মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত কেন্দ্ৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । ৰাজ্যখনৰ গুৰুতৰ বান পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয় । প্ৰলয়ংকৰ বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰত্যক্ষ বুজ ল’বলৈ অতি শীঘ্ৰেই এটা কেন্দ্ৰীয় দল অসম ভ্ৰমণলৈ প্ৰেৰণ কৰা হ’ব বুলি গৃহ মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

বৃহস্পতিবাৰে সামাজিক মাধ্যম ‘X’ (পূৰ্বৰ টুইটাৰ)-ত এই বিষয়ে জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেন্দ্ৰীয় দলটোৱে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি ক্ষতিৰ উমান ল’ব । ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্সংস্থাপন আৰু জীৱিকা ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ পৰা কি ধৰণৰ সাহায্যৰ প্ৰয়োজন, সেয়াও এই দলটোৱে নিৰ্ধাৰণ কৰিব ।

তেওঁ লিখিছে- “উজনিৰ সৃষ্টি হোৱা আকস্মিক বানে আমাৰ ৰাইজৰ জীৱনলৈ চৰম দুৰ্দশা বোৱাই আনিছে । সংহাৰৰ পৰিমাণ অকল্পনীয় ।”

এই কঠিন সময়ত অসমৰ ৰাইজৰ কাষত থিয় দিয়া আৰু ৰাজ্যখনলৈ সাহায্যৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

ফেচবুকযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,’ কিছু সময় পূৰ্বে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেখেতে জনাইছে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ প্রতিনিধি দল অসমত আহি উপস্থিত হ’ব ।‘

তেওঁ পুনৰ কয়-‘ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত ডাৱৰ বিস্ফোৰণৰ ফলত সংঘটিত আকস্মিক বানে আমাৰ বহু লোকৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।‘

লগতে পঢ়ক : ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

অসমত বানৰ কালৰূপ: নতুনকৈ গৃহহীন ৩ লাখ, মৃত্যু ৪১ লৈ বৃদ্ধি!

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে ভয়াৱহ বান পৰিস্থিতি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত বানৰ ফলত চাৰিটি শিশুক ধৰি আন ১০ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে শিৱসাগৰ আৰু যোৰহাটত ৩ জনকৈ, চৰাইদেউত ২ জন আৰু ধেমাজি তথা কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ মৃত্যু হয় । ইয়াকে লৈ চলিত বানত সমগ্ৰ ৰাজ্যতে মৃত্যৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পালে । ইফালে ৩ জন পুৰুষ আৰু ৩ গৰাকী মহিলাসহ মুঠ ৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে ।

জানিব পৰা মতে, ৰাজ্যৰ ১১ খন জিলা- কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই আৰু কামৰূপ (মহানগৰ)-ৰ ৪০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৯ খন গাঁও বৰ্তমান পানীৰ তলত । ৬.৫৩ লাখৰো অধিক লোক এই দুৰ্যোগৰ কবলত পৰিছে । কেৱল শিৱসাগৰ জিলাতেই সৰ্বাধিক ৩.৯২ লাখ লোক প্ৰভাৱিত হোৱাৰ বিপৰীতে চৰাইদেউত ১.১০ লাখ আৰু যোৰহাটত ৯৭ হাজাৰৰো অধিক লোক দুৰ্দশাগ্ৰস্ত হৈছে । তদুপৰি ১.৩৮ লাখৰো অধিক পশুধনো বানত প্ৰভাৱিত হৈছে ।

ইফালে অবিৰাম বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । নাংলামুৰাঘাটত দিচাং নদীৰ পানী সৰ্বোচ্চ স্তৰৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে বুঢ়ীদিহিং, দিখৌ, ধানশিৰি (দক্ষিণ) আৰু কুশিয়াৰা নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । বুধবাৰে বানৰ ঢৌৱে ৫৩ টা পথ আৰু ৬ টা মথাউৰিৰ ব্যাপক ক্ষতিসাধন কৰে ।

উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ভাৰতীয় সেনা, এনডিআৰএফ, এছডিআৰএফ, বিমান বাহিনী আৰু আৰক্ষীসহ কেইবাটাও সংস্থা নিয়োজিত হৈ আছে । বুধবাৰে উদ্ধাৰকাৰী দলে ৮,৪০৯ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে । জিলা প্ৰশাসনে স্থাপন কৰা ৪৮৭ টা সাহায্য শিবিৰত সম্প্ৰতি ৩.১৩ লাখতকৈও অধিক বানপীড়িতই আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক : নগালেণ্ডৰ ডাৱৰ বিস্ফোৰণ: উপগ্ৰহভিত্তিক অধ্যয়ন চলাব অসম চৰকাৰে

শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

শিৱসাগৰৰ জাঁজীত বানে লৈছে কাল ৰপ

শিৱসাগৰৰ জাঁজীত পুনৰ প্ৰলয়ংকাৰী বানৰ ভয়ংকৰ ৰূপ

-জাঁজীৰ নৰা-কোঁৱৰ বাইলুং গাঁৱত অবৰ্ণনীয় পৰিস্থিতি

-চিকিৰিচুকৰ জাঁজী মথাউৰি ভঙাৰ ফলত অৰ্দ্ধ-শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত

-প্ৰলয়ংকৰী বানে ভাঙি-ছিগি উটুৱাই নিয়ে বহু লোকৰ ঘৰ-দুৱাৰ, সামগ্ৰী

-বহু পৰিয়ালৰ লাগতিয়াল সামগ্ৰী, আচবাব, গুৰুত্বপূৰ্ণ নথি-পত্ৰ উটুৱাই নিয়ে বানে

-অন্ন-বস্ত্ৰ-বাসস্থান আৰু বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিৱেশ

-সৰ্বস্ব হেৰুৱাই কান্দোনত ভাঙি পৰিছে বন্যাৰ্ত লোক

লগতে পঢ়ক : বিধ্বংসী বানত শোকাৱহ ঘটনা, একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ