ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

ৰাজ্যত অব্যাহত বলিয়া বানৰ সংহাৰ, মৃত্যুৰ সংখ্যা ৪১লৈ বৃদ্ধি

অসমত বানৰ কালৰূপ: নতুনকৈ গৃহহীন ৩ লাখ, মৃত্যু ৪১ লৈ বৃদ্ধি! ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে ভয়াৱহ বান পৰিস্থিতি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত বানৰ ফলত চাৰিটি শিশুক ধৰি আন ১০ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে শিৱসাগৰ

অসমত বানৰ কালৰূপ: নতুনকৈ গৃহহীন ৩ লাখ, মৃত্যু ৪১ লৈ বৃদ্ধি!

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে ভয়াৱহ বান পৰিস্থিতি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত বানৰ ফলত চাৰিটি শিশুক ধৰি আন ১০ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে শিৱসাগৰ আৰু যোৰহাটত ৩ জনকৈ, চৰাইদেউত ২ জন আৰু ধেমাজি তথা কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ মৃত্যু হয় । ইয়াকে লৈ চলিত বানত সমগ্ৰ ৰাজ্যতে মৃত্যৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পালে । ইফালে ৩ জন পুৰুষ আৰু ৩ গৰাকী মহিলাসহ মুঠ ৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে ।

জানিব পৰা মতে, ৰাজ্যৰ ১১ খন জিলা- কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই আৰু কামৰূপ (মহানগৰ)-ৰ ৪০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৯ খন গাঁও বৰ্তমান পানীৰ তলত । ৬.৫৩ লাখৰো অধিক লোক এই দুৰ্যোগৰ কবলত পৰিছে । কেৱল শিৱসাগৰ জিলাতেই সৰ্বাধিক ৩.৯২ লাখ লোক প্ৰভাৱিত হোৱাৰ বিপৰীতে চৰাইদেউত ১.১০ লাখ আৰু যোৰহাটত ৯৭ হাজাৰৰো অধিক লোক দুৰ্দশাগ্ৰস্ত হৈছে । তদুপৰি ১.৩৮ লাখৰো অধিক পশুধনো বানত প্ৰভাৱিত হৈছে ।

ইফালে অবিৰাম বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । নাংলামুৰাঘাটত দিচাং নদীৰ পানী সৰ্বোচ্চ স্তৰৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে বুঢ়ীদিহিং, দিখৌ, ধানশিৰি (দক্ষিণ) আৰু কুশিয়াৰা নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । বুধবাৰে বানৰ ঢৌৱে ৫৩ টা পথ আৰু ৬ টা মথাউৰিৰ ব্যাপক ক্ষতিসাধন কৰে ।

উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ভাৰতীয় সেনা, এনডিআৰএফ, এছডিআৰএফ, বিমান বাহিনী আৰু আৰক্ষীসহ কেইবাটাও সংস্থা নিয়োজিত হৈ আছে । বুধবাৰে উদ্ধাৰকাৰী দলে ৮,৪০৯ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে । জিলা প্ৰশাসনে স্থাপন কৰা ৪৮৭ টা সাহায্য শিবিৰত সম্প্ৰতি ৩.১৩ লাখতকৈও অধিক বানপীড়িতই আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক : নগালেণ্ডৰ ডাৱৰ বিস্ফোৰণ: উপগ্ৰহভিত্তিক অধ্যয়ন চলাব অসম চৰকাৰে