মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । ৰাজ্যখনৰ গুৰুতৰ বান পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয় । প্ৰলয়ংকৰ

অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । ৰাজ্যখনৰ গুৰুতৰ বান পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয় । প্ৰলয়ংকৰ বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰত্যক্ষ বুজ ল’বলৈ অতি শীঘ্ৰেই এটা কেন্দ্ৰীয় দল অসম ভ্ৰমণলৈ প্ৰেৰণ কৰা হ’ব বুলি গৃহ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

বৃহস্পতিবাৰে সামাজিক মাধ্যম ‘X’ (পূৰ্বৰ টুইটাৰ)-ত এই বিষয়ে জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেন্দ্ৰীয় দলটোৱে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি ক্ষতিৰ উমান ল’ব । ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্সংস্থাপন আৰু জীৱিকা ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ পৰা কি ধৰণৰ সাহায্যৰ প্ৰয়োজন, সেয়াও এই দলটোৱে নিৰ্ধাৰণ কৰিব ।

তেওঁ লিখিছে- “উজনিৰ সৃষ্টি হোৱা আকস্মিক বানে আমাৰ ৰাইজৰ জীৱনলৈ চৰম দুৰ্দশা বোৱাই আনিছে । সংহাৰৰ পৰিমাণ অকল্পনীয় ।”

এই কঠিন সময়ত অসমৰ ৰাইজৰ কাষত থিয় দিয়া আৰু ৰাজ্যখনলৈ সাহায্যৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

ফেচবুকযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,’ কিছু সময় পূৰ্বে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেখেতে জনাইছে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ প্রতিনিধি দল অসমত আহি উপস্থিত হ’ব ।‘

তেওঁ পুনৰ কয়-‘ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত ডাৱৰ বিস্ফোৰণৰ ফলত সংঘটিত আকস্মিক বানে আমাৰ বহু লোকৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।‘

লগতে পঢ়ক : ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি