ্বে আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত শ্বাহে কৈছিল- ‘মোক আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোকে ধন্যবাদ । সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ প্ৰচাৰৰ বাবে কাম কৰিম । বৰ্তমান সকলো ফৰ্মেট আগুৱাই নিয়াৰ প্ৰয়োজন আছে । গেমটোত কিছু নতুন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰিম । মোৰ প্ৰচেষ্টা সদায় এই খেলখন জনপ্ৰিয় কৰি তোলাৰ বাবেই থাকিব ।‘