ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে পিছুৱাই দিয়া হৈছিল আই পি এল ২০২৫ । ইয়াৰ পিছত বহু বিদেশী খেলুৱৈ নিজৰ দেশলৈ উভতি যায় । এতিয়া ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল । ইয়াৰ মাজতে খবৰ আহিছিল যে আই পি এল ২০২৫ৰ বাকী থকা মেচবোৰত অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে খেলিব নোৱাৰিব । এতিয়া এই সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াই এটা ডাঙৰ আপডেট দিছে । ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্তই আই পি এল দলসমূহক যথেষ্ট সকাহ দিব ।
মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে যদি অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে আই পি এল খেলিবলৈ যাব বিচাৰে তেন্তে যাব পাৰে । তেওঁলোকক ব’ৰ্ডে ৰখাব নোৱাৰে । তেওঁলোক যাব বিচাৰে নে নাযায় সেয়া খেলুৱৈৰ ওপৰত নিৰ্ভৰশীল । উল্লেখ্য যে অষ্ট্ৰেলিয়াই জুন মাহত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব লাগিব । এনে পৰিস্থিতিত এই খিতাপ মেচৰ বাবেও প্ৰস্তুতি চলাব লাগিব । এই কাৰণতে কোৱা হৈছিল যে আই পি এলৰ বাকী থকা মেচসমূহ কেংগাৰু খেলুৱৈসকলৰ বাবে খেলাটো কঠিন হ’ব ।
ক্ৰিকেট অষ্ট্ৰেলিয়াই আই পি এললৈ ঘূৰি অহা খেলুৱৈসকলৰ ব্যক্তিগত সিদ্ধান্তক সন্মান জনাইছে । সোমবাৰে বি চি চি আইয়ে সিদ্ধান্ত লয় যে ১৭ মে’ৰ পৰা ৬টা স্থানত পুনৰ আৰম্ভ হ’ব আই পি এলৰ এই ছিজন । ৩ জুনত অনুষ্ঠিত হ’ব লীগৰ ফাইনেল । প্লে অফৰ খেলৰ স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই ।
ইয়াৰ ফলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্ৰিকেটাৰসকলৰ বাবে এক দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে কিয়নো অহা ১১ জুনৰ পৰা লৰ্ডছত দুয়োটা দলৰ মাজত ডব্লিউ টি চি ফাইনেল অনুষ্ঠিত হ’ব । এটা বিবৃতিত ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে শনিবাৰৰ পৰা আই পি এল পুনৰ আৰম্ভ হোৱাৰ ঘোষণাৰ পিছত ক্ৰিকেট অষ্ট্ৰেলিয়াই সিদ্ধান্ত লৈছে যে খেলুৱৈসকলে ভাৰতলৈ উভতি যোৱা বা নোযোৱাৰ ব্যক্তিগত সিদ্ধান্তক সন্মান কৰিব । ইয়াত আৰু কোৱা হৈছে যে, আমি নিৰাপত্তাৰ ব্যৱস্থাৰ সন্দৰ্ভত বি চি চি আই আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ সৈতে যোগাযোগত আছো ।