'ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব’; নীট প্ৰশ্নকাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

‘ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়া হ’ব’; নীট প্ৰশ্নকাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নীট প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ এক বিশেষ পোষ্ট কৰিছে। নীট প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৩ জুলাইত কয় যে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতা। এই ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ ক্ষিপ্ৰ বিচাৰৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নীট প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ এক বিশেষ পোষ্ট কৰিছে।

নীট প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৩ জুলাইত কয় যে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতা। এই ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ ক্ষিপ্ৰ বিচাৰৰ বাবে ‘ফাষ্ট ট্ৰেক’ আদালত গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তক তেওঁ আদৰণি জনায়।

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীৰ বাৰ্তা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে যুৱ প্ৰজন্মৰ ভৱিষ্যৎ বিপন্ন কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিব। এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- “দেশৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ আৰু ভৱিষ্যৎ ডাবল-ইঞ্জিন চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতা। NEET প্ৰশ্নকাকত ফাদিল গোচৰৰ দোষীসকলক যাতে দ্ৰুতভাৱে ন্যায়ৰ আওতালৈ আনিব পৰা যায়, তাৰ বাবে গোচৰসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ অৰ্থে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হ’ব।”

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সংশ্লিষ্ট বিভাগসমূহক এই সিদ্ধান্ত ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, শিক্ষাৰ্থীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত এইটো অন্যতম। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিব বিচৰা কাকো ৰেহাই দিয়া নহ’ব।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ