১৩খন মেচ আৰু ৭৪৭ ৰান...এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰিলে আই চি চিৰ ডাঙৰ সন্মান

১৩খন মেচ আৰু ৭৪৭ ৰান…এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰিলে আই চি চিৰ ডাঙৰ সন্মান

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৪ বৰ্ষৰ বাবে বঁটা ঘোষণা কৰিছে । ভাৰতৰ স্মৃতি মন্ধানাইয়ো লাভ কৰিছে এক ডাঙৰ বঁটা । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে মন্ধানা । ভাৰতীয় মহিলা দলৰ সহ অধিনায়ক স্মৃতিয়ে ২০২৪ বৰ্ষত এদিনীয়া ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৪ বৰ্ষৰ বাবে বঁটা ঘোষণা কৰিছে । ভাৰতৰ স্মৃতি মন্ধানাইয়ো লাভ কৰিছে এক ডাঙৰ বঁটা । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে মন্ধানা । ভাৰতীয় মহিলা দলৰ সহ অধিনায়ক স্মৃতিয়ে ২০২৪ বৰ্ষত এদিনীয়া ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । স্মৃতিয়ে চামাৰী আটাপাট্টু (শ্ৰীলংকা), ল’ৰা উলভাৰ্ড আৰু এনাবেল চাথাৰলেণ্ড (অষ্ট্ৰেলিয়া)ক অতিক্ৰম কৰি এই সন্মান লাভ কৰে ।

স্মৃতিৰ বাবে বিশেষ আছিল ২০২৪-

স্মৃতি মন্ধানাই ২০২৪ বৰ্ষত ১৩খন এদিনীয়া খেলৰ ১৩টা ইনিংছত ৭৪৭ ৰান সংগ্ৰহ কৰিছিল, যিটো তেওঁৰ যিকোনো কেলেণ্ডাৰ বৰ্ষৰ সৰ্বোত্তম প্ৰদৰ্শন । এই বাওঁহাতৰ বেটছমেনগৰাকীয়ে ২০২৪ চনত এদিনীয়াত মহিলাৰ ক্ষেত্ৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ পিছতে আছে ল’ৰা উলভাৰ্ড (৬৯৭ ৰান), টেমি বিউমন্ট (৫৫৪ ৰান) আৰু হেলি মেথিউছ (৪৬৯ ৰান) ।

আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰা মাত্ৰ দ্বিতীয়গৰাকী খেলুৱৈ হৈছে স্মৃতি মন্ধানা । এই ক্ষেত্ৰত স্মৃতিয়ে নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়ক ছুজি বেটছৰ অভিলেখ স্পৰ্শ কৰিছে । ২৮ বছৰীয়া স্মৃতিয়ে ইয়াৰ পূৰ্বে ২০১৮ চনতো এই বঁটা লাভ কৰিছিল ।

মহিলাৰ এদিনীয়াত কেলেণ্ডাৰ বৰ্ষত চাৰিটা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হৈছে স্মৃতি মন্ধানা । ২০২৪ চনৰ ডিচেম্বৰ মাহত পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে । আই চি চিৰ টি-২০ আই ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বাবে চৰ্টলিষ্ট কৰা খেলুৱৈৰ ভিতৰত স্মৃতিও আছিল যদিও নিউজীলেণ্ডৰ আমেলিয়া কেৰৰ হাতত পৰাস্ত হয় স্মৃতি ।