জানক কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ৯৭ সংখ্যক অস্কাৰৰ মনোনয়ন

অন্ত পৰিল অপেক্ষাৰ… জানক কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ৯৭ সংখ্যক অস্কাৰৰ মনোনয়ন

৯৭ সংখ্যক অস্কাৰ ২০২৫ৰ বাবে মনোনয়নৰ তাৰিখ প্ৰকাশ পাইছে । এই মনোনয়নসমূহ পূৰ্বে ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু এতিয়া ইয়াৰ তাৰিখ সলনি হৈছে । একাডেমীয়ে এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰদান কৰিছে । ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব মনোনয়ন-জনোৱা হৈছে যে এই মনোনয়নসমূহ ৰাচেল

৯৭ সংখ্যক অস্কাৰ ২০২৫ৰ বাবে মনোনয়নৰ তাৰিখ প্ৰকাশ পাইছে । এই মনোনয়নসমূহ পূৰ্বে ১৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু এতিয়া ইয়াৰ তাৰিখ সলনি হৈছে । একাডেমীয়ে এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰদান কৰিছে ।


২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব মনোনয়ন-
জনোৱা হৈছে যে এই মনোনয়নসমূহ ৰাচেল চেনট আৰু ব’ৱেন ইয়াঙে প্ৰদান কৰিব । একাডেমীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই কথা ঘোষণা কৰিছে । এতিয়া মনোনয়ন আজি অৰ্থাৎ ২৩ জানুৱাৰীত হ’বলৈ গৈ আছে । উল্লেখ্য যে পেচিফিক টাইম জ’ন অনুসৰি এই শ্ব’ পুৱা ৫:৩০ বজাত আৰু ইষ্টাৰ্ণ টাইম অনুসৰি পুৱা ৮:৩০ বজাত টেলিকাষ্ট কৰা হ’ব ।


পোষ্টত কি লিখা হৈছে-
তেওঁলোকে আৰু লিখিছে, ‘আপুনি ইয়াক অস্কাৰ ডট কম, অস্কাৰ ডট অৰ্গ, এ বি চি, হুলু, ডিজনী+ আৰু একাডেমীৰ টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্ট্ৰীম কৰিব পাৰে’ । প্ৰথমে ১৭ জানুৱাৰীত অস্কাৰৰ মনোনয়ন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও লছ এঞ্জেলছত সংঘটিত হোৱা ভয়াৱহ বনজুইৰ বাবে বাতিল কৰা হয় । একাডেমীৰ চি ই অ’ বিল ক্ৰেমাৰে এখন পত্ৰ প্ৰকাশ কৰি লিখিছে, “এই অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোলৈ আমি গভীৰ সমবেদনা ব্যক্ত কৰিছো ।”


লছ এঞ্জেলছৰ অগ্নিকাণ্ডৰ প্ৰভাৱ-
বুধবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ফিচাৰ চৰ্টলিষ্ট প্ৰদৰ্শন সপ্তাহৰ শেষৰ ফালে পিছুৱাই দিয়া হৈছে । ১১ জানুৱাৰীত লছ এঞ্জেলছ আৰু নিউয়ৰ্ক চহৰত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ চাউণ্ড ব্ৰাঞ্চ বেক-অফ আৰু মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰষ্টাইলিষ্ট ব্ৰাঞ্চ বেক-অফ বাতিল কৰা হৈছে । উল্লেখ্য যে ২০২৫ চনৰ ২ মাৰ্চত অস্কাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । অস্কাৰ অনুষ্ঠানৰ আয়োজন কৰিব কনন অ’ব্ৰাইনে ।

শেহতীয়া প্ৰৱন্ধসমূহ