আজি হ’ব আই পি এল ২০২৫ৰ শীৰ্ষ স্থানৰ সিদ্ধান্ত...

আজি হ’ব আই পি এল ২০২৫ৰ শীৰ্ষ স্থানৰ সিদ্ধান্ত… এই দলটোৱেই হৈছে মুম্বাইৰ পথত আটাইতকৈ ডাঙৰ বাধা !

আই পি এল ২০২৫ মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ দলে আই পি এল ২০২৫ৰ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে । টেবুল টপাৰ হোৱাৰ বাবে এই চাৰিটা দলৰ মাজত যুঁজ চলি আছে । ইয়াৰ মাজতে আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব

আই পি এল ২০২৫

মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ দলে আই পি এল ২০২৫ৰ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে । টেবুল টপাৰ হোৱাৰ বাবে এই চাৰিটা দলৰ মাজত যুঁজ চলি আছে । ইয়াৰ মাজতে আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব পাঞ্জাব কিংছ । এই মেচৰ অন্তত নিশ্চিত হ’ব পইন্ট তালিকাৰ শীৰ্ষত কোন উপনীত হ’ব । প্ৰকৃততে লীগ পৰ্যায়ত মাত্ৰ ২খন মেচ বাকী আছে আৰু এই দুখন মেচৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো দল পইণ্ট টেবুলৰ শীৰ্ষত অৱস্থান কৰিব ।

উল্লেখ্য যে, গুজৰাট টাইটানছে ১৪খন খেলৰ আটাইকেইখন মেচ খেলি বৰ্তমান ১৮ পইণ্ট লাভ কৰিছে । দ্বিতীয় স্থানত থকা পঞ্জাব কিংছৰ বৰ্তমান ১৭ পইণ্ট আছে আৰু তৃতীয় স্থানত থকা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰো বৰ্তমান ১৭ পইণ্ট আছে আৰু দলটোৰ এখন মেচ বাকী আছে । একে সময়তে আজি পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিবলগীয়া মুম্বাই ইণ্ডিয়ানছৰ দলটো চতুৰ্থ স্থানত আছে । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট যথেষ্ঠ ভাল, গতিকে তেওঁলোকে টেবুলত শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা অতি প্ৰৱল ।

এম আইৰ পথত আটাইতকৈ ডাঙৰ বাধা-

আই পি এল ২০২৫ত বৰ্তমান ১৬ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট +১.২৯২, আজিৰ খেলখনত জয়ী হ’লে দলটো পইণ্ট টেবুলৰ শীৰ্ষত উপনীত হ’ব । ইয়াৰ বাবে দলটোৱে পঞ্জাৱ কিংছৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব । পঞ্জাৱ দল নিজেই টেবুল টপাৰ হোৱাৰ দৌৰত আছে । ১৩খন মেচত ৮খনত জয়ৰ পিছত বৰ্তমান পঞ্জাৱৰ ১৭ পইণ্ট আৰু নেট ৰান ৰেট +০.৩২৭ ।

আজি পঞ্জাৱ কিংছক পৰাস্ত কৰিলেহে মুম্বাই টেবুল টপাৰ হ’ব পাৰিব । লগতে দলটোৱে আৰ চি বিয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁলোকৰ অন্তিমখন লীগ মেচত পৰাস্ত হোৱাৰ আশা কৰিব লাগিব । ইয়াৰ ফলত আৰ চি বিয়ে ১৭ পইণ্ট লাভ কৰাৰ বিপৰীতে এম আইয়ে ১৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিব ।

লগতে পঢ়ক : কামাখ্যা দৰ্শন কৰিলে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে… ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বিচাৰিলে আশীৰ্বাদ

শেহতীয়া প্ৰৱন্ধসমূহ