প্ৰতিবাদকাৰী ছাত্ৰৰ সমৰ্থনত বলীউডৰ ‘ভাইজান’

প্ৰতিবাদকাৰী ছাত্ৰৰ সমৰ্থনত বলীউডৰ ‘ভাইজান’

“শিক্ষাই হওক পৰৱৰ্তী ট্ৰেন্ড”— NEET বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে । বলীউড অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । NEET প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে । এই সমগ্ৰ বিষয়টোক লৈ এতিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে

“শিক্ষাই হওক পৰৱৰ্তী ট্ৰেন্ড”— NEET বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে । বলীউড অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

NEET প্ৰশ্নকাকত ফাদিলৰ অভিযোগ আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে । এই সমগ্ৰ বিষয়টোক লৈ এতিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শিক্ষাৰ্থীসকললৈ মুকলি সমৰ্থন আগবঢ়াইছে ।

ছলমান খানৰ বিশেষ প্ৰতিক্ৰিয়া:

বিগত কেইবাদিনো ধৰি এই বিষয়ত মৌন হৈ থকাৰ পিছত অৱশেষত বলিউড ছুপাৰষ্টাৰ ছলমান খানে ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছে । তেওঁ লিখিছে:

“প্ৰশ্নকাকত ফাদিল হোৱাটো এটা অতি গুৰুতৰ বিষয় । আমাৰ দেশৰ সন্তানে এক উন্নত শিক্ষা ব্যৱস্থাৰ বাবে একত্ৰিত হোৱা দেখি মই আনন্দিত হৈছোঁ । ই এক অতি শান্তিপূৰ্ণ আন্দোলন আছিল, কিন্তু ই হিংসাত্মক ৰূপ লোৱাটো দুখজনক ।”

অভিনেতাজনে লগতে কয় যে এই বিষয়টোক কোনো ৰাজনৈতিক ৰং দিব নালাগে আৰু চৰকাৰে শিক্ষাৰ্থীসকলৰ দাবীসমূহ বিবেচনা কৰি শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰা উচিত ।

তীব্ৰতৰ হৈছে প্ৰতিবাদ

ছলমান খানৰ উপৰিও জিনাত আমান, অনুৰাগ কাশ্যপ, শ্বাবানা আজমী, ৰত্না পাঠক শ্বাহ, অভয় দেওল আদি তাৰকাই ককৰোচ জনতা পাৰ্টি-ৰ নেতৃত্বত চলি থকা এই আন্দোলনক সমৰ্থন জনায় ।

বুধবাৰে দিল্লীৰ যন্তৰ-মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী একত্ৰিত হয় । CJP-ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই চৰকাৰক সকীয়াই দি কয় যে দাবীসমূহ মানি নল’লে আগন্তুক দিনত লাখ লাখ লোক ৰাজপথলৈ ওলাই আহিব ।

লগতে পঢ়ক : ‘নীট পৰীক্ষা সম্পূৰ্ণৰূপে নাইকীয়া কৰিব লাগে’; CJP-ৰ প্ৰতিবাদৰ মাজতে বিজয় থালাপাথীৰ মন্তব্য