‘গেলেক্সি এপাৰ্টমেণ্ট’ত আৰু নেদেখিব ছলমান খানক: কিয় ল’লে এই সিদ্ধান্ত ?

অহৰহ ভাবুকি আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ আইকনিক ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্টছ’ এৰি যাব পাৰে।

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে খুব সোনকালেই তেওঁৰ আটাইতকৈ প্ৰিয় আৰু বিখ্যাত ‘গেলেক্সি এপাৰ্টমেণ্ট’ক বিদায় জনাব পাৰে। খবৰ অনুসৰি, তেওঁ বান্দ্ৰা এলেকাতে নিৰ্মাণ হ’বলগীয়া এটা নতুন আৰু অতি বিলাসী ঘৰলৈ স্থানান্তৰিত হোৱাৰ প্ৰস্তুতি চলাইছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ছলমানৰ এই নতুন ঘৰটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। তেওঁৰ পৰিয়ালে বহু আগতেই এই ঠাইখিনি পছন্দ কৰিছিল, কিন্তু কিছুমান চৰকাৰী অনুমতিৰ বাবে কামটো ৰৈ গৈছিল। এতিয়া এই নতুন প্ৰজেক্টটো আগুৱাই নিবলৈ প্ৰয়োজনীয় অনুমতি পোৱা গৈছে।

এই নতুন বিলাসী ঘৰটো নিৰ্মাণৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে ‘সুৰক্ষা’ৰ কথাক উল্লেখ কৰা হৈছে। দৰাচলতে, যোৱা কিছু সময় ধৰি ছলমান খানে ধাৰাবাহিকভাৱে প্ৰাণে মৰাৰ ভাবুকি পাই আহিছে। নিৰাপত্তা সংস্থাসমূহেও তেওঁক পৰামৰ্শ দিছিল যে ‘গেলেক্সি এপাৰ্টমেণ্ট’ত থকাটো এতিয়া তেওঁৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয়, কাৰণ তাত নিৰাপত্তাৰ ব্যৱস্থা কৰাত বহু অসুবিধা হৈছে। সেয়েহে এতিয়া তেওঁৰ পৰিয়ালে এনে এখন ঠাইত থাকিবলৈ চিন্তা কৰিছে, য’ত তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত খবৰ ওলাইছে যে তেওঁ সোনকালেই নতুন ঘৰলৈ স্থানান্তৰিত হ’ব পাৰে।

লগতে জানিব পৰা গৈছে যে ছলমানৰ এই নতুন আৰু বিলাসী ঘৰটো নিৰ্মাণৰ প্ৰস্তুতি দ্ৰুতগতিত চলিছে। উল্লেখ্য যে, এই বহু মহলীয়া অট্টালিকাটো নিৰ্মাণৰ বাবে বৃহন্মুম্বাই মিউনিচিপাল কৰ্পৰেশ্যনে (BMC) ২০২৫ চনৰ অক্টোবৰ মাহতেই প্ৰাৰম্ভিক সেউজ সংকেত দিছিল। ইয়াক কাৰিকৰী ভাষাত ‘ইণ্টিমেশ্যন অৱ ডিছএপ্ৰুভেল’ বুলি কোৱা হয়। এই অনুমতি পোৱাৰ পিছৰে পৰা মাটিৰ কাম আৰম্ভ কৰাৰ বাবে যি আনুষ্ঠানিক প্ৰক্ৰিয়া আছিল, সেয়া দ্ৰুতগতিত আগবাঢ়িছে, যাৰ বাবে খান পৰিয়ালে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল।

এই নতুন ছয় মহলীয়া বিলাসী অট্টালিকাটো বান্দ্ৰাৰ চিম্বাই এলেকাত সাগৰৰ ঠিক সন্মুখত নিৰ্মাণ কৰা হ’ব। এই বিলাসী ঘৰটোত গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে গাড়ী ৰখাবলৈ এখন সুন্দৰ ষ্টিল্ট পাৰ্কিংও থাকিব। এই সমগ্ৰ অট্টালিকাটোৰ মুঠ কভাৰ্ড এৰিয়া প্ৰায় ১,০১৪ বৰ্গ মিটাৰ বুলি কোৱা হৈছে। ছলমান খানৰ পৰিয়ালে এই বহুমূলীয়া প্লটটো ২০১১ চনতেই ক্ৰয় কৰিছিল, যিটো তেওঁৰ মাতৃৰ নামত পঞ্জীয়ন কৰা আছে। এতিয়া এই ঠাইত নিৰ্মাণৰ কামে দ্ৰুতগতিত আগবাঢ়িছে, যিটো অতি সোনকালে সম্পূৰ্ণ কৰা হ’ব।

ছলমান খানৰ এই প্ৰজেক্টৰ আটাইতকৈ ডাঙৰ বাধা আছিল ‘কোষ্টেল ৰেগুলেচন জ’ন’ (CRZ)-ৰ অনুমতি। সাগৰৰ পাৰত অৱস্থিত হোৱাৰ বাবে ‘মহাৰাষ্ট্ৰ কোষ্টেল জ’ন মেনেজমেণ্ট অথৰিটি’ৰ অনুমতি পোৱাটো অত্যন্ত প্ৰয়োজনীয় আছিল। অৱশেষত ১৬ জুনত এই অনুমতি পোৱা গৈছে। অনুমতি পোৱাৰ পিছত এতিয়া এই বিলাসী অট্টালিকাটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। এই সুৰক্ষিত আৰু সুন্দৰ অট্টালিকাটো সম্পূৰ্ণ হোৱাৰ লগে লগে বলিউডৰ তাৰকা ছলমান খানে তেওঁৰ সমগ্ৰ পৰিয়ালৰ সৈতে ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ পৰাল স্থানান্তৰিত হ’ব।

উল্লেখ্য যে, ছলমান খানৰ বৰ্তমানৰ ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ বাহিৰত ২০২৪ চনত দুজন বাইক আৰোহীয়ে হঠাতে গুলীবৰ্ষণ কৰিছিল, যাৰ দায়িত্ব বিষ্ণৈ গেঙে লৈছিল। এই ভয়ংকৰ ঘটনাৰ পিছত চৰকাৰে ছলমান খানৰ নিৰাপত্তা তাৎক্ষণিকভাৱে বৃদ্ধি কৰি ‘ৱাই প্লাছ’ (Y+) শ্ৰেণীলৈ উন্নীত কৰিছিল। অৱশ্যে, এই নতুন ঘৰটোলৈ স্থানান্তৰিত হোৱাৰ বিষয়ত এতিয়ালৈকে ছলমান বা তেওঁৰ দলৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য অহা নাই।

লগতে পঢ়ক: সকলো অভিলেখ ভংগ কৰিবলৈ আহি আছে ‘বাহুবলী ৩’; প্ৰভাসে দিলে ডাঙৰ ইংগিত

আদালতত ছলমান খানৰ আবেদন; ‘কালা হিৰণ ছবিখনত তাৎক্ষণিক নিষেধাজ্ঞাৰ দাবী

বলীউডৰ অভিনেতা ছলমান খানে ব্যক্তিত্বৰ অধিকাৰ খৰ্বৰ বিষয়টো উত্থাপন কৰিছে। কালা হিৰণ ছবিখনৰ নিৰ্মাতাসকলে তেওঁৰ জনপ্ৰিয়তাৰ শোষণ কৰিছে বুলিও অভিযোগ কৰিছে।

ছলমান খানৰ ছবি ‘কালা হিৰণ: দ্য বেটেল ফৰ লেগেচি’ ৰ নিৰ্মাণ আৰু মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাই বলীউডৰ অভিনেতা গৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। ছলমান খানৰ অভিযোগ যে ছবিখনৰ পোষ্টাৰে তেওঁৰ ব্যক্তিত্বৰ অধিকাৰৰ স্পষ্ট উলংঘন কৰিছে আৰু তেওঁৰ নাম, ছবি তথা ৰাজহুৱা পৰিচয় বাণিজ্যিক লাভৰ বাবে অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে। ছলমান খানে কৈছে যে এই আগন্তুক ছবিখন আৰু ইয়াৰ সৈতে জড়িত প্ৰচাৰ সামগ্ৰীসমূহে তেওঁৰ ব্যক্তিত্বৰ অধিকাৰ খৰ্ব কৰিছে, যাৰ ফলত তেওঁৰ প্ৰতিষ্ঠা আৰু আইনী অধিকাৰ প্ৰভাৱিত হ’ব পাৰে।

ছলমান খানে ছবিখনৰ প্ৰযোজক অমিত জানী, জানী ফায়াৰফক্স ফিল্মছ, ভৰত শ্ৰীনেট, অক্ষয় পাণ্ডে আৰু ছবিখনৰ সৈতে জৰিত অন্যান্য লোকসকলৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে। তেওঁৰ অভিযোগ যে ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰচাৰত তেওঁৰ পৰিচয়ৰ সৈতে জড়িত উপাদানসমূহ ব্যৱহাৰ কৰা হৈছে। আবেদনখনত উল্লেখ কৰা হৈছে যে ছবিখনৰ পোষ্টাৰত দেখুওৱা চৰিত্ৰটো ছলমান খানৰ সৈতে বহু পৰিমাণে মিলে। পোষ্টাৰখনত থকা ব্যক্তিজনক ছলমানৰ বিখ্যাত নীলা ব্ৰেছলেটৰ দৰে এডাল ব্ৰেছলেট পিন্ধি বন্দুক ধৰি থকা দেখুওৱা হৈছে। ছলমানৰ মতে, ইয়াৰ দ্বাৰা ৰাইজৰ মাজলৈ এই বাৰ্তাই যায় যে ছবিখন তেওঁৰ ওপৰতেই আধাৰিত।

তেওঁ লগতে কয় যে অস্ত্ৰ আইন গোচৰত তেওঁ ইতিমধ্যে আদালতৰ পৰা সকাহ লাভ কৰিছে, কিন্তু পোষ্টাৰখনত বন্দুকৰ সৈতে তেওঁৰ দৰে অবয়ব দেখুৱাই এক ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে। ছলমান খানে আবেদনখনত উল্লেখ কৰিছে যে কৃষ্ণসাৰ হৰিণ গোচৰৰ সৈতে জড়িত কিছুমান গোচৰ এতিয়াও ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত এই বিষয়টোক লৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু ইয়াৰ প্ৰচাৰ কৰিলে ন্যায়িক প্ৰক্ৰিয়া প্ৰভাৱিত হ’ব পাৰে। তেওঁৰ মতে, ছবিখনৰ জৰিয়তে মানুহৰ মনত পূৰ্বৰে পৰা এটা ধাৰণা গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে।

আবেদনখনত এইটোও কোৱা হৈছে যে ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ে ছলমান খানৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰি নিৰ্দেশ দিছিল যে অনুমতি অবিহনে তেওঁৰ ফটো, নাম, কণ্ঠস্বৰ বা তেওঁৰ সৈতে জড়িত পৰিচয় ব্যৱহৰ কৰিব নোৱাৰিব। ছলমানৰ অভিযোগ যে এই প্ৰস্তাৱিত ছবিখনে সেই নিৰ্দেশ উলংঘন কৰিছে।

ছলমান খানৰ মতে, ২০২৬ চনৰ এপ্ৰিল মাহত ছবিখনৰ সৈতে জড়িত ব্যক্তিসকললৈ আইনী জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতো ছবিখনৰ প্ৰচাৰ চলাই থকা হ’ল। আবেদনখনত দাবী কৰা হৈছে যে প্ৰযোজক অমিত জানীয়ে ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট আৰু ভিডিঅ’ মুকলি কৰি নিজেই স্বীকাৰ কৰিছে যে ছবিখন কৃষ্ণসাৰ হৰিণ গোচৰ আৰু ছলমান খানৰ সৈতে জড়িত ঘটনাৱলীৰ ওপৰত আধাৰিত। গোচৰটোৰ চূড়ান্ত ৰায় প্ৰকাশ নোহোৱালৈকে ছবিখনৰ নিৰ্মাণ, শ্বুটিং, প্ৰচাৰ, বিতৰণ, ষ্ট্ৰীমিং আৰু মুক্তিৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ ছলমান খানে আদালতৰ ওচৰত দাবী জনাইছে। ইয়াৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্য, পোষ্টাৰ, কাষ্টিং আৰু অন্যান্য প্ৰচাৰ সামগ্ৰীৰ প্ৰসাৰ ৰোধ কৰিবলৈও নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক: ২৭১ কোটি অৰ্জন কৰি আলোড়ন সৃষ্টি ‘পেড্ডী’ৰ; ১০খন ছবিৰ অভিলেখ ভংগ

“৬০ বছৰীয়া, কিন্তু যুঁজিব পাহৰা নাই,জ্বলাই ছাই কৰি দিম”; কিয় খঙত অগ্নিশৰ্মা হ’ল ছলমান খান

মঙলবাৰে নিশা বলীউডৰ অভিনেতা ছলমান খানে সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰিছে। হঠাৎ খঙত অগ্নিশৰ্মা হৈ কাক লৈ এই পোষ্ট দিলে ছলমান খানে।

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আজিকালি ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে।তেওঁ নিসংগতাৰ পৰা আৰম্ভ কৰি জীৱনলৈকে সকলো কথাই শ্বেয়াৰ কৰে।

কিন্তু মঙলবাৰৰ নিশাৰ পৰা সামাজিক মাধ্যমত খঙত অগ্নিশৰ্মা হৈ ছলমান খানে কেইবাটাও পোষ্ট শ্বেয়াৰ কৰিছে। দৰাচলতে ১৯ তাৰিখে সন্ধিয়া ট্ৰেফিক চিগনেলত ছলমান খানক দেখা পোৱাৰ পিছত একাংশ পাপাৰাজী ফটোগ্ৰাফাৰে তেওঁৰ পিছে পিছে যায়।অভিনেতাগৰাকী মুম্বাইৰ হিন্দুজা হাস্পতাললৈ গৈ আছিল।চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত পাপাৰাজীয়ে তেওঁক ‘ভাই-ভাই’ বুলি চিঞৰি থকাত ছলমান খানৰ খং উঠে আৰু তেওঁলোকক ধমক দিয়ে।চিকিৎসালয়ৰ বাহিৰত এনে হুলস্থুলৰ সৃষ্টি কৰাটো ভুল বুলিও অভিনেতা গৰাকীয়ে উল্লেখ কৰে।

এই ঘটনা সন্দৰ্ভত অভিনেতা গৰাকীয়ে ছ’চিয়েল মিডিয়াত অসংখ্য পোষ্ট শ্বেয়াৰ কৰিছে। এই সকলোবোৰ দৃষ্টান্ততে ছলমানে পাপাৰাজীক সতৰ্কবাণী জাৰি কৰি ধমক দি অসন্তুষ্টি প্ৰকাশ কৰিছে।অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰামত চাৰিখন ভিন্ন ফটোৰ সৈতে  পোষ্ট কৰিছে। তেওঁ লিখিছে-“যদি মই চিকিৎসালয়ত কোনো প্ৰেছ কৰ্মীয়ে মোৰ দুখত ধেমালী কৰা দেখো, তেন্তে এইটো মনত ৰাখিব…যিসকল প্ৰেছ সদস্যৰ হৈ মই থিয় দিছিলো,যিসকলৰ লগত মই যোগাযোগ কৰিছিলো, যাৰ যত্ন লৈছিলো, আৰু যাক মই জীৱিকা উপাৰ্জনৰ সুযোগ দিছিলো।”

দ্বিতীয়টো পোষ্টত তেওঁ লিখিছে, “মই ষাঠি বছৰ সম্পূৰ্ণ কৰিলোঁ, কিন্তু যুঁজিব পাহৰা নাই।এইটো মনত ৰাখিবা।জেলত ভৰাই দিব? হা হা হা…”। ইয়াৰ উপৰিও আন এটা পোষ্টৰ লগতে তেওঁ লিখিছে:”মই এইবোৰৰ এশটাক জ্বলাই দিম। যেতিয়াই আপোনাৰ কোনোবা হস্পিতালত থাকিব, মইও ঠিক একেদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিমনে? এইটো ঠাট্টা নকৰিবা। ইয়াক মনোৰঞ্জন বুলি নাভাবিব। শেষত আন এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে:”কিন্তু যদি আপোনালোকে মোৰ লোকচানৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে, তেন্তে মনে মনে কৰক।ঠাট্টা নকৰিব। ইয়াক মনোৰঞ্জন বুলি নাভাবিব। ভাই, ভাই, ভাই… এইখন চিনেমা নহয়… ছবিখন বেছি গুৰুত্বপূৰ্ণ নেকি, নে জীৱনটো?”

লগতে পঢ়ক: ‘যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে’;  নিসংগ হৈ পৰিছে নেকি ছলমান খান?

‘যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে’;  নিসংগ হৈ পৰিছে নেকি ছলমান খান?

ছলমান খানৰ শেহতীয়া এটা পোষ্টে ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰেছে। যদিও ছালমান খানে চাৰ্টবিহীন ফটোখনত নিজৰ শৰীৰ আৰু এবছ প্ৰদৰ্শন কৰি আছে, কিন্তু তেওঁ দিয়া কেপচনটোতে অনুৰাগীক বিচলিত কৰিছে।

নিজৰ স্বভাৱ সলনি কৰাৰ লগতে ছচিয়েল মিডিয়াত হঠাৎ অত্যন্ত সক্ৰিয় হৈ পৰিছে বলীউডৰ অভিনেতা ছলমান খান।শেহতীয়াকৈ ছলমান খানে ছ’চিয়েল মিডিয়াত ৰহস্যময় কেপচনৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে।ফটোখনৰ পৰা অনুমান কৰিব পাৰি যে ‘দবাং খান’ এ তেওঁৰ হৃদয়ত কিছু বেদনা লৈ ফুৰিছে।

ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত চাৰ্টবিহীন এখন ফটো শ্বেয়াৰ কৰিছে।ছবিখনত ‘দবাং খান’ক চোফা এখনত বহি থকা দেখা গৈছে।চেহেৰাৰ পৰা বিচাৰ কৰিলে তেওঁ গভীৰ চিন্তাত সোমাই পৰাৰ দৰে অনুভৱ হয়।

ফটোখন শ্বেয়াৰ কৰি ছলমান খানে কেপচনত লিখিছে— মোৰ মতে নিজৰ লগত থকাৰ দুটা উপায় আছে—অকলে থাকক, বা নিসংগতাত বাস কৰক।অকলশৰীয়া ব্যক্তি এগৰাকীয়ে নিজৰ মতে থাকিব পাৰে, কিন্তু অকলশৰীয়া তেতিয়া অনুভৱ কৰে, যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে।এতিয়া, ইয়াৰ পিছত কি কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল।

ছলমান খানৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে কৈছে যে ৬০ বছৰ বয়সত নিসংগতাত ভুগিছে ছলমান খান।  

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল  সঞ্জয় দত্তৰ বিতৰ্কিত ছবি ‘আখৰী সাৱাল’

“কিছু সময় ধৈৰ্য ধৰক…”; ২৭ চনৰ ঈদক লৈ ছলমান খানৰ ডাঙৰ ঘোষণা

ছলমান খানৰ ছবি ‘মাতৃভূমি’ ৰ মুক্তিৰ দিন এতিয়াও ঘোষণা কৰা নাই। ইফালে অভিনেতাগৰাকীয়ে ইতিমধ্যে ঈদ ২০২৭ বুকিং কৰিছে।

যেতিয়াই বলীউডৰ ‘চুলতান’ ছলমান খানে এখন ছবি মুক্তি দিয়ে,তেতিয়া তেওঁৰ অনুৰাগী সকলে ছবিখনক লৈ এক উৎসৱৰ দৰে আনন্দ কৰে। ছলমান খান আৰু ‘ঈদ’ৰ মাজৰ সম্পৰ্ক ইমানেই গভীৰ যে, অনুৰাগী সকলে প্ৰতিবছৰে এই সময়ত তেওঁৰ ছবিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। এতিয়া অভিনেতাগৰাকীয়ে তেওঁৰ পৰৱৰ্তী ডাঙৰ ছবি সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে।

এইবাৰ ছলমান খানে ২০২৭ চনৰ বাবে পৰিকল্পনা কৰিছে।তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে-তেওঁৰ আহিব লগীয়া একচন-থ্ৰিলাৰ ছবিখন ২০২৭ চনৰ ঈদ উপলক্ষে ছবিগৃহত মুক্তি পাব।এইবাৰ ভাইজানে দক্ষিণ ভাৰতৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বামশী পাইডিপল্লী আৰু প্ৰবীণ প্ৰযোজক দিল ৰাজুৰ সৈতে হাত মিলাইছে।

ছলমান খানে ছবিখনৰ মুক্তিৰ তাৰিখ শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ অনুৰাগীৰ বাবে এটা বিশেষ বাৰ্তাও লিখিছে।তেওঁ পোষ্টটোত লিখিছে যে, ‘অলপ দূৰদৰ্শিতাৰ প্ৰয়োজন,সেইবাবেই ঈদৰ ঘোষণা কৰা হ’ল।চিন্তা নকৰিব, এইটোৰ বিষয়েও ক’ম,যেতিয়া সময় সঠিক হয়,ধৈৰ্য্য—মাত্ৰ অলপ সময়,মোৰ দৰেই তেওঁলোকেও অপেক্ষা কৰিব লাগিব।যি নহওক,আপোনালোকৰ যি পৰিস্থিতি, মোৰো একেই…।

লগতে পঢ়ক: গৰ্ভধাৰণৰ বাবে ‘ৰাকা’ ছবিৰ পৰা বাদ দিয়া হ’ব নেকি দীপিকা পাডুকনক?  

জন্মদিনৰ দিনাই বলীউডৰ ভাইজানে অনুৰাগীক দিলে ডাঙৰ উপহাৰ…

৬০ বছৰীয়া জন্মদিনত অনুৰাগীক এটা ডাঙৰ উপহাৰ দিয়ে বলীউডৰ ভাইজানে । টিজাৰত ছলমান খানক তেওঁৰ এতিয়ালৈকে আটাইতকৈ শক্তিশালী ৰূপত দেখা গৈছে ।

বলীউডৰ ছুপাৰষ্টাৰ, বলীউডৰ ভাইজান ছলমান খানে তেওঁৰ ৬০ বছৰীয়া জন্মদিনত অনুৰাগীক এটা ডাঙৰ উপহাৰ দিয়ে । বলীউডৰ ভাইজানৰ জন্মদিনৰ দিনাই মুক্তি পালে তেওঁৰ বহু প্ৰত্যাশিত ছবি “বেটল অৱ গালৱান”ৰ টিজাৰ । এয়া কেৱল জন্মদিনৰ উপহাৰ নহয়, আমাৰ সীমান্তত পহৰা দি থিয় হৈ থকা ভাৰতীয় সৈনিক আৰু তেওঁলোকৰ অটল সাহসলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি ।

“বেটল অৱ গালৱান”ৰ টিজাৰ মুকলি-

“বেটল অৱ গালৱান”ৰ টিজাৰত ভাইজানক তেওঁৰ এতিয়ালৈকে আটাইতকৈ শক্তিশালী ৰূপত দেখা গৈছে । তেওঁ এজন ভাৰতীয় সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁৰ মুখৰ কঠোৰ, খঙাল আৰু শান্ত অথচ শক্তিশালী ৰূপে বহু কথাই কয় । বিশেষকৈ ভিডিঅ’টোৰ অন্তিম মুহূৰ্তবোৰত তেওঁৰ প্ৰত্যক্ষ দৃষ্টি, যেন দৰ্শকৰ সৈতে কথা পাতিছে, গভীৰ প্ৰভাৱ পেলাইছে ।

টিজাৰটোৰ সহজ অথচ শক্তিশালী আভাসে হৃদয় আৰু মনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । ইয়াৰ উপৰিও উচ্চ উচ্চতাৰ যুদ্ধৰ কঠোৰ ভূখণ্ড আৰু প্ৰকৃত বাস্তৱতাক স্পষ্টভাৱে চিত্ৰিত কৰা হৈছে ।

“বেটল অৱ গালৱান”ৰ টিজাৰটোক আৰু অধিক উন্নত কৰিছে ষ্টেবিন বেনৰ কণ্ঠই, যিয়ে নিস্তব্ধতাক বিন্ধি এক পৰিসৰৰ আৱেগক উদগনি দিয়ে । হৃদয়স্পৰ্শী সুৰেৰে হিমেশ ৰেছামিয়াৰ শক্তিশালী পটভূমিৰ স্কোৰে ভিজুৱেলৰ প্ৰামাণ্যতাক গভীৰতা বৃদ্ধি কৰে । এইখন কেৱল যুদ্ধৰ ছবি নহয়; ই আমাক সংঘাতৰ মূল্য, সীমান্তত থিয় হৈ থকা সৈনিকৰ সাহস আৰু এই কথাটো মনত পেলাই দিয়ে যে সাহস অমৰ হ’ব পাৰে যদিও প্ৰকৃত বিজয় শেষত শান্তিত নিহিত হৈ থাকে ।

লগতে পঢ়ক : বিশেষ হ’ব ভাইজানৰ ৬০ বছৰীয়া জন্মদিন… ফাৰ্ম হাউচত ব্যাপক আয়োজন !

বিশেষ হ’ব ভাইজানৰ ৬০ বছৰীয়া জন্মদিন… ফাৰ্ম হাউচত ব্যাপক আয়োজন !

২৭ ডিচেম্বৰত ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিব বলীউডৰ ভাইজান ছলমান খানে । তাৰকাগৰাকীৰ জন্মদিন উদযাপনক লৈ উৎকণ্ঠিত অনুৰাগী ।

বলীউডৰ ছুপাৰষ্টাৰ তথা ভাইজান ছলমান খানৰ প্ৰতি অনুৰাগীৰ এক বিশেষ টান আছে । ২৭ ডিচেম্বৰত ভাইজানে ৬০ সংখ্যক জন্মদিন উদযাপন কৰিব । প্ৰতি বছৰে দাবাং খানৰ জন্মদিনক লৈ অনুৰাগীসকল উৎকণ্ঠিত হৈ থাকে । ভাইজানে তেওঁৰ জন্মদিন ক’ত কেনেকৈ পালন কৰিব তাকে লৈ অনুৰাগীসকল সদায় আগ্ৰহী হৈ থাকে ।

ছলমান খানৰ ৬০ বছৰীয়া জন্মদিন উদযাপন-

প্ৰতি বছৰৰ দৰেই ছলমান খানৰ জন্মদিন উদযাপন একেই পুৰণি পদ্ধতিৰে, ব্যক্তিগত পাৰ্টিৰে হ’ব । সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে পুনৰবাৰ নিজৰ পানভেল ফাৰ্ম হাউচত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এক সৰু গেট টুগেদাৰ আয়োজন কৰিব ।

প্ৰতি বছৰৰ দৰে ভাইজানে নিজৰ পানভেল ফাৰ্মহাউচত ব্যক্তিগত পাৰ্টী অনুষ্ঠিত কৰিব । পৰিয়ালৰ উপৰিও তেওঁৰ লগত কাম কৰা ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিচালকসকলক নিমন্ত্ৰণ কৰা হ’ব । জানিব পৰা মতে, বৃহৎ সমাৱেশতকৈ পুৰণি পেছাদাৰী আৰু ব্যক্তিগত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতিথি তালিকাখন সৰু কৰি ৰাখিব ভাইজানে ।

জন্মদিনক লৈ বিশেষ পৰিকল্পনা কৰা হৈছে । তেওঁৰ সকলো পৰিচালকৰ বাৰ্তাৰে এটা বিশেষ ভিডিঅ’ তৈয়াৰ কৰা হৈছে, য’ত তেওঁৰ চলচ্চিত্ৰ যাত্ৰা আৰু তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰা হৈছে ।

পাপ্পাৰাজীৰ সৈতে কাটিব কেক-

কোটি কোটি লোকৰ মৰম তথা আকাশচুম্বী জনপ্ৰিয়তা, সফলতা লাভ কৰাৰ পিছতো কিন্তু ছলমান খান সদায়ে মাটিৰ মানুহ হৈ থাকিব বিচাৰে । তেওঁ সদায় নিজৰ ফাৰ্ম হাউচত আপোনজনৰ সৈতে জন্মদিন পালন কৰে । পাৰ্টি আৰম্ভ হোৱাৰ আগতে তেওঁ পৰম্পৰাগতভাৱে পাপ্পাৰাজীৰ সৈতে কেক কাটে । এইবাৰো তেওঁৰ জন্মদিন উদযাপন একেধৰণৰ হ’ব ।

লগতে পঢ়ক : ২০২৬ৰ জানুৱাৰী মাহত অটিটি প্লেটফৰ্মত মুক্তি পাব বহু প্ৰত্যাশিত এই ছবিসমূহ…

দিল্লী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টোকৰ ছলমান খানৰ; ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী

ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ছুপাৰষ্টাৰ ছলমান খান।

বলীউডৰ বহু তাৰকাই যোৱা কেইমাহমানৰ পৰা নিজৰ ব্যক্তিত্বৰ অধিকাৰৰ বাবে আদালতৰ কাষ চাপিছে।এতিয়া বলীউডৰ ভাইজান ছলমান খানৰ নামো এই তাৰকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে,যাৰ ওপৰত ১১ ডিচেম্বৰত অৰ্থাৎ কাইলৈ শুনানি গ্ৰহণ কৰা হ’ব।

ছলমানে খানে দাবী জনাইছে যে,তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, পৰিচয় আৰু কণ্ঠ ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব।

ছলমান খানৰ পূৰ্বে জেকী শ্ৰফ, অনিল কাপুৰ, কৰণ জোহৰ, হৃতিক ৰোশন, অজয় ​​দেৱগান, শিল্পা শ্বেট্টী, ঐশ্বৰ্য ৰায় আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাই নিজৰ ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ কাষ চাপিছে।

নিজৰ গোপনীয়তা আৰু ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতত আন্দোলন কৰি অহা চেলিব্ৰিটিসকলে নিজৰ আবেদনত কয় যে তেওঁলোকৰ নাম, কণ্ঠ, অভিব্যক্তি আৰু অন্যান্য চিনাক্তকৰণ বৈশিষ্ট্যৰ অপব্যৱহাৰ কৰি থকা হৈছে।

চেলিব্ৰিটিসকলৰ মতে তেওঁলোকৰ অনুমতি অবিহনে নিজৰ পৰিচয়, ফটো, কণ্ঠ বা যিকোনো বৈশিষ্ট্য ব্যৱহাৰ কৰাটো তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা।

তেওঁলোকে এই অপব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাইছে।ইয়াৰ ভিতৰত AI-উৎপন্ন ডিপফেক ছবি আৰু ভিডিঅ’, বিভ্ৰান্তিকৰ বিজ্ঞাপন, ভুৱা ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স (পূৰ্বতে টুইটাৰ) আৰু ই-কমাৰ্চ ৱেবছাইটত ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইল তৈয়াৰ কৰাও অন্তৰ্ভূক্ত হৈ আছে।

লগতে পঢ়ক: আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্ট… মাতৃ ঐশ্বৰ্যই স্পষ্ট কৰি জনালে আহ্বান

ছলমান খানৰ মন্তব্যক লৈ ক্ষুব্ধ পাকিস্তান; ভাইজানক সন্ত্ৰাসবাদী ঘোষণা

ছলমান খানৰ মন্তব্যক লৈ ক্ষুব্ধ পাকিস্তান

বলীউডৰ অভিনেতা ছলমান খানৰ এক বক্তব্যই পাকিস্তানত তুলপাৰ লগাইছে।চৌদি আৰৱত অভিনেতাগৰাকীৰ এটা বক্তব্যত পাকিস্তানে ইমানেই অস্বস্তিত পৰিল যে ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে।

শেহতীয়াকৈ ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদত অনুষ্ঠিত জয় ফ’ৰাম ২০২৫ নামৰ এক অনুষ্ঠানত অংশ লৈছিল অভিনেতা গৰাকীয়ে।

এই সময়ছোৱাত শ্বাহৰুখ খান আৰু আমিৰ খানও তেওঁৰ সৈতে মঞ্চত উপস্থিত আছিল।এইটো আছিল এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান য’ত মধ্যপ্ৰাচ্যত ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বিষয়ে আলোচনা হৈছিল।

এই সময়ত ছলমানে নিজৰ ভাষণত মধ্যপ্ৰাচ্যত বিশেষকৈ চৌদি আৰৱত কাম কৰা দক্ষিণ এছিয়ান সম্প্ৰদায়ৰ কথা উল্লেখ কৰে।

ছলমানে কৈছিল যে এইসকল বেলুচিস্তানৰ লোক,আফগানিস্তানৰ মানুহ, পাকিস্তানৰ মানুহ, চৌদি আৰৱত সকলোৱে কঠোৰ পৰিশ্ৰম কৰি আছে।

এই বিবৃতিত ছলমানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক অঞ্চল বা দেশ বুলি উল্লেখ কৰিছে।পাকিস্তানৰ বাবে এইটো এটা স্পৰ্শকাতৰ বিষয়,কাৰণ বেলুচিস্তানত দীৰ্ঘদিন ধৰি বেলুচ বিচ্ছিন্নতাবাদী আন্দোলন চলি আহিছে।

বেলুচ জনসাধাৰণে নিজৰ স্বতন্ত্ৰ পৰিচয় আৰু নিজৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰে আৰু পাকিস্তানে ইয়াক নিজৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে বুলি বিবেচনা কৰে।

ৰিয়াদত অনুষ্ঠিত হোৱা পেনেল আলোচনাৰ সময়ত ছলমানে কৈছিল যে,চাওক এতিয়া যদি আপুনি এখন হিন্দী ছবি বনাই আৰু ইয়াত চৌদি আৰবত মুক্তি দিয়ে,তেতিয়া ছুপাৰহিট হৈ পৰিব।

যদি আপুনি তামিল ছবি বা তেলেগু ছবি বা মালয়ালম ছবি নিৰ্মাণ কৰে,তেন্তে সেইটো কেৱল এই বেল্টতহে,অৰ্থাৎ তেওঁলোকে কেৱল জিচিচি বেল্টত শ শ কোটি টকাৰ ব্যৱসায় কৰিব কাৰণ আমাৰ দেশৰ পৰা ইমানবোৰ মানুহ ইয়ালৈ আহিছে।ইয়াত বেলুচিস্তানৰ মানুহ, আফগানিস্তানৰ মানুহ, পাকিস্তানৰ মানুহ আছে।

অভিনেতা ছলমানৰ এই বক্তব্যৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ইয়াৰ পিছত পাকিস্তানত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে এই বক্তব্যক ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে।

এই সন্দৰ্ভত পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি ছলমান খানৰ নাম সন্ত্ৰাসবাদ বিৰোধী আইনৰ চতুৰ্থ সূচীত অন্তৰ্ভুক্ত কৰা হয়।এই সূচীত সন্ত্ৰাসবাদৰ সৈতে জড়িত বুলি সন্দেহ কৰা লোকসকলক ব্লেকলিষ্ট কৰা হয়।

লগতে পঢ়ক:পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি; আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে গ্ৰীণ চিগনেল