ইৰাণ

ইৰাণৰ ওপৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ; ৮ জনৰ মৃত্যু

ইৰাণৰ ওপৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ ইৰাণৰ দক্ষিণ-পূব অঞ্চলত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। দেশখনৰ দক্ষিণ-পূব অংশৰ এটা ন্যায়িক ভৱনত এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হৈছে। এই আক্ৰমণত কমেও ৮ জন লোক নিহত হয়, ইয়াৰ ভিতৰত ৫ জন সাধাৰণ নাগৰিক আৰু তিনিজন আক্ৰমণকাৰী বুলি জানিব

ইৰাণৰ ওপৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ

ইৰাণৰ দক্ষিণ-পূব অঞ্চলত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। দেশখনৰ দক্ষিণ-পূব অংশৰ এটা ন্যায়িক ভৱনত এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হৈছে।

এই আক্ৰমণত কমেও ৮ জন লোক নিহত হয়, ইয়াৰ ভিতৰত ৫ জন সাধাৰণ নাগৰিক আৰু তিনিজন আক্ৰমণকাৰী বুলি জানিব পৰা গৈছে।

ন্যায়পালিকাৰ মিজান অনলাইন পৰ্টেলৰ মতে, “অজ্ঞাত বন্দুকধাৰীয়ে দক্ষিণ-পূব চিস্তান-বেলুচিস্তান প্ৰদেশৰ ৰাজধানী জাহেদানৰ ন্যায়পালিকাৰ কেন্দ্ৰত আক্ৰমণ চলাই।

এই সন্ত্ৰাসবাদী আক্ৰমণত ৫ জন লোকৰ মৃত্যু হৈছে আৰু ১৩ জন আহত হৈছে।’ ইফালে ৰাজ্যিক সংবাদ সংস্থা ইৰনাই এই আক্ৰমণৰ সময়ত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰা বুলি দাবী কৰিছে।

লগতে পঢ়ক: থাইলেণ্ডৰ সীমান্তত এতিয়াও যুদ্ধৰ দামামা; কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী

শেহতীয়া প্ৰৱন্ধসমূহ